গুৱাহাটীত পপষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান, পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
আজি ক'ত কি ঘটিল ? বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ পৰা লোকসভাৰ বিতৰ্কলৈকে পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
আজি ৮ ডিচেম্বৰৰ দিনটোত বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। সোমবাৰে সন্ধিয়া ৫ বজাৰ পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে পপষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান। বাহিৰৰ শিল্পীয়ে আহি কনচাৰ্ট কৰাতো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অনন্য সুযোগ। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
দিনটোৰ শীৰ্ষ খবৰ
- আজি গুৱাহাটীত অনুষ্ঠিত হৈছে পপষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান। কিন্তু শিল্পীগৰাকীৰ অনুষ্ঠান আয়োজনক লৈ দেখা গৈছে ব্যাপক বিতৰ্ক। চৰকাৰৰ পৃষ্ঠপোষকতাত এই অনুষ্ঠান আয়োজন কৰা বুলি উঠা অভিযোগ নাকচ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰে কেৱস ফিল্ডখনহে দিছে।
- বাহিৰৰ শিল্পীয়ে আহি কনচাৰ্ট কৰাতো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অনন্য সুযোগ। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ লগতে কয় যে ছাকিৰাক গুৱাহাটীলৈ মাতি ৱাকা ৱাকা গীতটি পৰিৱেশন কৰাৰ মন আছে। গুৱাহাটীক কনচাৰ্টৰ হাব বনোৱাৰ পৰিকল্পনা কৰিছে চৰকাৰে। আন্তঃৰাষ্ট্ৰীয় শিল্পীসকল আহি থাকিলেহে অসম-গুৱাহাটীৰ নাম হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
- যোৰহাটৰ ফাচি আলীত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত ভস্মীভূত হয় কমেও ৩০ টাকৈ বাসগৃহ। বৈদ্যুতিক চৰ্টচাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। জুইৰ সূত্ৰপাত ঘটাৰ ফলত কমেও তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয়। ফলত জুইৰ লেলিহান শিখাই আগুৰি ধৰে অঞ্চলটো। অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত পুৱাৰ ভাগলৈ নিৰ্বাপন কৰা হয় জুই।
- আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হয় চলিত বৰ্ষৰ ড০ বাণীকান্ত কাকতি মেধা বঁটা। ১১,২৫০ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিলে স্কুটাৰ। এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে শিক্ষা বিভাগৰ বিষয়াসকল। বঁটা লাভ কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জনায় মুখ্যমন্ত্ৰীয়ে।
- সংসদৰ শীতকালীন অধিৱেশনৰ অংশ হিচাপে আজি লোকসভাত বন্দে মাতৰম সন্দৰ্ভত বিতৰ্ক হয়। নিজৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বন্দে মাতৰমক প্ৰতাৰণা কৰা হৈছিল। মুছলিম লীগে ইয়াৰ বিৰোধিতা কৰিছিল। বন্দে মাতৰমৰ কিছু কথাত মুছলমানসকলে আপত্তি কৰিছিল। পিছত কংগ্ৰেছে বন্দে মাতৰমৰ সৈতে আপোচ কৰে। কংগ্ৰেছে মুছলিম লীগৰ ওচৰত আত্মসমৰ্পণ কৰে।
- লোকসভাত বন্দে মাতৰম বিতৰ্কত অংশ লৈ বিজেপি চৰকাৰক তীক্ষ্ণ সমালোচনা বিৰোধী উপ-দলপতি গৌৰৱ গগৈৰ। তেওঁ কয় যে সাম্প্ৰতিক সংকটৰ পৰা দৃষ্টি আকৰ্ষণ কৰিবলৈ শাসকীয় দলে ঐতিহাসিক ব্যক্তিক ব্যৱহাৰ কৰিছে। তেওঁ কয় যে প্ৰতিটো বিতৰ্কতে প্ৰধানমন্ত্ৰী মোদীয়ে পণ্ডিত নেহৰু আৰু কংগ্ৰেছৰ নাম লয়। যিমান চেষ্টা নকৰক কিয় বিজেপিয়ে পণ্ডিত নেহৰুৰ অৱদানত এটাও ক’লা দাগ লগাব নোৱাৰে বুলি দাবী গৌৰৱৰ।
- বন্দে মাতৰম সন্দৰ্ভত লোকসভাত চলা বিতৰ্কত অংশ লৈ বিজেপিক সমালোচনা কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধীৰ। তেওঁ কয় যে বন্দে মাতৰমক লৈ চৰকাৰে এইবাবেই চৰ্চা কৰিছে, কাৰণ সমুখত পশ্চিম বংগ নিৰ্বাচন আছে। তেওঁ লগতে কয় যে প্ৰথমে দেখাৰ দৰে এতিয়া প্ৰধানমন্ত্ৰী মোদীক দেখা নাযায়। ভাল ভাষণ দিলেও তথ্য কমজুৰি বুলি কয় প্ৰিয়ংকাই।
- ছবিগৃহত এতিয়াও সগৌৰৱেৰে চলি আছে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। বহু ঠাইত এতিয়াও প্ৰতিটো দৰ্শনীতে হাউচফুল হোৱা দেখা যায়। ইয়াৰ মাজতে ছবিখনৰ পাইৰেচী কৰি গ্ৰেপ্তাৰ হৈছে তিনিজন যুৱক। গ্ৰেপ্তাৰ কৰা যুৱক তিনিজন হৈছে ছাদ্দাম হুছেইন, ৰফিদুল ইছলাম আৰু মৌচম গগৈ।
- জুবিন গাৰ্গ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা এক মন্তব্যই লাভ কৰিছে ব্যাপক চৰ্চা। দেওবাৰে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে জুবিন গাৰ্গৰ সৈতে বহুদিনৰ পৰা হেতালি খেলা হৈছিল। জুবিনক চিকিৎসকে সাগৰত যাবলৈ বাধা দিয়াৰ পাছতো ৰৈ ৰৈ বিনালেৰ শ্বুটিং সাগৰত কৰা হৈছিল। এইক্ষেত্ৰত প্ৰযোজকলৈ আঙুলি টোঁৱাই মুখ্যমন্ত্ৰীয়ে।