শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জুবিন গাৰ্গৰ গোচৰক লৈ ৰাজ্য চৰকাৰে ল’লে ডাঙৰ সিদ্ধান্ত, ন্যাসলৈ আগবঢ়ালে ৫ কোটি টকাৰ বৰঙণি

মুখ্যমন্ত্ৰীগৰাকীয়ে এই সংবাদমেলত জুবিন গাৰ্গ গোচৰক লৈ এক ডাঙৰ ঘোষণা কৰে। এই ঘোষণা অনুসৰি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত অসম চৰকাৰৰ হৈ আদালতত যুক্তি প্ৰদৰ্শনৰ বাবে বিশেষ লোক অধিবক্তাৰ এটা দল গঠন কৰা হ’ব।

জুবিন গাৰ্গৰ গোচৰক লৈ ৰাজ্য চৰকাৰে ল’লে ডাঙৰ সিদ্ধান্ত, ন্যাসলৈ আগবঢ়ালে ৫ কোটি টকাৰ বৰঙণি
জুবিন গাৰ্গ গোচৰক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
Monjit Dutta
Monjit Dutta | Updated On: 10 Jan 2026 08:31 AM

শুকুৰবাৰে দিছপুৰস্থিত লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসম কেবিনেটে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠক সম্পন্ন হোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহ সদৰী কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সংবাদমেলত জুবিন গাৰ্গ গোচৰক লৈ এক ডাঙৰ ঘোষণা কৰে। এই ঘোষণা অনুসৰি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত অসম চৰকাৰৰ হৈ আদালতত যুক্তি প্ৰদৰ্শনৰ বাবে বিশেষ লোক অধিবক্তাৰ এটা দল গঠন কৰা হ’ব।

কালি অনষ্ঠিত হোৱা কেবিনেট বৈঠকত এই বিশেষ লোক অধিবক্তাৰ দল গঠনত অনুমোদন জনোৱ হয়। এই দলটোত থাকিব পাঁচজন সদস্য। তেওঁলোক হৈছে ক্ৰমে জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰ (বিশেষ লোক অধিবক্তা), অধিবক্তা ব্রজেন্দ্র মোহন চৌধুৰী (অতিৰিক্ত বিশেষ লোক অধিবক্তা), অধিবক্তা কিশোৰ দত্ত (সহকাৰী বিশেষ লোক অধিবক্তা), অধিবক্তা প্রাঞ্জল দত্ত (সহকাৰী বিশেষ লোক অধিবক্তা), অধিবক্তা বিকাশ জামাৰ (সহকাৰী বিশেষ লোক অধিবক্তা)।

ইফালে বৈঠকত কেবিনেটে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সংৰক্ষণৰ বাবে পৰিয়াল আৰু শুভাকাংক্ষীয়ে গঠন কৰা জুবিন গাৰ্গ ন্যাসলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ কোটি টকাৰ বৰঙণি আগবঢ়োৱা হ’ব। কেবিনেটে এই বৰঙণিত অনুমোদন জনোৱাৰ লগতে ভৱিষ্যতেও প্ৰয়োজন অনুসাৰে সহায়ৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই সিদ্ধান্তসমূহৰ লগতে কেবিনেটে মিছন বসুন্ধৰা ৩.০ ৰ অধীনত ৰাজ্যৰ পৃথক পৃথক স্থানত বহু পৰিমাণৰ ভূমি আবণ্টন জনায়। মৰিগাঁও আৰু ডিব্ৰুগড়ৰ ২৬ চৰকাৰী ভূমি নগৰ আৰু পার্শ্ববর্তী অঞ্চলত বসবাসৰ উদ্দেশ্যে খিলঞ্জীয়া, ভূমিহীন পৰিয়ালক বন্দৱস্ত কৰিবলৈ অনুমোদন প্রদান কৰিছে অসম কেবিনেটে। বড়ো সাহিত্য সভাক এটা বহুমুখী প্রকল্প নিৰ্মাণৰ বাবে গুৱাহাটীৰ বেতকুছিত ১ বিঘা ভূমি আবণ্টনৰো সিদ্ধান্ত লয় কেবিনেটে।

কেবিনেটে লগতে মাজুলী, ডিফু, কলিয়াবৰ, শিলচৰ, আমিনগাঁও আৰু বঙাইগাঁৱত ৬টা জিলা বিজ্ঞান কেন্দ্রসহ তাৰকাগৃহ নিৰ্মাণৰ বাবে প্রশাসনিক অনুমোদনৰ পুনৰ বৈধতা প্রদানত অনুমোদন জনায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে এই বৈঠকত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আগন্তুক অসম ভ্রমণ সন্দর্ভতো বিস্তৃতভাৱে আলোচনা কৰা হয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে অহা ১৭ জানুৱাৰীৰ বিয়লি প্রধানমন্ত্রী মোদী গুৱাহাটীত উপস্থিত হ’ব আৰু সৰুসজাইত ৮-১০ হাজাৰ শিল্পীয়ে প্ৰদৰ্শন কৰিবলগীয়া বাগুৰুম্বা নৃত্য উপভোগ কৰিব। ইয়াৰ পিছদিনা অৰ্থাৎ ১৮ জানুৱাৰীত প্রধানমন্ত্রীয়ে কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব।

এই সভাতে প্রধানমন্ত্রী মোদীয়ে কলিয়াবৰৰ পৰা বোকাখাতলৈ ৬,৯৫৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ৩৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড ক’ৰিডৰৰ শিলান্যাস কৰিব। তেখেতে লগতে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমতীলৈ আৰু গুৱাহাটীৰ পৰা নতুন দিল্লীৰ ৰাওতালৈ চলিবলগীয়া দুখন ৰে’লৰ ফ্লেগ অফ কৰিব।