শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাংলাদেশত হিন্দুৰ সৈতে জঘন্য কাণ্ড! সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক মহম্মদ শ্বেইখ…

বাংলাদেশৰ হিন্দু হত্যাৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক। জানিব পৰা মতে, যুৱকজনে সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট কৰিছিল। তাৰ পাছতে আৰক্ষীয়ে তেওঁক আটক কৰে।

বাংলাদেশত হিন্দুৰ সৈতে জঘন্য কাণ্ড! সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক মহম্মদ শ্বেইখ…
যুৱকজন
barasha-sarma
Barasha Sarma | Published: 23 Dec 2025 10:35 AM

বাংলাদেশৰ হিন্দু হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ বিশ্ব। মানৱতাক জোকাৰি যোৱা এই কাণ্ডৰ পাছতো একাংশই ইয়াক সমৰ্থন কৰা দেখা গৈছে। শেহতীয়াকৈ এই কাণ্ডক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক হৈছে এজন যুৱক। জানিব পৰা মতে, যুৱকজনে সামাজিক মাধ্যমত বাংলাদেশৰ হিন্দু হত্যাকাণ্ডক লৈ বিতৰ্কিত পোষ্ট কৰিছিল। তাৰ পাছতে আৰক্ষীয়ে তেওঁক আটক কৰি তদন্ত অব্যাহত ৰাখে।

অভিযুক্ত যুৱকজন ৰঙিয়াৰ ৩নং ৱাৰ্ডৰ বাসিন্দা মহম্মদ শ্বেইখ আখতাৰ আলী বুলি চিনাক্ত হৈছে। তথ্য অনুসৰি, তেওঁৰ বিতৰ্কিত ভিডিঅটো “BOLLO CHAIWALA” নামেৰে এটা ইনষ্টাগ্ৰাম একাউন্টৰ জৰিয়তে প্ৰচাৰ হৈছিল। মুহূৰ্তৰ ভিতৰতে ভিডিঅ’টো ভাইৰেল হৈছিল যাৰ পাছত তেওঁ আটক হয়। ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে, যুৱকজনে বাংলাদেশৰ হিন্দু হত্যাকাণ্ডৰ ভিডিঅ’ চাই প্ৰশংসা কৰি আছে।

ভিডিঅ’টো যথেষ্ঠ সংবেদনশীল আছিল, ইয়াৰ দ্বাৰা সমাজত যাতে কোনো অৰাজকতা সৃষ্টি নহয় তাৰ বাবে লগে লগে আৰক্ষীয়ে তেওঁক আটক কৰে। বৰ্তমান আৰক্ষীয়ে ভিডিঅ’টো সন্দৰ্ভত তদন্ত চলাই আছে আৰু একাউন্টসমূহ পৰীক্ষা কৰি আছে। আৰক্ষীয়ে কয় যে, তদন্তৰ অন্তত দিশটোৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আৰক্ষীয়ে জনসাধাৰণক সংযম ৰাখিবলৈ আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পৰা বিষয়বস্তু শ্বেয়াৰ বা প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে বাংলাদেশত সংঘটিত হৈছিল এক জঘন্য ঘটনা। এজন হিন্দু যুৱকক একাংশ লোকে গছত বান্ধি জ্বলাই দিছিল। এই কাণ্ডই কেৱল বাংলাদেশকে নহয় ভাৰতকো জোকাৰি গৈছে। চৰকাৰেও ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কিয়নো বাংলাদেশৰ হিন্দুৰ ওপৰত অত্যাচাৰ আজিৰ নহয়, শ্বেখ হাছিনাৰ পলায়নৰ পাছত এই অত্যাচাৰ বৃদ্ধি পাইছে। কিন্তু ইয়াৰ পাছতো ভাৰতৰ একাংশ নিকৃষ্ট মানসিকতাৰ লোকে এনে কু কাণ্ডত সমৰ্থন কৰি আহিছে।

 

অন্য খবৰ পঢ়কঃ টেটুৰ বাবে সকলো! পত্নীক লৈ গ’ল চাহ খুৱাবলৈ, স্বামীয়ে গাড়ী ৰখাই ডাঙৰ শিল এটা ল’লে আৰু পাছত…