শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Anti-aging medicine: বুঢ়া নহ’বলৈ এজন ব্যক্তিয়ে কিমান টকা খৰচ কৰে?

Anti-aging medicine: বুঢ়া নহ’বলৈ এজন ব্যক্তিয়ে কিমান টকা খৰচ কৰে?

barasha-misra
Barasha Misra | Published: 05 Jul 2025 22:30 PM

বয়স কম কৰাৰ লগতে সৌন্দৰ্য বৃদ্ধিৰ বাবে এই ঔষধে কাম কৰে বুলি কোৱা হয়। কিন্তু এই ঔষধ সেৱন কৰাটো অতি বিপদজনক আৰু ইয়াৰ ফলত আপোনাৰ জীৱন ক্ষতি হ’ব পাৰে। এনে পৰিস্থিতিত প্ৰশ্ন হয়, ভাৰতত গ্লুটাথিয়নৰৰ দাম কিমান আৰু এন্টি এজিঙৰ বাবে মানুহে কিমান খৰচ কৰে ?

আজিকালি মানুহে নিজকে ধুনীয়া দেখাবলৈ কি নকৰে!কিছুদিন পূৰ্বে শ্বেফালী জাৰিৱালাৰ মৃত্যুই বলীউডৰ লগতে অনুৰাগীসকলক জোকাৰি গৈছে। সামাজিক মাধ্যমত চৰ্চা চলিছিল যে, বয়স বৃদ্ধি বিৰোধী চিকিৎসাৰ বাবে তেওঁৰ মৃত্যু হয়। অৱশ্যে এই কথা এতিয়ালৈক নিশ্চিত হোৱা নাই। পিছে শ্বেফালীৰ ঘটনাৰ পাছতে এতিয়া পুনৰ এবাৰ গ্লুটাথিয়নৰ (Glutathione) দৰে বয়স বৃদ্ধি প্ৰতিৰোধী ঔষধৰ ওপৰত বিতৰ্ক আৰম্ভ হৈছে। গ্লুটাথিয়ন আজিকালি যথেষ্ট ট্ৰেণ্ডিঙত। যিকোনো ই-কমাৰ্চ প্লেটফৰ্ম আৰু মেডিকেল ষ্ট’ৰত ই সহজেই উপলব্ধ।

বয়স কম কৰাৰ লগতে সৌন্দৰ্য বৃদ্ধিৰ বাবে এই ঔষধে কাম কৰে বুলি কোৱা হয়। কিন্তু এই ঔষধ সেৱন কৰাটো অতি বিপদজনক আৰু ইয়াৰ ফলত আপোনাৰ জীৱন ক্ষতি হ’ব পাৰে। এনে পৰিস্থিতিত প্ৰশ্ন হয়, ভাৰতত গ্লুটাথিয়নৰৰ দাম কিমান আৰু এন্টি এজিঙৰ বাবে মানুহে কিমান খৰচ কৰে ?

প্ৰথমে জানক গ্লুটাথিয়নৰ কি?

গ্লুটাথিয়ন হৈছে এক প্ৰকাৰৰ এন্টিঅক্সিডেন্ট যিয়ে শৰীৰত উপস্থিত বিষাক্ত উপাদানসমূহ আঁতৰাই ছালখনক উজ্জ্বল আৰু ধুনীয়া কৰি তোলে। ই ছালৰ বয়স কম কৰাত সহায় কৰে। কোৱা হয়, এই ঔষধ ব্যৱহাৰ কৰিলে মানুহৰ বয়স কম দেখায়।

ভাৰতত এই বেজী বা টেবলেটৰ মূল্য ১৫০০ টকাৰ পৰা ৭০০০ টকা পৰ্যন্ত। কোনোবাই বেজীৰ জৰিয়তে ইয়াৰ চিকিৎসা গ্ৰহণ কৰিব পাৰে। বেজীৰ সহায়ত এই চিকিৎসা গ্ৰহণ কৰিলে ৫০ হাজাৰৰ পৰা ২ লাখ টকালৈ বৃদ্ধি পাব পাৰে। বহু চেলিব্ৰেটী আৰু সাধাৰণ মানুহে ধুনীয়া আৰু নিজকে আকৰ্ষণীয় কৰি ৰাখিবৰ বাবে এই ঔষধ ব্যৱহাৰ কৰে।

এক প্ৰতিবেদন অনুসৰি, ভাৰতৰ মানুহে কেৱল ছালৰ যত্ন আৰু বয়স বৃদ্ধি বিৰোধী চিকিৎসাৰ বাবে বছৰি হাজাৰ হাজাৰ কোটি টকা খৰচ কৰে। বিশেষকৈ ৩০ বছৰৰ পাছত মানুহে উজ্বল ছাল পাবলৈ আৰু বয়স বৃদ্ধিৰ ৰেখা আঁতৰ কৰিবলৈ লাখ লাখ টকা খৰচ কৰে।

ছাল ধুনীয়া আৰু বয়স কম কৰাৰ বাবে গ্লুটাথিয়ন ভাৰতত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে। অৱশ্যে ইয়াৰ দাম ফৰ্ম অনুসৰি বেলেগ হয়। মানুহে বেজীৰ বাবে প্ৰতি ড’জত ৬,০০০ৰ পৰা ১৫,০০০ টকা, টেবলেট/কেপচুলৰ বাবে প্ৰতিমাহে ১৫০০ৰ পৰা ৫,০০০ টকা, ফেচিয়েল/থেৰাপীৰ বাবে প্ৰতিটো ছেশ্যনত ৩,০০০ৰ পৰা ১০,০০০ টকা খৰচ কৰে।

এই ঔষধৰ ফলত বৃক্ক, যকৃত আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে। গতিকে এই ঔষধ গ্ৰহণ কৰাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা প্ৰয়োজন।