শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পতঞ্জলিৰ নতুন সামগ্ৰী ‘দন্ত কান্তি গণ্ডুছ অইল পুলিং’ উন্মোচনঃ গুণৰ বাখ্যা কৰিলে স্বামী ৰামদেৱে

পতঞ্জলিয়ে মুকলি কৰিলে প্ৰতিষ্ঠানটোৰ নতুন সামগ্ৰী ‘দন্ত কান্তি গণ্ডুছ অইল পুলিং’। এই নতুন সামগ্ৰীবিধৰ উন্মোচন কৰি পতঞ্জলিৰ প্ৰতিষ্ঠাপক স্বামী ৰামদেৱে এই প্ৰচেষ্টাক যোগ আৰু আয়ুৰ্বেদৰ ক্ষেত্ৰত এক নতুন মাইলষ্ট’ন হিচাপে অভিহিত কৰে।

পতঞ্জলিৰ নতুন সামগ্ৰী ‘দন্ত কান্তি গণ্ডুছ অইল পুলিং’ উন্মোচনঃ গুণৰ বাখ্যা কৰিলে স্বামী ৰামদেৱে
পতঞ্জলিৰ নতুন সামগ্ৰী উন্মোচন
monjit-dutta
Monjit Dutta | Published: 06 Jul 2025 23:42 PM

পতঞ্জলিয়ে মুকলি কৰিলে প্ৰতিষ্ঠানটোৰ নতুন সামগ্ৰী দন্ত কান্তি গণ্ডুছ অইল পুলিং এই নতুন সামগ্ৰীবিধৰ উন্মোচন কৰি পতঞ্জলিৰ প্ৰতিষ্ঠাপক স্বামী ৰামদেৱে এই প্ৰচেষ্টাক যোগ আৰু আয়ুৰ্বেদৰ ক্ষেত্ৰত এক নতুন মাইলষ্ট হিচাপে অভিহিত কৰে। পতঞ্জলিয়ে কেৱল চিকিৎসাই নহয়, সংস্কৃতি, পৰম্পৰা আৰু বিজ্ঞানৰ সমন্বয়কো বিশ্বৰ আগত উপস্থাপন কৰিছে বুলি ৰামদেৱে মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমান সময়ত মানুহে নিজৰ শৰীৰটো কেনেদৰে পৰিচালনা কৰিব লাগে আৰু ইয়াৰ লগত কেনেকৈ সহযোগিতা কৰিব লাগে সেয়া পাহৰি গৈছে।

পতঞ্জলিয়ে যোগ আৰু আয়ুৰ্বেদৰ জৰিয়তে জনসাধাৰণক এই বিষয়ে শিকোৱাৰ কাম কৰি আছে বুলি উল্লেখ কৰে ৰামদেৱে। পতঞ্জলিৰ এই নতুন দন্ত চিকিৎসাই ভাৰতৰ প্ৰাচীন সনাতন জ্ঞান হাজাৰ হাজাৰ বছৰ পূৰ্বৰ দৰে আজিও যে প্ৰাসংগিক, সেয়া প্ৰমাণ কৰিছে বুলি স্বামী ৰামদেৱে লগতে কয়।

আজি দন্ত কান্তি গণ্ডুছ অইল পুলিং উন্মোচন কৰে যোগ গুৰু স্বামী ৰামদেৱ, আচাৰ্য বালকৃষ্ণ, ভাৰতীয় দন্ত চিকিৎসা সংস্থা, উত্তৰাখণ্ড শাখাৰ সভাপতি ডাঃ ৰাজীৱ বংশাল, সম্পাদক ডাঃ বিশ্বজীত ৱালিয়া, কোষাধ্যক্ষ ড° বৈভৱ পাহৱাই। এই সামগ্ৰীবিধক আয়ুৰ্বেদৰ হেৰাই যোৱা দৈনন্দিন পৰম্পৰা পুনৰুদ্ধাৰ কৰাৰ এক ঐতিহাসিক প্ৰচেষ্টা হিচাপে বৰ্ণনা কৰা হৈছে।

এই উন্মোচনী অনুষ্ঠানত আচাৰ্য বালকৃষ্ণই কয় যে এই সামগ্ৰীবিধ পতঞ্জলি গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলৰ তিনি বছৰীয়া অক্লান্ত প্ৰচেষ্টা আৰু নিষ্ঠাৰ ফল। তেওঁ লগতে চৰক সংহিতা আৰু সুশ্ৰুত সংহিতাৰ দৰে আয়ুৰ্বেদৰ মূল গ্ৰন্থসমূহত গণ্ডুছক মুখৰ স্বাস্থ্যৰ বাবে এক প্ৰধান প্ৰক্ৰিয়া হিচাপে বৰ্ণনা কৰা হৈছে বুলিও দোহাৰে।

আচাৰ্য বালকৃষ্ণই উল্লেখ কৰা মতে এই নতুন সামগ্ৰীবিধত টুম্বুৰু তেল থাকে, যি দাঁত আৰু দাঁতৰ আলু মজবুত কৰে। ইয়াত থকা লঙৰ তেলে দাঁতৰ বিষত উপশম দিয়ে, পদূনা তেলে মুখৰ দুৰ্গন্ধ দূৰ কৰে আৰু ইউকেলিপ্টাছ তেলে বেক্টেৰিয়াৰ বৃদ্ধি ৰোধ কৰে লগতে এই সামগ্ৰীত থকা তুলসীৰ তেল বেক্টেৰিয়ানাশক হোৱাৰ বাবে দাঁতক ক্ষয় আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰে বুলিও তেওঁ সদৰী কৰে।

অনুষ্ঠানত উপস্থিত থকা ভাৰতীয় দন্ত চিকিৎসা সংস্থা, উত্তৰাখণ্ডৰ শাখাৰ সম্পাদক ডাঃ বিশ্বজীত ৱালিয়াই কয় যে দন্ত কান্তি গণ্ডুছ অইল পুদিং গৱেষণা আৰু প্ৰমাণ ভিত্তিক আয়ুৰ্বেদিক চিকিৎসা, যি পায়েৰিয়া আৰু বিভিন্ন দাঁতৰ ৰোগ নিৰাময়ত অতি সহায়ক হ’ব। পতঞ্জলি ৰিচাৰ্চ ফাউণ্ডেচনে কৰি থকা গৱেষণাকো তেওঁ প্ৰশংসা কৰে।

এই অনুষ্ঠানত ভাৰতীয় দন্ত চিকিৎসা সংস্থা, উত্তৰাখণ্ড শাখাৰ সভাপতি ডাঃ ৰাজীৱ বংশাল, সম্পাদক ডাঃ বিশ্বজীত ৱালিয়া, কোষাধ্যক্ষ ড° বৈভৱ পাহৱা, পতঞ্জলি হাস্পতালৰ দন্ত চিকিৎসা বিভাগৰ মুৰব্বী তথা হৰিদ্বাৰ শাখাৰ ভাৰতীয় দন্ত চিকিৎসা সংস্থাৰ সম্পাদক ডাঃ কুলদীপ সিং, পতঞ্জলি অনুসন্ধান সন্থাৰ উপ-সভাপতি তথা মুখ্য বিজ্ঞানী ডাঃ অনুৰাগ বর্ষ্ণেয়, ভাৰতীয় দন্ত চিকিৎসা সংস্থা, হৰিদ্বাৰ শাখাৰ কোষাধ্যক্ষ ড০ গুৰপ্ৰীত ওবেৰয়ৰ লগতে উত্তৰাখণ্ডৰ বহু প্ৰখ্যাত দন্ত চিকিৎসক উপস্থিত থাকে।