সামাজিক দায়বদ্ধতা! জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত কোনো অভিযুক্তক প্ৰতিনিধিত্ব নকৰে সদৌ অসম উকীল সন্থাই
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছতে ৰাজ্যজুৰি অভিযুক্তৰ বিৰুদ্ধে বহু এজাহাৰ দখল কৰা হৈছে। ইতিমধ্যে এই গোচৰৰ তদন্তৰ দায়িত্ব চি আই ডিক প্ৰদান কৰিছে অসম চৰকাৰে। লগতে গঠন কৰা হৈছে বিশেষ তদন্ত সমিতি। এই গোচৰৰ তদন্ত অব্যাহত থকাৰ সময়তে সদৌ অসম উকীল সন্থাই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুৱে জোকাৰি গৈছে অসমবাসীক। জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ ঘটনাৰ পিছত সমগ্ৰ ৰাজ্য কিদৰে স্তব্ধ হৈ পৰিল, সেয়া দেখিলে সমগ্ৰ বিশ্বই। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এই শোকৰ পৰা কোনোমতেই মুক্ত হোৱা নাই ৰাজ্যবাসীক। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছতে ৰাজ্যজুৰি অভিযুক্তৰ বিৰুদ্ধে বহু এজাহাৰ দখল কৰা হৈছে। ইতিমধ্যে এই গোচৰৰ তদন্তৰ দায়িত্ব চি আই ডিক প্ৰদান কৰিছে অসম চৰকাৰে। লগতে গঠন কৰা হৈছে বিশেষ তদন্ত সমিতি।
এই গোচৰৰ তদন্ত অব্যাহত থকাৰ সময়তে সদৌ অসম উকীল সন্থাই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। সামাজিক দায়বদ্ধতা আৰু নৈতিক বাধ্যবাধকতাৰ উদ্ধৃতি দি সদৌ অসম উকীল সন্থাই জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰত কোনো অভিযুক্তকে প্ৰতিনিধিত্ব নকৰে বুলি ঘোষণা কৰিছে।
এই গোচৰত অভিযুক্তসকলক আইনী সমৰ্থন আগবঢ়োৱাটো ‘ঐতিহাসিক ভুল’ হ’ব বুলিও সদৌ অসম উকীল সন্থাই উল্লেখ কৰিছে। সমান্তৰালকৈ সদৌ অসম উকীল সন্থাই তদন্তকাৰী সংস্থাসমূহে গোচৰৰ তদন্তত কোনো বাধা নোহোৱাকৈ কাম কৰিব পৰাকৈ সুস্থ পৰিৱেশ বজাই ৰাখিবলৈও আহ্বান জনাইছে।
এক বিবৃতি যোগে সদৌ অসম উকীল সন্থাই কয়, “হিয়াৰ আমঠু অসমীয়া জাতিৰ সত্তা বিশ্ব সম্পদ শিল্পী জুবিন গার্গৰ অকাল মৃত্যুত সমাজ জীৱনত এক গভীৰ অসহনীয় আৰু মানি ল’ব নোৱাৰা পৰিৱেশ সৃষ্টি হৈছে। প্রয়াত শিল্পী গৰাকীৰ ছিংগাপুৰত যি অস্বাভাৱিক মৃত্যু হ’ল, ইয়াত ৰাইজে গভীৰ ৰহস্য আৰু সন্দেহৰ লগতে ষড়যন্ত্রৰ গোন্ধ পাইছে।”

সদৌ অসম উকীল সন্থাত বিবৃতি
সেয়েহ সমগ্র অসমৰ বিভিন্ন প্রান্তত জুবিন গার্গৰ অস্বাভাবিক মৃত্যুত জড়িত ব্যক্তিৰ বিৰুদ্ধে ভিন্ন স্থানত ইতিমধ্যে F.I.R. ৰুজু কৰিছে বুলিও সদৌ অসম উকীল সন্থাই আঙুলিয়াই দিয়ে। উকীল সন্থাই লগতে বিবৃতিটোত ‘অভিযুক্ত দুই এগৰাকী দুৰাচাৰী লম্পট আৰু নৈতিকভাবে অধঃপতিত লোক হিচাপে ইতিমধ্যে পতীয়মান হৈছে’ বুলিও কঠোৰ বাক্য ব্যৱহাৰ কৰিছে।