Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- পুনৰ এখন নতুন উৰণ সেতু মহানগৰীত, আজি মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি ৰাইজৰ বাবে মুকলি কৰিব ৰুক্মিণীগাঁৱৰ নতুন উৰণ সেতুখন। ইতিমধ্যে যান-জঁট সমস্যা নিৰ্মূলৰ বাবে চৰকাৰে ইতিমধ্যে কেইবাখনো উৰণ সেতু নিৰ্মাণ কৰিছে।
- তৃতীয় স্থানত ভাৰত, WPFG ত ৫ টা স্বৰ্ণকে ধৰি ৮ টা পদক লাভ অসম আৰক্ষী জোৱানৰ। অসম আৰক্ষীৰ জোৱানসকলে ৫ টা স্বৰ্ণ আৰু তিনিটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। এই সফলতাৰ বাবে ইতিমধ্যে খেলুৱৈসকলক অভিনন্দন জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
- ঝাৰখণ্ডৰ ৰামগড় জিলাৰ চিচিএল কৰ্ম প্ৰকল্পত সংঘটিত হৈছে এক ডাঙৰ দুৰ্ঘটনা। একাংশ গাঁওবাসীয়ে অবৈধ খনন কৰিবলৈ চিচিএলৰ কুজুত অৱস্থিত চেণ্ট্ৰেল ক’লফিল্ড লিমিটেডৰ কৰ্ম প্ৰকল্পত প্ৰৱেশ কৰে। এই সময়ছোৱাত আকস্মিকভাৱে কয়লা খনি খহি গাঁৱৰ ৪ জন লোকৰ মৃত্যু হয়।
- এতিয়াও পলাতক নীৰৱ মোদী, আমেৰিকাত গ্ৰেপ্তাৰ ভাতৃ নেহাল, PNB কেলেংকাৰীত আছিল হাত! ভাৰত চৰকাৰে প্ৰেৰণ কৰা প্ৰত্যাৰ্পণ আবেদনৰ ভিত্তিত ৪ জুলাইত নেহাল গ্ৰেপ্তাৰ কৰিছিল আমেৰিকা কৰ্তৃপক্ষই। এই আবেদন কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই) আৰু প্ৰৱৰ্তক সঞ্চালকালয় (ইডি)এ যৌথভাৱে দাখিল কৰিছে।
- গুৱাহাটীৰ মাজ মজিয়াত জয়ন্ত মল্লবৰুৱাৰ পত্নীৰ বিলাসী হোটেল, ফটো ৰাজহুৱা কৰিলে অখিল গগৈয়ে। শনিবাৰে এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীৰ পত্নীয়ে বিলাসী হোটেল নিৰ্মাণৰ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে। হোটেলখনৰ নাম কৈলাশ ৰেচিডেন্সি ৷ আৰ পি ৰ’ড, এম এল এ হোষ্টেলৰ পিছফাল, গণেশগুৰিত আছে এই হোটেলখন ৷
- নিৰাপত্তা নিশ্চিত কৰাত সফল ! ২০২৫ চনৰ প্ৰথম ছমাহৰ ভিতৰত অসমে NATGRID (National Intelligence Grid) ব্যৱহাৰৰ ক্ষেত্ৰত অন্যতম শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে গৰিগণিত হৈছে। অসম আৰক্ষীয়ে এই প্লেটফৰ্ম সক্ৰিয়ভাৱে ব্যৱহাৰ কৰা ফলত সমগ্ৰ ৰাজ্যতে চোৰাংচোৱা অভিযানৰ সফলতা আৰু শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰাত সহায়ক হৈছে বুলি কোৱা হৈছে।
- আহমেদাবাদৰ বিমান দুৰ্ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ এয়াৰ ইণ্ডিয়াই ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। উত্থাপিত অভিযোগ অনুসৰি, ক্ষতিপূৰণ প্ৰক্ৰিয়াক লৈ ভুক্তভোগীৰ পৰিয়ালৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে এয়াৰ ইণ্ডিয়াই।
- অখিল গগৈকো তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ। কেইমাহ মানৰ পাছতে শপতনামা দাখিল কৰিলে সম্পত্তিৰ সকলো হিচাপ পাব। অখিল গগৈৰ অভিযোগৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
- BTRত মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰ। একেৰাহে তিনিদিন প্ৰচাৰ অভিযান মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে কয়, BTC নিৰ্বাচনত বিজেপি দলে পূৰ্বতকৈও ভাল ফলাফল কৰিব। UPPL, BPFক মই ৰাজনৈতিক দল হিচাপে নহয় বড়ো সমাজৰ প্ৰতিনিধি হিচাপেহে চাওঁ।