শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কামাখ্যা মন্দিৰত অভিনেত্ৰী তমন্না ভাটিয়া! পিতৃ-মাতৃৰ সৈতে ল’লে মা কামাখ্যাৰ আশিস

শক্তিপীঠ মা কামাখ্যাত পূজা-অৰ্চনা অভিনেত্ৰী তামান্না ভাটিয়াৰ৷ মহাদেৱ বেটিং এপৰ প্ৰমোচনৰ অভিযোগত বৃহস্পতিবাৰে EDৰ জেৰাৰ সন্মুখীন হৈছিল তামান্না৷ গুৱাহাটীৰ কাৰ্যালয়ত ৮ ঘণ্টা ধৰি EDয়ে জেৰা চলালে তমন্নাক। নিশা হোটেল ৰেডিছন ব্লুত কটাই আজি কামাখ্যা মন্দিৰ দৰ্শন কৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে।

কামাখ্যা মন্দিৰত অভিনেত্ৰী তমন্না ভাটিয়া! পিতৃ-মাতৃৰ সৈতে ল’লে মা কামাখ্যাৰ  আশিস
কামাখ্যা মন্দিৰত অভিনেত্ৰী তমন্না ভাটিয়া
Trishna Kalita
Trishna Kalita | Edited By: Barasha Misra | Updated On: 18 Oct 2024 17:00 PM

কামাখ্যা মন্দিৰত জনপ্ৰিয় অভিনেত্ৰী তমন্না ভাটিয়া। মা কামাখ্যাৰ আশীৰ্বাদ ল’লে তমন্না ভাটিয়াই। শক্তিপীঠ মা কামাখ্যাত পূজা-অৰ্চনা অভিনেত্ৰী তামান্না ভাটিয়াৰ৷ মহাদেৱ বেটিং এপৰ প্ৰমোচনৰ অভিযোগত বৃহস্পতিবাৰে EDৰ জেৰাৰ সন্মুখীন হৈছিল তামান্না৷ গুৱাহাটীৰ কাৰ্যালয়ত ৮ ঘণ্টা ধৰি EDয়ে জেৰা চলালে তমন্নাক। নিশা হোটেল ৰেডিছন ব্লুত কটাই আজি কামাখ্যা মন্দিৰ দৰ্শন কৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। পিতৃ-মাতৃৰ সৈতে শক্তিপীঠ কামাখ্যা মন্দিৰত উপস্থিত হৈছে অভিনেত্ৰীগৰাকী।

বৃহস্পতিবাৰে ঘণ্টা ঘণ্টা ধৰি খ্ৰীষ্টানবস্তিৰ EDৰ কাৰ্যালয়ত জেৰা তামান্নাক। নিষিদ্ধ মহাদেৱ বেটিং এপৰ বিজ্ঞাপন কৰিছিল তামান্নাই। বৃহস্পতিবাৰে পিতৃ-মাতৃৰ সৈতে গুৱাহাটীত উপস্থিত হৈছিল তামান্না ভাটিয়া। পূৰ্বেও অনলাইন জুৱাৰ সন্দৰ্ভত জেৰাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী। ৭/৮ ঘন্টা জেৰাৰ অন্তত অৱশেষত EDৰ গুৱাহাটীৰ কাৰ্যালয়ৰ পৰা যাবলৈ দিয়া হয় তমন্না ভাটিয়াক।বৃহস্পতিবাৰে দিনৰ প্ৰায় ১ বজাৰ পৰা নিশা ৯ বজালৈকে জেৰা EDৰ।

বৃহস্পতিবাৰৰ নিশাটো গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত কটালে অভিনেত্ৰী তমন্না ভাটিয়াই। তাৰ পাছত পুৱাই মা কামাখ্যাৰ মন্দিৰ দৰ্শন কৰিলে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। দুপৰীয়া AS12BC6327 নম্বৰৰ এখন বাণিজ্যিক বাহনেৰে আহি ইডিৰ কাৰ্যালয়ত উপস্থিত অভিনেত্ৰীগৰাকী। প্ৰথমতে সমগ্ৰ বিষয় সংবাদ মাধ্যমৰ পৰা আঁতৰত আছিল যদিও পিছত সকলো তথ্য পোহৰলৈ আনে সংবাদ মাধ্যমে। এটা অবৈধ ক্ৰিকেটৰ অনলাইন বিজ্ঞাপনৰ হৈ প্ৰচাৰ চলাইছিল অভিনেত্ৰীগৰাকীয়ে। মহাদেৱ বেটিং এপৰ প্ৰচাৰ চলাইছিল তামান্নাই।

তথ্যনুসৰি শুকুৰবাৰেও পুনৰ জেৰা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে কেইবাবাৰো EDয়ে চমন দিছিল তমন্নাক। ED ৰ কাৰ্যালয়ৰ পৰা ওলাই আহি কোনো মন্তব্য দিয়া নাই তমন্নাৰ লগতে পিতৃ-মাতৃয়ে।EDয়ে তমন্নাক কি কি প্ৰশ্ন সুধিলে, সেয়া অৱশ্যে এতিয়াও সংবাদ মাধ্যমক জানিবলৈ দিয়া হোৱা নাই।

মহাদেৱ বেটিং এপ কি?

মহাদেৱ এপটো হৈছে এটা অনলাইন বেটিং প্লেটফৰ্ম য’ত ব্যৱহাৰকাৰীয়ে পকাৰ, কাৰ্ড গেম, বেডমিণ্টন, টেনিছ, ফুটবল, আৰু ক্ৰিকেটকে ধৰি বিভিন্ন গেমৰ মাজেৰে লাইভ জুৱা খেলিব পাৰে। ইয়াৰ উপৰিও এপটোৰ জৰিয়তে ভাৰ্চুৱেল ক্ৰিকেট গেমৰ লগতে টিন পাট্টি আৰু পকাৰৰ দৰে কাৰ্ড গেমো উপলব্ধ। এই এপত কোটি কোটি লোকে জুৱা খেলাৰ তথ্য লাভ কৰিছিল EDয়ে।

ইয়াৰ পূৰ্বে মহাদেৱ বেটিং এপৰ বিজ্ঞাপনৰ বাবে বলীউডৰ তাৰকা অভিনেত্ৰী হোমা কুৰেশ্বী, ৰণবীৰ সিং, কমেডিয়ান কপিল শৰ্মা, শ্ৰদ্ধা কাপুৰ, বমান ইৰানী আৰু হিনা খানকে ধৰি প্ৰায় ১৪ গৰাকী বলীউড জগতৰে জড়িত লোকক EDয়ে চমন জাৰি কৰিছিল।