Assam cabinet decision: বিনিয়োগৰ পৰা ভূমি বিক্ৰীৰ SOP লৈ, আজিৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহ…
আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। ভূমিৰ পৰা আৰম্ভ কৰি অসমৰ বিনিয়োগ ক্ষেত্ৰলৈ কেইবাটাও দিশ সামৰি লয়।

আজি (২৭ আগষ্ট) অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। য’ত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ বিষয়ে জনায়। বৈঠকত আন্তঃধৰ্মীয় ভূমি হস্তান্তৰ সুশৃংখলিতকৰণ, ‘ঝুমইৰ বিনন্দিনী’ৰ শিল্পী, কলা-কুশলীসকললৈ বিত্তীয় সন্মান, অসমত বিনিয়োগক উৎসাহ, বাণিজ্যিক লেয়াৰ ফার্ম স্থাপন আদিকে ধৰি বিভিন্ন দিশত সিদ্ধান্ত গ্ৰহণ কৰা হয়। তলত ইয়াৰ বিষয়ে সবিশেষ উল্লেখ কৰা হ’ল-
অসমত বিনিয়োগক উৎসাহ
কেবিনেটে গেছ স্বাস্থ্য, পর্যটন আৰু আতিথ্য খণ্ডৰ চাৰি বিনিয়োগকাৰী প্রতিষ্ঠানক আই আই পি এ ২০১৯ৰ অধীনত অনুকূলিত উদগনিত অনুমোদন জনাইছে। ৪ বিনিয়োগকাৰীয়ে সর্বমুঠ ৯৬৯ কোটি টকা বিনিয়োগ কৰিব আৰু ২,৭০০খো অধিক যুৱক-যুৱতীক নিযুক্তিৰ সুবিধা প্রদান কৰিব।
- প্রিমিয়াৰ ক্ৰায় ‘জেনিক্স লিমিটেডেৰ জাগীৰোডত ছেমিকণ্ডাক্টৰ গ্রেড গ্রেছ মেনুফেক্সাৰিং প্রকল্প নিৰ্মাণৰ বাবে ১২৫ কোটি টকাৰ বিনিয়োগৰ প্রস্তাৱত অনুমোদন। এই প্রকল্পটোত ২০০ টা নিয়োগ সৃষ্টি হ’ব।
- জোনালী কনস্ট্রাকশ্যন প্রাইভেট লিমিটেডৰ পর্যটন আৰু আতিথ্য সেৱাৰ সৈতে জড়িত মেৰিয়ট হোটেল আৰু ৰিজ’ৰ্ট প্রকল্প নিৰ্মাণৰ বাবে প্রায় ১৮২ কোটি টকাৰ বিনিয়োগৰ প্রস্তাৱত অনুমোদন। এই প্রকল্পটোত ২০৪ টা নিয়োগ সৃষ্টি হ’ব।
- অম্বুজা নেঅটীয়া হেলথ কেয়াৰ ভেন্সাৰ লিমিটেডৰ হাস্পতাল প্রকল্পৰ বাবে প্রায় ৩০২ কোটি টকাৰ বিনিয়োগৰ প্রস্তাৱত অনুমোদন।
- অম্বুজা নেঅটীয়া হোটেল ভেন্সাৰ লিমিটেডৰ হোটেল প্ৰকল্পৰ বাবে ৩৬০ কোটি টকাব বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন। অম্বুজা নেঅটীয়া হেলথ কেয়াৰ ভেন্সাৰ লিমিটেডৰ হাস্পতাল আৰু অম্বুজা নেঅ টীয়া হোটেল ভেন্সাৰ লিমিটেডৰ হোটেল প্রকল্প দুটাৰ বাবে সৰ্বমুঠ নিয়োগৰ সুবিধা সৃষ্টি হ’ব ২৩০০ টা।
In today's #AssamCabinet, we resolved to
✅Bring in a SoP to govern inter religion land transfer
✅Approve customised incentives for investors
✅Declare date of reward disbursal of Jhumoir Binandini
✅Approve setting up of Layer Farm
✅Closure & VRS of APCDC pic.twitter.com/STex5bo4FX— Himanta Biswa Sarma (@himantabiswa) August 27, 2025
‘ঝুমইৰ বিনন্দিনী’ৰ শিল্পী, কলা-কুশলীলৈ বিত্তীয় সন্মান
ঝুমইৰ বিনন্দিনীৰ পৰিবেশকসকলক প্রদান কৰিবলগীয়া বিত্তীয় সন্মান ১২ অক্টোবৰ ২০২৫ত বিতৰণ কৰা হ’ব।
অসম গছপুলি ৰোপণ আৰু শস্য উন্নয়ন নিগম
কেবিনেটে অসম গছপুলি ৰোপণ আৰু শস্য উন্নয়ন নিগম লিমিটেডৰ কর্মচাৰীসকলৰ ভি আৰ এছ আৰু ইয়াৰ বন্ধকৰণৰ বাবে অনুমোদন জনাইছে।
আন্তঃধর্মীয় ভূমি হস্তান্তৰ সুশৃংখলিতকৰণ
আন্তঃধর্মীয় ভূমি হস্তান্তৰৰ ক্ষেত্ৰত স্থাবৰ সম্পত্তি হস্তান্তৰ অনুমতি প্ৰদানৰ পদ্ধতি সুশৃংখলিত কৰাৰ বাবে ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে। সেই অনুসৰি মাটি ক্রয়-বিক্ৰয়ৰ প্রস্তাৱসমূহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পৰীক্ষা কৰাৰ পিছত প্ৰস্তাৱসমূহ উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ’ব। উপায়ুক্তৰ কাৰ্যালয়ে এই প্ৰস্তাৱসমূহ ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগলৈ প্ৰেৰণ কৰিব। ৰাজহ বিভাগৰ কাৰ্যলায়ত এজন ন’ডেল বিষয়া থাকিব। ৰাজহ বিভাগে প্ৰস্তাৱসমূহ অসম আৰক্ষীৰ বিশেষ শাখালৈ প্ৰেৰণ কৰিব। আৰক্ষী বিভাগৰ বিশেষ শাখাই সকলো চালি জাৰি চাই চৰকাৰক অৱগত কৰিব। চৰকাৰে ডিচিক জনাব আৰু ডিচিয়ে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব।
লেয়াৰ ফাৰ্ম স্থাপন
কেবিনেটে গোলাঘাটৰ দেৰগাঁৱত নৰ্থ ইষ্ট এগ্র’ প্রডাক্টছ এণ্ড ছার্ভিচেছৰ দ্বাৰা বাহুবলী কণী উৎপাদনৰ বাবে বাণিজ্যিক লেয়াৰ ফাৰ্ম স্থাপনত অনুমোদন জনাইছে। ফার্মখন প্রায় ২৫-৩০ কোটি টকাৰ বিনিয়োগেৰে স্থাপন কৰা হ’ব আৰু ই প্রায় ৭০০ প্রত্যক্ষ আৰু পৰোক্ষ নিযুক্তিৰ সৃষ্টি কৰিব।
অন্য খবৰ পঢ়কঃ মোদীৰ অসম ভ্ৰমণৰ পৰা আমেৰিকাৰ শুল্কলৈ, পঢ়ক দিনটোৰ খবৰ…