শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিটিচি নিৰ্বাচনৰ পাছতহে কিবা এটা হ’ব, মুখ্য়মন্ত্ৰীৰ মতে এছ আই টি প্ৰতিবেদন ‘অতি বিস্ফোৰক’

শুকুৰবাৰে সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ সন্দৰ্ভত বিশেষ তদন্তকাৰী দলৰ প্ৰতিবেদনৰ প্ৰসংগ উল্লেখ কৰি ইয়াক “অতি বিস্ফোৰক” ৯৬ পৃষ্ঠাৰ নথি বুলি অভিহিত কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিটিচি নিৰ্বাচনৰ পাছতহে কিবা এটা হ’ব, মুখ্য়মন্ত্ৰীৰ মতে এছ আই টি প্ৰতিবেদন ‘অতি বিস্ফোৰক’
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook Page
raj-saikia
Raj Saikia | Published: 12 Sep 2025 14:09 PM

গৌৰৱ গগৈৰ কথিত পাকিস্তানৰ সৈতে সম্পৰ্কৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে দাখিল কৰা তদন্তৰ প্ৰতিবেদনত কি আছে? সেয়া জানিবলৈ ব্যাপকভাৱে উৎসুক হৈ আছে ৰাজ্যৰ জনতা। যোৱা ১০ ছেপ্টেম্বৰত এই প্ৰতিবেদন মুখ্যমন্ত্ৰীক দাখিল কৰিছিল বিশেষ তদন্তকাৰী দলে।

তাৰ পাছতেই পূৰ্বে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ দৰে ১০ ছেপ্টেম্বৰৰ সন্ধিয়া মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰণ ঘটাব বুলি বহুতেই ভাবিছিল যদিও সেয়া নহ’ল। মুখ্যমন্ত্ৰীয়ে জনাইছে যে তেওঁ এই প্ৰতিবেদনখন পঢ়িছে আৰু তাত কেতবোৰ বিস্ফোৰক তথ্য় আছে। কি আছে, সেয়া তেওঁ বিতংভাৱে এতিয়াই জনোৱা নাই।

শুকুৰবাৰে সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ সন্দৰ্ভত বিশেষ তদন্তকাৰী দলৰ প্ৰতিবেদনৰ প্ৰসংগ উল্লেখ কৰি ইয়াক “অতি বিস্ফোৰক” ৯৬ পৃষ্ঠাৰ নথি বুলি অভিহিত কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এছ আই টিয়ে ভাৰতৰ সাৰ্বভৌমত্ব সম্পৰ্কীয় অসংখ্য নথি উদ্ধাৰ কৰিছে। “আমাৰ দেশৰ উন্নয়ন প্ৰক্ৰিয়াক বদনাম কৰিবলৈ কাম কৰা এক প্ৰকাৰৰ কাৰ্টেল। এই সমগ্ৰ কাৰ্টেলৰ ভিতৰত এজন পাকিস্তানী নাগৰিক আৰু সাংসদগৰাকীৰ ব্ৰিটিছ পত্নীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছে।” মুখ্যমন্ত্ৰীয়ে দাবী কৰে।

তেওঁ আৰু উল্লেখ কৰে যে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ (BTC) নিৰ্বাচন সমাপ্ত হোৱাৰ পাছত কেবিনেটে এই প্রতিবেদনৰ ওপৰত আলোচনা কৰি অধিক ব্যৱস্থা লোৱাৰ সিদ্ধান্ত ল’ব ৷

এছ আই টিৰ প্ৰতিবেদনে অসমত ৰাজনৈতিক বিতৰ্কৰ সূচনা কৰিছে, শাসকীয় দলে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। ইফালে বিৰোধীয়ে স্বচ্ছতা আৰু জবাবদিহিতাৰ আহ্বান জনাইছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ কথিত পাকিস্তানী সম্পৰ্কৰ তদন্ত কৰি থকা এছ আই টিয়ে দাখিল কৰা প্ৰতিবেদনখন প্ৰথমে পুনৰীক্ষণ কৰিব আৰু তাৰ পাছতহে ৰাজহুৱা কৰা হ’ব।

ইফালে, বুধবাৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মনে সজা অভিযোগ তুলি জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে।

আনহাতে কালি হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই প্ৰতিবেদন সন্দৰ্ভত কয়- “এছ আই টি প্ৰতিবেদন! এখন ৯৬ পৃষ্ঠাজোৰা দস্তাবেজ— সীমিত সমলেৰে প্ৰস্তুত কৰা যদিও এই প্রতিবেদনখনে বহু সত্য উন্মোচন কৰিছে। প্রতিবেদনখনৰ কেইটামান বিশেষ বাক্যই মনটো গধুৰ কৰি তুলিলে, আৰু ভাবিবলৈ বাধ্য কৰালে যে কিমান সহজে মানুহে শিপা পাহৰি কেৱল নিজৰ অভিপ্রায় সিদ্ধিৰ বাবে উত্তৰ প্রজন্মৰ ভৱিষ্যতকো বিনিময় কৰিবলৈ কুণ্ঠাবোধ নকৰে।

আমাৰ দুখ এগৰাকী পিতৃৰ পতনৰ বাবে নহয়, দুটি নিষ্পাপ সন্তানৰ ভৱিষ্যতৰ কণ্ঠ মূক কৰি তোলাক লৈহে। সেই দুটি সন্তানৰ পৰা কি কাঢ়ি নিয়া হৈছে— তাক উপলব্ধি কৰিবলৈও তেওঁলোকৰ বয়স কম। মোৰ প্ৰাৰ্থনা তেওঁলোকৰ সৈতে সদায় থাকিব।”

এই পোষ্টৰ প্ৰত্যুত্তৰত গৌৰৱ গগৈয়েও এটা পোষ্ট কৰি মুখ্যমন্ত্ৰীক সমালোচনা কৰে। গৌৰৱে পোষ্টটোত লিখিছে- “মোৰ এগৰাকী মুখ্যমন্ত্ৰীলৈ পুতৌ জন্মিছে, যাৰ কথাৰ কোনো মূল্য নাই। তেওঁৰ কৰ্মকাণ্ডই মুখ্যমন্ত্ৰীৰ আসনখনৰ গৰিমা একেবাৰেই ম্লান কৰি পেলোৱাৰ লগতে উপহাসৰ বিষয় কৰি পেলাইছে। ইয়াৰোপৰি অনেক এনে লজ্জাজনক ঘটনা আছে, যি তেওঁক সদায় উপহাসৰ পাত্ৰ কৰে।
উদাহৰণস্বৰূপে, মোৰ মনত পৰে – ৰাহুল গান্ধী ডাঙৰীয়াৰ “ভাৰত জোড়ো” যাত্ৰাৰ সময়ত তেওঁ অসমত ৰাহুল গান্ধী ডাঙৰীয়াৰ Body Double দেখিছিল। শেহতীয়া Flop Show ৰাহুল গান্ধীৰ Body Double বিষয়তকৈয়ো অধিক ব্যাপক । অসমৰ জনগণে যোগ্যজনক বিচাৰে। ২০২৬ ত অসমৰ জনগণে যোগ্যজনক নিশ্চয়কৈ পাব।”