শিহৰণকাৰী ঘটনা! জীয়েক-জোঁৱায়েকে মাতৃক হত্যা কৰি পুতি থলে ঘৰৰ ভিতৰত
কোন দিশে গৈছে মানৱতা? আজিকালি ৯ মাহ ১০ দিনে গৰ্ভত ৰখা সন্তানেও যেন নিজ মাতৃক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এইবাৰ বোকাখাতত সংঘটিত হৈছে তেনেই এক ঘটনা।

ৰাজ্যত বৃদ্ধি হৈছে অপৰাধজনীত ঘটনা। হত্যা, লুণ্ঠন, ডকাইতিকে ধৰি বিভিন্ন অপৰাধ প্ৰতিদিনে ঘটিয়েই থাকে। স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো ক’ৰবাত যদি হত্যা, লুণ্ঠন, ধৰ্ষণ ক’ৰবাত চুৰি, ডকাইতি, প্ৰৱঞ্চনা, ধনদাবী, অপহৰণ ইত্যাদি ঘটনা প্ৰায়ে ঘটে। হত্যা, হিংসা লুণ্ঠন এতিয়া যেন সহজ কাম হৈ পৰিছে। অপৰাধ কৰিবলৈ যেন এতিয়া অলপো কুণ্ঠাবোধ নকৰে কোনেও, নাই আইনলৈও কোনো ভয়।
এইবাৰ বোকাখাতৰ জ্যোতিপুৰত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা। জীয়েক-জোঁৱায়েকে হত্যা কৰি মাতৃক ঘৰৰ ভিতৰত পুতি থোৱাৰ উঠিছে অভিযোগ। প্ৰায় ৭০ বছৰীয়া বৃদ্ধা শান্তি গোৱলা ৩ দিন ধৰি নিৰুদ্দেশ হৈ আছিল। বোকাখাত আৰক্ষীৰ এক সূত্ৰৰ খবৰ অনুসৰি নিশা অভিযান চলাই হত্যাকাৰীৰ ঘৰৰ ভিতৰতে পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে ।
কেনেকৈ নিজ জন্মদাত্ৰী মাতৃক হত্যা কৰিব পাৰে কন্যাই? বৰ্তমান জীয়েক-জোঁৱায়ে পলাতক বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। বৃদ্ধা মহিলাগৰাকী নিৰুদ্দেশৰ পিছত আত্মীয়ৰ লগতে ওচৰ-চুবুৰীয়াৰ সন্দেহ হৈছিল নৃশংসভাৱে হত্যা কৰি ঘৰৰ ভিতৰত পুতি থোৱাৰ। সেই মৰ্মে আৰক্ষীয়ে বিচাৰি উলিয়াই বৃদ্ধাগৰাকীক। এতিয়া ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। কি কাৰণত জী-জোঁৱায়েকে এই হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এতিয়া পলাতক হৈ আছে অভিযুক্ত জীয়ৰী চম্পা গোৱলা আৰু জোঁৱাই দিলীপ ভূঞা। আৰক্ষীৰ গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিব সমগ্ৰ ঘটনা।
মাতৃক হত্যা কৰি সেই ঘৰটোতে আছিল জী-জোঁৱায়েক। নিজ মাতৃক হত্যা কৰি সেই ঘৰটোতে খাইছিল শুইছিল লগতে তেওঁলোকে আনন্দও কৰিছিল। মাতৃক হত্যা কৰে কোৰেৰে খান্দি পুতি ৰাখিছিল আৰক্ষীৰ ভয়ত।
তথ্যনুসৰি, জী-জোঁৱায়েকে একো কাম কৰা নাছিল আৰু ৭০ বছৰীয়া মাতৃক ভিক্ষা কৰিবলৈ লগাইছিল। যদিহে বৃ্দ্ধা মাতৃয়ে ভিক্ষা খুজিবলৈ যাব অমান্তি হয় তেন্তে তেওঁৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা হৈছিল। ইয়াৰোপৰি জী-জোঁৱায়েকে লগ হৈ মাতৃক গতিয়াইছিল, মাৰিছিল। হাতত মোনাটো দি বৃদ্ধাগৰাকীক কয় যদিহে ভিক্ষা কৰিবলৈ নাযাও তেন্তে ৰাতি তোক খাবলৈ নিদিও লগতে ৰাতি বাহিৰত থৈ দিয়ে। স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি মাতৃয়ে ভিক্ষা খুজিবলৈ যাব নোৱাৰাৰ বাবে কৰে এই হত্যাকাণ্ড।
স্থানীয় ৰাইজে যেতিয়া জীয়ৰীক সুধিছিল তেতিয়া কৈছিল যে আমি তেওঁক নিশা মাহীৰ ঘৰত থৈ আহিছোঁ। অৱশেষত স্থানীয় ৰাইজে বিচাৰি সকলো কথা আৰক্ষীক জনাই আৰু মঙলবাৰে নিশা মৃতদেহটো ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে।