শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ক’লা ধোঁৱাই ছানি ধৰিছে আকাশ, এয়া কিহৰ সংকেত?

ক’লা ধোঁৱাই ছানি ধৰিছে আকাশ, এয়া কিহৰ সংকেত?

trishna-kalita
Trishna Kalita | Published: 06 Jul 2025 23:15 PM

জানিব পৰা মতে বুধবাৰে এই আগ্নেয়গিৰিৰ উদগীৰণ হৈছিল। ভিতৰৰ পৰা ওলাই আহিছে লাভা । ৩০০০ মিটাৰ পৰ্যন্ত ওপৰলৈ উঠিছে ধোঁৱা। ২০১১ চনৰ পিছত প্ৰথমবাৰৰ বাবে জাপানৰ আগ্নেয়গিৰিৰ ধোঁৱা ইমান ওপৰলৈ উঠা দেখা গৈছে।

জাপানত মেগা ছুনামী হ’ব বুলি কৰা হৈছিল এক ভৱিষ্যদ্বাণী। এতিয়াও ছুনামী অহা নাই যদিও জাপানত বিপদৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰিছে।  সাৰ পাই উঠিছে জাপানৰ মাউণ্ট শ্বিনমোডেকে। আগ্নেয়গিৰিৰ পৰা ইতিমধ্যে ধোঁৱা ওলাবলৈ আৰম্ভ কৰিছে। যাৰ বাবে সতৰ্কবাণী জাৰি কৰিছে স্থানীয় প্ৰশাসনে। জানিব পৰা মতে বুধবাৰে এই আগ্নেয়গিৰিৰ উদগীৰণ হৈছিল। ভিতৰৰ পৰা ওলাই আহিছে লাভা । ৩০০০ মিটাৰ পৰ্যন্ত ওপৰলৈ উঠিছে ধোঁৱা। ২০১১ চনৰ পিছত প্ৰথমবাৰৰ বাবে জাপানৰ আগ্নেয়গিৰিৰ ধোঁৱা ইমান ওপৰলৈ উঠা দেখা গৈছে।

আনহাতে, বৃহস্পতিবাৰে কাগোছিমা প্ৰিফেকচাৰত এক প্ৰবল ভূমিকম্প অনুভৱ কৰা হয়। বিগত দুসপ্তাহত ১০০০ৰো অধিক কম্পন অনুভৱ কৰা হৈছে। দক্ষিণ ক্যুছুতো ৫.৫ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। যাৰ বাবে খালী কৰা হৈছে অঞ্চলটো । শনিবাৰে জাপান প্ৰশাসনে আৰু অধিক ভূমিকম্প হ’ব পাৰে বুলি সতৰ্কবাণী জাৰি কৰে।