শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

১৩০ সংখ্যক সংশোধনী বিধেয়কৰ ভুল বাখ্যা কৰিছে বিৰোধীয়ে! মুখ্যমন্ত্ৰীয়ে জনালে এই আহ্বান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই বিধেয়কখনক গণতন্ত্রৰ প্রতি জনসাধাৰণৰ আস্থা ঘূৰাই অনাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধী দলসমূহে বিধেয়কৰ ভুল ব্যাখ্যা কৰিছে বুলি মন্তব্য কৰে।

১৩০ সংখ্যক সংশোধনী বিধেয়কৰ ভুল বাখ্যা কৰিছে বিৰোধীয়ে! মুখ্যমন্ত্ৰীয়ে জনালে এই আহ্বান
বিৰোধীলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰImage Credit source: PTI
Monjit Dutta
Monjit Dutta | Updated On: 22 Aug 2025 14:18 PM

বুধবাৰে লোকসভাত সংবিধান (১৩০ সংশোধনী) বিধেয়ক উত্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বিধেয়কৰ জৰিয়তে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকল যদি কোনো গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ হয় আৰু ৩০ দিনৰ বাবে জিম্মাত থাকে, তেতিয়া তেওঁলোকক অপসাৰণ কৰাৰ অনুমতি দিব বিচৰা হৈছে। লোকসভাত এই বিধেয়ক উত্থাপনৰ পিছতে সৃষ্টি হয় ব্যাপক প্ৰতিবাদৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই বিধেয়ক উত্থাপন কৰাৰ পিছতে সংসদত এক হুলস্থুলীয় পৰিৱেশৰ সৃষ্টি হয় প্ৰতিবাদত নামি পৰে বিৰোধী

বিৰোধীয়ে এই বিধেয়কখনক সংবিধান আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিৰোধী বুলি অভিহিত কৰিছে। বিৰোধীৰ এই প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে ১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্রতিবাদ কৰা বিৰোধীক এই সন্দৰ্ভত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই বিধেয়কখনক গণতন্ত্রৰ প্রতি জনসাধাৰণৰ আস্থা ঘূৰাই অনাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে৷ আজি কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে সংবাদমেলত তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধী দলসমূহে বিধেয়কৰ ভুল ব্যাখ্যা কৰিছে বুলি মন্তব্য কৰে

এই বিধেয়কৰ ফলত কোনো নিৰ্বাচিত চৰকাৰৰ বাবে কোনো বিপদ নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়,এই বিধেয়ক গণতন্ত্ৰ আৰু শাসন ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা ঘূৰাই অনাৰ দিশত এক পদক্ষেপ। বিৰোধীয়ে এই বিষয়ত পুনৰ বিবেচনা কৰাৰ লগতে সমৰ্থন কৰা উচিত।

তেওঁ লগতে জিম্মাত থকা এই ৩০ দিনত অভিযুক্তৰ হাতত প্ৰত্যাহ্বান জনোৱাৰ একাধিক আইনী বিকল্প থাকিব বুলি আঙুলিয়াই দিয়ে। বিৰোধীয়ে এই বিধেয়কৰ জৰিয়তে নিৰ্বাচিত চৰকাৰ ভংগ কৰিব বিচৰা বুলি কৰা দাবী সম্পূৰ্ণ ভুল ব্যাখ্যা বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।