ঘৰৰ ভিতৰত ফেনেৰে কাপোৰ শুকুৱালে কি ক্ষতি হয় জানেনে?

6 July 2025

TV9 ASSAM

বাৰিষাৰ সময়ত বহু লোকৰে কাপোৰ শুকুৱাৰ সমস্যা হয়। শীতকালতো সাধাৰণতে এনে সমস্যাই হয়। সেয়ে বহু লোকে ঘৰৰ ভিতৰত ফেনেৰে কাপোৰ শুকুৱাই লয়।

কাপোৰ

কাপোৰ শুকুৱাবলৈ সহজ হয় যদিও অৱশ্যে এই অভ্যাসৰ কিছু ক্ষতিকাৰক দিশ আছে। ঘৰৰ ভিতৰত তিতা কাপোৰ শুকাবলৈ দিলে জলীয় বাষ্পৰ সৃষ্টি হয়।

ক্ষতিকাৰক

ঘৰৰ আৰ্দ্ৰতা বাঢ়িলে ভেঁকুৰৰ সৃষ্টি হ’ব পাৰে। এই পৰিৱেশত থাকিলে শ্বাস-প্ৰশ্বাসজনিত সমস্যা, এলাৰ্জী, হাঁপানীৰ দৰে ৰোগ হ’ব পাৰে।

ৰোগ

ঘৰৰ বতাহত অতিৰিক্ত ডিটাৰজেণ্টৰ অৱশিষ্ট থাকিলে ঘৰৰ ভিতৰৰ বায়ুৰ গুণাগুণ বেয়া হ’ব পাৰে। ইয়াৰ ফলতো নানা সমস্যা হ’ব পাৰে।

বায়ুৰ গুণাগুণ

এই অভ্যাস দীৰ্ঘদিন ধৰি চলিলে কাঠৰ আচবাবত ভেঁকুৰৰ সৃষ্টি হ’ব পাৰে। লগতে ঘৰৰ বেৰ আৰ্দ্ৰ হৈ ৰং ম্লান হ’ব পাৰে।

সম্পদ নষ্ট

তিতা কাপোৰৰ পৰা অহা আৰ্দ্ৰতাৰ বাবে ফেনখনত ধূলি জমা হ’ব পাৰে। ইয়াৰ ফলত ফেনখন লাহে লাহে চলিব পাৰে, আনকি যান্ত্ৰিক বিজুতি ঘটিব পাৰে।

ফেনৰ সমস্যা

ঘৰৰ ভিতৰত কাপোৰ শুকুৱাওঁতে খিৰিকী-দুৱাৰ খুলি বায়ু চলাচল হ’ব পৰা কৰি ৰাখিব। ঘৰৰ পৰিবেশ ভাল হব। সম্ভৱ হ’লে এক্সজেষ্ট ফেন ব্যৱহাৰ কৰক।

এনে কৰক

কাপোৰবোৰ ভালদৰে চেপি লৈ তাৰ পিছত ফেনৰ তলত এইদৰে শুকাবলৈ দিব পাৰে। তেতিয়া কম সময়ৰ ভিতৰতে কাপোৰ শুকাব।

উপায়

পঢ়িবলৈ ক্লিক কৰক 

বিশ্ব ৰেকৰ্ড গঢ়িলে বৈভৱ সূর্যবংশীয়ে