জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰা খিলঞ্জীয়াৰ ভূমিলৈ, কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ জানক…
আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰে অসম চৰকাৰে। বৈঠকৰ অন্তত সিদ্ধান্তসমূহৰ বিষয়ে জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বৃহস্পতিবাৰ (৩১জুলাই)য়ে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। প্ৰতিবাৰৰ দৰে এইবাৰো চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ বিষয়ে জনায়। তলত ইয়াৰ সবিশেষ উল্লেখ কৰা হ’ল-
জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰিসৰ বৃদ্ধি
অসম কেবিনেটে মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰিসৰ বঢ়াই অসমস্থিত কেন্দ্র বা ৰাজ্য চৰকাৰৰ অনুষ্ঠানসমূহত ২০২১ চনৰ ১ এপ্ৰিলৰ পৰা ভর্তি হোৱা সকলো পূর্ণকালীন গৱেষক ছাত্র-ছাত্রীৰ লগতে দিব্যাংগ গৱেষকসকলকো এই আঁচনিৰ অন্তৰ্ভূক্ত কৰাত অনুমোদন জনাইছে। প্রায় ১০,০০০ গবেষক ছাত্র-ছাত্রী এই আঁচনিৰ দ্বাৰা লাভান্বিত হ’ব।
বদৰপুৰত নিৰন্তৰ পানী যোগান ব্যৱস্থা
বদৰপুৰবাসীক নলযুক্ত খোৱাপানী যোগানৰ বাবে কেবিনেটে ৪৯.৫৮৮ কোটি টকা ব্যয় সাপেক্ষে বদৰপুৰ নগৰ পানী যোগান আঁচনিত অনুমোদন জনাইছে
স্বজল মিত্রক সহায়
স্বজল মিত্র/জল সহায়কৰ বিয়োগৰ পাছৰ পৰিস্থিতিত তেওঁলোকৰ পৰিয়ালক কিছু সকাহ প্ৰদানৰ বাবে কেবিনেটে মৃত্যু হোৱা ব্যক্তিজনৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন আর্থিক সাহায্য প্রদানত অনুমোদন কৰিছে।
জল জীৱন মিছন ঠিকাদাৰক সকাহ
কেবিনেটে ঠিকাদাৰী প্রতিষ্ঠানসমূহৰ বাবে বকেয়া বিলৰ পৰিমাণৰ সৈতে জল জীৱন মিছন আঁচনিৰ চুক্তি অনুসৰি প্রাপ্ত প্রদর্শন নিশ্চয়তা (Performance Guarantee) ৰ বিনিময়ত অনুমোদন জনাইছে।
In today's meeting of the #AssamCabinet, we resolved to
✅Hand over Joshita suicide case to CBI
✅Approve Badarpur Water Supply Scheme
✅Extend ambit of Jiban Anuprerana Scheme
✅Ex-Gratia for NOK of SwaJal Mitras
✅Land settlement for indigenous communities pic.twitter.com/pdrtHuWNon— Himanta Biswa Sarma (@himantabiswa) July 31, 2025
মিছন বসুন্ধৰা ৩.০ৰ ভূমি অনুমোদন
- ৮খন জিলাৰ ২৯৯ আবেদন বার্ষিক পট্টাৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰৰ্কৰণ
- ১০টা আন্তঃগাঁথনি প্রকল্পৰ বাবে ভূমি আবণ্টন
- ডিব্ৰুগড়ত ১১৮টা আবেদনৰ ক্ষেত্ৰত ভূমিৰ পুনৰ শ্ৰেণী বিভাজন
- ৭খন জিলাৰ ১৯০ অব্যক্তিগত ন্যায়িক অনুষ্ঠানলৈ ভূমি হস্তান্তৰ
- ধেমাজিত ১,৭৪২টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ বাবে ভূমি নিষ্পত্তি
খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি নিষ্পত্তি
২০১১ ৰ পূৰ্বে তিৰাপ জনজাতি অঞ্চলত ভূমি অধিকাৰ কৰি থকা আহোম, কোচ ৰাজবংশী, মটক, মৰাণ, চুতীয়া, গোর্খা, চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলক সংৰক্ষিত শ্ৰেণীৰ লোকৰ তালিকাত অন্তর্ভুক্ত কৰিবলৈ কেবিনেটে অনুমোদন জনাইছে।
চিবিআইলৈ তদন্তৰ ভাৰ
কেবিনেটে বঙাইগাঁও সংমণ্ডলৰ লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা প্রয়াত যোশীতা দাসৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত চিবিআইলৈ হস্তান্তৰ কৰিবলৈ অনুমোদন জনাইছে।
গুৱাহাটী আৰু সোণাইত বিশেষ সমীক্ষা
পথ, নলা, পাম্পিং ষ্টেচন, ট্রেন্সফৰ্মাৰ আদিৰ মূল্যাংকন আৰু তত্ত্বাবধানত সহায়ৰ হেতু গুৱাহাটীৰ ৩২৮ বর্গ কিল মিটাৰ সামৰি এৰিয়েল লিডাৰ জৰীপ (Aerial LiDAR survey) আৰু জি এম ডি এ আৰু জি এম চি এলেকাৰ জি আই এছ ডাটাবেছৰ বিকাশ।
অসমৰ কাছাৰত বসতি এলেকা বিশ্লেষণ, মুখ্য প্ৰকল্পৰ পৰিকল্পনা, কেনেল লেআউট আৰু কামাণ্ড এৰিয়া মেপিং আদিত সহায় হোৱাকৈ ১৪৭ বর্গ কিলো মিটাৰ সামৰি সোণাই জলসিঞ্চন প্রকল্পৰ বাবে এৰিয়েল লিডাৰ জৰীপ।
অন্য খবৰ পঢ়কঃ পাব নেকি জামিন? অভিনেত্ৰী নন্দিনী কাশ্যপ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে…