শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Assam Book Fair: আৰম্ভ অসম গ্ৰন্থমেলাঃ ৮১৮গৰাকী যুৱ লেখক-লেখিকাক প্ৰদান ‘যুৱ লেখক সন্মান’…

Assam Book Fair: আৰম্ভ হ'ল অসম গ্ৰন্থমেলা। ৬ জানুৱাৰীলৈ চলিব এই গ্ৰন্থমেলা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি অসম গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰে। ইয়াৰ লগতে আদি শ শ লেখক-লেখিকাক প্ৰদান কৰা হয় যুৱক লেখক সন্মান।

Assam Book Fair: আৰম্ভ অসম গ্ৰন্থমেলাঃ ৮১৮গৰাকী যুৱ লেখক-লেখিকাক প্ৰদান ‘যুৱ লেখক সন্মান’…
অসম গ্ৰন্থমেলাImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Updated On: 24 Dec 2025 20:36 PM

গ্ৰন্থপ্ৰেমী ৰাইজৰ বাবে সুখবৰ। আৰম্ভ হ’ল অসম গ্ৰন্থমেলা  (Assam Book Fair)। বুধবাৰ (২৪ ডিচেম্বৰ)য়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন হোৱা অসম গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে আয়োজন কৰা এই গ্ৰন্থমেলা ১৪ দিন ধৰি চলি ৬ জানুৱাৰীত সামৰণি পৰিব।

প্ৰতিবছৰে গুৱাহাটীত অনুষ্ঠিত হয় অসম গ্ৰন্থমেলা। য’ত দেশ-বিদেশৰ হাজাৰ হাজাৰ কিতাপেৰে ভৰি পৰে গ্ৰন্থমেলাস্থলী। এইবাৰ ৰাজ্য আৰু বহিঃৰাজ্যৰ ১৩৫খনৰো অধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব এই গ্ৰন্থমেলাত। য’ত দেশ-বিদেশৰ বহু কিতাপ উপলব্ধ হ’ব।

আজিৰ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি “যুৱ লেখক সন্মান” প্ৰদান কৰা হয়। ইয়াৰ অধীনত ৰাজ্যৰ ৮১৮গৰাকী ৪০ অনূৰ্ধ্ব যুৱ লেখক-লেখিকাক গ্ৰন্থবৰ্ষ ২০২৫ৰ “যুৱ লেখক সন্মান” প্ৰদান কৰা হয়। অসমীয়া, বাংলা, নেপালী, বড়ো, মিচিং, কাৰ্বিকে ধৰি অসমৰ আন জনগোষ্ঠীয় ভাষা-সাহিত্য আৰু সাহিত্য সেৱকৰ বাবে অনুপ্ৰেৰণামূলক এই আঁচনি অনুসৰি লেখক-লেখিকাসকলক ২৫,০০০ টকাকৈ প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই যুৱ লেখক সন্মান প্ৰদান কৰে।

আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্ৰী ৰনোজ পেগু, প্ৰসিদ্ধ সাহিত্যিক আমিশ ত্ৰিপাঠি আদিকে ধকি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে দীপক কুমাৰ বৰকাকতিক প্ৰদান কৰা হয় প্ৰকাশন পৰিষদ সাহিত্য বঁটা।

আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখে যে- “অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে আজিৰ পৰা ১৪ দিনীয়া বর্ণিল কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলাৰ উদ্বোধনৰ লগতে ‘যুৱ লেখক সন্মান’ প্রদানৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ। এই গ্ৰন্থমেলাই লেখক, প্ৰকাশক আৰু পঢ়ুৱৈৰ মাজত এক শক্তিশালী বৌদ্ধিক সম্পৰ্ক গঢ়ি তুলিছে।

২০২৫ বৰ্ষক ‘গ্ৰন্থবৰ্ষ’ হিচাপে ঘোষণা কৰি আমি ৪০ বছৰৰ তলৰ যুৱ লেখক-লেখিকাৰ বাবে ‘যুৱ লেখক সন্মান’ প্ৰৱৰ্তন কৰিছিলোঁ। নিৰ্বাচিত ৮১৮গৰাকী যুৱ লেখক-লেখিকাক ২৫ হাজাৰ টকাকৈ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হৈছে। এই উদীয়মান সাহিত্যিকসকলক আন্তৰিক অভিনন্দন জনাইছোঁ। যুৱ লেখক-লেখিকাসকলক মননশীল, সৃজনীমূলক আৰু মৌলিক লেখাৰে ভাষা-সাহিত্য সমৃদ্ধ কৰাৰ লগতে অক্ষয় কীৰ্তি অৰ্জন কৰিবলৈ আহ্বান জনালোঁ”।

অন্য খবৰ পঢ়কঃ বাংলাদেশত হিন্দুৰ সৈতে জঘন্য কাণ্ড! সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক মহম্মদ শ্বেইখ…