১৩ দিনীয়া অনুষ্ঠানৰ প্ৰস্তুতি আৰম্ভ, ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে যোৰহাটত ৩ দিন ৰখা হ’ব জুবিনৰ চিতাভস্ম!
জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ ১৩ দিনীয়া অনুষ্ঠানটিৰ প্ৰস্তুতি আৰম্ভ কৰিছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ এক ৰাজহুৱা স্থানত ৩ দিনৰ বাবে প্ৰাণৰ শিল্পীগৰাকীৰ চিতাভস্ম ৰাইজৰ শ্ৰদ্ধাঞ্জলিৰ বাবেও ৰাখিবলৈ পৰামৰ্শ দিছে।

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ ১৩ দিনীয়া অনুষ্ঠানটি যোৰহাটত অনুষ্ঠিত হ’ব। এই সন্দৰ্ভত প্ৰস্তুতি আৰম্ভ কৰিছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ এক ৰাজহুৱা স্থানত ৩ দিনৰ বাবে প্ৰাণৰ শিল্পীগৰাকীৰ চিতাভস্ম ৰাইজৰ শ্ৰদ্ধাঞ্জলিৰ বাবেও ৰাখিবলৈ পৰামৰ্শ দিছে। ইতিমধ্যে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু যোৰহাট জিলা আয়ুক্তৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে আলোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে কয়,”অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ ১৩ দিনীয়া অনুষ্ঠান অসম চৰকাৰৰ উদ্যোগত যোৰহাটত অনুষ্ঠিত কৰিবলৈ লোৱাৰ কথা আপোনালোক সকলোৱে জ্ঞাত৷ উক্ত দিনাই যোৰহাটলৈ শিল্পীগৰাকীৰ চিতাভস্ম লৈ যোৱা হ’ব৷” তেওঁ লগতে কয় যে, এই অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত আজিৰ শুকুৰবাৰে যোৰহাট জিলাৰ মাননীয় বিধায়কদ্বয় হিতেন্দ্ৰ নাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী আৰু যোৰহাট জিলা আয়ুক্তৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এক আলোচনাত মিলিত হয়।
তেওঁ কয় যে, ১৩ দিনীয়া অনুষ্ঠানভাগি আয়োজনৰ সন্দৰ্ভত সতীৰ্থ মন্ত্ৰী বিমল বড়াই আজি গৰিমা শইকীয়া গাৰ্গৰ মতামত গ্ৰহণ কৰি কাইলৈ যোৰহাটবাসীৰ সৈতে আলোচনা কৰিব৷ তেওঁ কয়, “১৩ দিনীয়া অনুষ্ঠানৰ পাছত যোৰহাটৰ এক ৰাজহুৱা স্থানত ৩ দিনৰ বাবে মৰমৰ শিল্পীগৰাকীৰ চিতাভস্ম ৰাইজৰ শ্ৰদ্ধাঞ্জলিৰ বাবে ৰাখিবলৈ আমি পৰামৰ্শ আগবঢ়াইছোঁ৷”
ইফালে, আজি শুকুৰবাৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহত মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হয়। ইয়াৰ পাছতে অসম চৰকাৰৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মৰমৰ শিল্পী গৰাকীৰ বিয়োগত পৰিয়ালবৰ্গলৈ প্ৰেৰণ কৰা শোকবাৰ্তা আনুষ্ঠানিকভাৱে জুবিনৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পন কৰে।