শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসম কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, চৰকাৰে দিব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ, কোনসকল লোকে কৰিব পাৰিব আবেদন ?

বিশেষ কেইখনমান জিলাৰ জনসাধাৰণক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে। কেবিনেট বৈঠকৰ অন্তত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

অসম কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, চৰকাৰে দিব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ, কোনসকল লোকে কৰিব পাৰিব আবেদন ?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 28 May 2025 20:39 PM

আজি বুধবাৰে লোকসেৱা ভৱনত ৰাজ্য়িক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে বিশেষ কেইখনমান জিলাৰ জনসাধাৰণক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে। কেবিনেট বৈঠকৰ অন্তত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে, খিলঞ্জীয়া সুৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । যি কেইখন জিলাত খিলঞ্জীয়া লোকসকলক সংখ্যালঘুত পৰিণত হৈছে সেই জিলাত এই অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব । সেই জিলা কেইখনৰ ভিতৰত আছে ধুবুৰী, নগাঁও, বৰপেটা । লগতে এই অনুজ্ঞাপত্ৰ ব্যৱস্থা কৰাটো খিলঞ্জীয়া ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অবৈধ বাংলাদেশীৰ আক্ৰমণৰ আশংকাত থকা লোকসকলক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । বিগত সময়ত দেখা গৈছে, বাংলাদেশীৰ অত্যাচাৰত থাকিব নোৱাৰি খিলঞ্জীয়া লোকে নিজৰ মাটি-বাৰী বিক্ৰী কৰি অন্য ঠাইলৈ যাবলগীয়া পৰিস্থিতি সৃষ্টি হয় । তেনে ক্ষেত্ৰত সুৰক্ষাৰ স্বাৰ্থতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও কয় মুখ্যমন্ত্ৰীয়ে ।

সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, কোনো লোককে চৰকাৰে বন্দুক কিনি নিদিয়ে । কিন্তু যদি কোনোবাই বন্দুক ক্ৰয় কৰিব বিচাৰে তেন্তে তেওঁলোকক চৰকাৰে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰি দিব । এইটো এটা দীৰ্ঘদিনীয়া দাবী আছিল যদিও পূৰ্বে কোনেও সাহস কৰা নাছিল বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

তদুপৰি মুখ্যমন্ত্ৰীয়ে কয় যে, বিচাৰিলে অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰিব ধিং-ৰূপহী, মংগলদৈৰ দৰে অঞ্চলৰ খিলঞ্জীয়া লোকে ৷ লগতে তেওঁ স্পষ্ট কৰি দিছে যে, বিশেষভাৱে সংবেদনশীল আৰু একেবাৰে ভিতৰুৱা অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকে অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰিব। যদি কোনো লোক অপৰাধমূলক কাৰ্যত লিপ্ত আছিল তেন্তে তেওঁ লোকক এই অনুজ্ঞাপত্ৰ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীয়ে । উল্লেখ্য যে, অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে SOP জাৰি কৰিব জিলা আয়ুক্তসকলে ।