কোন হ’ব দালাই লামাৰ উত্তৰাধিকাৰী! ভাৰতৰ স্থিতিয়ে চিন্তিত কৰিছে চীনক
তীব্বতৰ ধৰ্মগুৰু দালাই লামাই আজি ৯০ সংখ্যক জন্মদিন পালন কৰিছে। চতুৰ্দশ দালাই লামাৰ বয়স আগবঢ়াৰ লগে লগে তেওঁৰ উত্তৰাধিকাৰ সন্দৰ্ভতো ব্যাপক চৰ্চা চলিছে। এই বিষয়ত এতিয়া ভাৰতৰ স্থিতিয়ে চিন্তিত কৰি তুলিছে চীনক।

আজি ৯০ সংখ্যক জন্মদিন পালন কৰিছে তীব্বতৰ ধৰ্মগুৰু দালাই লামাই। চতুৰ্দশ দালাই লামাৰ বয়স আগবঢ়াৰ লগে লগে তেওঁৰ উত্তৰাধিকাৰ সন্দৰ্ভতো ব্যাপক চৰ্চা চলিছে। তেওঁৰ পিছত তিব্বতৰ সৰ্বোচ্চ নেতাৰ পদ কোনে গ্ৰহণ কৰিব? দালাই টেনজিং গেষ্ট্ৰ’ই নিজৰ উত্তৰাধিকাৰীক মনোনীত কৰিবনে? সেয়া আছিল যথেষ্ট চৰ্চিত প্ৰশ্ন। এনে চৰ্চাৰ মাজতে ৯০ বছৰীয়া জন্মদিনৰ পূৰ্বে প্ৰথমবাৰৰ বাবে নিজৰ স্থিতি স্পষ্ট কৰি দিলে দালাই লামাই। যোৱা মঙলবাৰে দালাই লামাই উল্লেখ কৰিছিল যে তেওঁ গঠন কৰা ফড্ৰাং ট্ৰাষ্টে তেওঁৰ উত্তৰাধিকাৰীৰ সিদ্ধান্ত ল’ব। ইয়াত আন কাৰো ভূমিকা নাথাকিব বুলিও তেওঁ উল্লেখ কৰিছিল।
তেওঁৰ এই মন্তব্যৰ পিছতে চীনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। শেহতীয়াকৈ চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে দাবী কৰিছে যে চীনৰ অবিহনে দালাই লামাৰ উত্তৰাধিকাৰৰ সিদ্ধান্ত ল’ব নোৱাৰি। চীনৰ আইন আৰু ৰীতি-নীতি অনুসৰি দালাই লামাৰ মনোনয়ন দিব লাগিব বুলি তেওঁ মন্তব্য কৰিছিল। চীনৰ এনে বক্তব্যৰ পিছতে ভাৰতেও দালাই লামাৰ উত্তৰাধিকাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
বৃহস্পতিবাৰে ধৰ্মশালাৰ দালাই লামা আশ্ৰমত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে চীনৰ বক্তব্যক একপ্ৰকাৰে প্ৰত্যুত্তৰ দি দালাই লামাৰ উত্তৰাধিকাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ অধিকাৰ দালাই লামাৰ বাহিৰে আন কাৰো নাই বুলি মন্তব্য কৰে। ৰিজিজুৱে কয়, “দালাই লামাৰ উত্তৰাধিকাৰ তিব্বতীসকলৰ বিশ্বাস আৰু আৱেগৰ সৈতে জড়িত। সমগ্ৰ বিশ্বজুৰি থকা দালাই লামাৰ অনুগামীসকলৰ বাবেও এয়া গুৰুত্বপূৰ্ণ।”
এই ক্ষেত্ৰত ভাৰতৰ স্থিতি একেই থাকিব বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে এইবাৰ তিব্বতৰ ৰীতি-নীতি অনুসৰি দালাই লামাৰ উত্তৰাধিকাৰী বাছনি কৰা হ’ব বুলিও মন্তব্য কৰে। দালাই লামাৰ মনোনয়নক লৈ ভাৰত আৰু চীনৰ মাজত এনে সংঘাতৰ সৃষ্টি হোৱাৰ মূলতঃ তিনিটা কাৰণ থকা বুলিব পাৰি। প্ৰথমতে, যদি তিব্বতৰ সৰ্বোচ্চ নেতাৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিব পৰা যায় তেতিয়া তিব্বতৰ এক বৃহৎ অংশৰ সমৰ্থন নিশ্চিত হ’ব।
দ্বিতীয়তে, যদি দালাই লামা ভাৰতৰ সমৰ্থনলৈ আহে তেতিয়া তিব্বতৰ বিষয়ত চীনৰ প্ৰভাৱ হ্ৰাস পাব। তৃতীয়তে, ভাৰত আৰু চীনে আন্তৰ্জাতিক পৰ্যায়ত তিব্বত সন্দৰ্ভত নিজৰ স্থিতি সুদৃঢ় কৰিবলৈ দালাই লামাক ব্যৱহাৰ কৰিব বিচাৰে। সাধাৰণতে তিব্বত সন্দৰ্ভত ভাৰতৰ গুৰুত্বৰ এটাই উদ্দেশ্য আছে– চীনৰ ওপৰত হেঁচা প্ৰয়োগ কৰা। কিন্তু তিব্বতত চীনৰ একাধিক স্বাৰ্থ জড়িত হৈ আছে। আৰু সেইবাবেই দালাই লামাৰ উত্তৰাধিকাৰীক লৈ চীন ইমান চিন্তিত হৈ পৰিছে।
ভাৰতৰ মতে দালাই লামাই তেওঁৰ উত্তৰাধিকাৰীৰ নিৰ্বাচনৰ কৰি উইল কৰিছে আৰু সেই উইল এতিয়া ফড্ৰাং ট্ৰাষ্টৰ হাতত আছে। ইফালে বিবিচিৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে এইবাৰ কোনো শিশু বা কিশোৰৰ পৰিৱৰ্তে এগৰাকী যুৱ গৱেষকক দালাই লামা হিচাপে দেখা যাব। লক্ষণীয়ভাৱে ২০১৯ চনত দালাই লামাই পৰৱৰ্তী দালাই লামাক ভাৰতৰ পৰা নিৰ্বাচিত কৰা হ’ব বুলি মন্তব্য কৰিছিল। তেতিয়াৰ পৰাই চীন দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত অধিক ব্যস্ত হৈ পৰিছে।