শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Top News: পলকতে পঢ়ক দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…

আজি দিনটোত বহু ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছে। পলকতে পঢ়ক অসমৰ লগতে দেশ বিদেশত ঘটা ৯টা গুৰুত্বপূৰ্ণ খবৰ-

Top News: পলকতে পঢ়ক দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…
দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ…
trishna-kalita
Trishna Kalita | Published: 05 Jul 2025 19:56 PM

আজি দিনটোত বহু ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছে। পলকতে পঢ়ক অসমৰ লগতে দেশ বিদেশত ঘটা ৯টা গুৰুত্বপূৰ্ণ খবৰ-

 

  1. মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পত্নীৰ সম্পত্তিৰ তালিকা হাতত লৈ সংবাদমেল ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। মন্ত্ৰীগৰাকীৰ পৰিয়ালৰ ৰাজ্যৰ ক’ত কিমান মাটি সম্পত্তি আছে সেই বিষয়ে তথ্য প্ৰদান বিধায়ক গগৈৰ। পূৰ্ব বিজেপিৰ নেতাতকৈ দল বাগৰি অহা বিজেপি নেতাৰ পত্নীহে অধিক সম্পত্তিৰ গৰাকী হোৱা বুলি কটাক্ষ।
  2. বৰ্তমান বিটিআৰ ভ্ৰমণত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জনসভা সম্বোধন কৰি বিজেপি চৰকাৰৰ বিভিন্ন আঁচনি সন্দৰ্ভত ৰাইজক অৱগত কৰে মুখ্যমন্ত্ৰীয়ে। বাক্সাত এই আঁচনিৰ ৰূপায়ন সন্দৰ্ভত বিভাগীয় বিষয়াসকলৰ পৰা বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
  3. স্বাধীনতাৰ পাছত ৰূপায়ণ হোৱা শান্তি চুক্তিৰ ভিতৰত আটাইতকৈ সফল শান্তি চুক্তি হৈছে বড়ো শান্তি চুক্তি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই কথা। বিজেপি চৰকাৰৰ দিনতে বিটিআৰলৈ শান্তি ঘূৰি অহা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে কেতিয়াও বিটিআৰত শান্তি বিচৰা নাছিল।
  4. আভ্যন্তৰীণ নিৰাপত্তা আৰু চোৰাংচোৱাগিৰিৰ ক্ষমতাক শক্তিশালী কৰি ২০২৫ চনৰ প্ৰথম ছমাহৰ ভিতৰত National Intelligence Grid ব্যৱহাৰৰ ক্ষেত্ৰত অন্যতম শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে গৰিগণিত হৈছ অসম। অসম আৰক্ষীয়ে এই প্লেটফৰ্ম সক্ৰিয়ভাৱে ব্যৱহাৰ কৰা ফলত সমগ্ৰ ৰাজ্যতে চোৰাংচোৱা অভিযানৰ সফলতা, শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰাত সহায়ক হৈছে বুলি কোৱা হৈছে।
  5.  গুৱাহাটীত নতুনকৈ নিৰ্মাণ কৰা আন এখন উৰণ সেতু কাইলৈ মুকলি হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ ৰুক্মিণীগাঁৱত ১১১ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই উৰণ সেতুখন। নতুন উৰণ সেতুখনৰ দৈৰ্ঘ ৬৫০ মিটাৰ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ছুপাৰ মাৰ্কেটৰ উৰণ সেতুখন ভগদত্ত ১ নামেৰে আৰু ৰুক্মিণীগাঁৱৰ উৰণ সেতুৰ নাম ভগদত্ত ২ নামেৰে নামকৰণ কৰে।
  6. গৰাখহনীয়া প্ৰতিৰোধ আৰু মথাউৰি নিৰ্মাণ তথা মেৰামতিৰ কামত কোনো গাফিলতি সহ্য নকৰে অসম চৰকাৰে। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই স্পষ্ট কৰি দিছে যে জলসম্পদ বিভাগৰ অধীনৰ সকলো বান আৰু খহনীয়া নিয়ন্ত্ৰণ প্ৰকল্পৰ ওপৰত চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিছে। জনসাধাৰণৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে এনে কামত যিকোনো পলম বা গাফিলতিৰ বাবে শূন্য সহনশীল নীতি গ্ৰহণ কৰা হ’ব।
  7. ঘানা আৰু ট্ৰিনিদাদ ভ্ৰমণ সামৰি আজি আৰ্জেণ্টিনাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলীৰ আমন্ত্ৰণ মৰ্মে দুদিনীয়া ভ্ৰমণসূচীৰে দেশখনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। আৰ্জেণ্টিনাত উপস্থিত হোৱাৰ পিছতে তেওঁক প্ৰবাসী ভাৰতীয়সকলে উষ্ম আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদী আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলীৰ মাজত অনুষ্ঠিত হ’ব দ্বিপাক্ষিক আলোচনা।
  8. পঞ্জাৱ নেচনেল বেংকত সংঘটিত বিয়াগোম বিত্তীয় কেলেংকাৰী মূল অভিযুক্ত নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক গ্ৰেপ্তাৰ। আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছে নেহাল মোদীক। এই বিত্তীয় কেলেংকাৰীত নীৰৱ মোদীক সহায় কৰিছিল নেহালে। বহু গুৰুত্বপূৰ্ণ তথ্য প্ৰমাণ নষ্ট কৰাৰো অভিযোগ আছে নেহালৰ বিৰুদ্ধে। অতি সোনকালে নেহালক ভাৰতলৈ অনাৰ সম্ভাৱনা।
  9. ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা দ্বিতীখন টেষ্টৰ আজি চতুৰ্থ দিন। প্ৰথম ইনিংছত ভাৰতৰ ৫৮৭ ৰাণৰ বিপৰীতে ইংলেণ্ডে ৪০৭ ৰাণ কৰে। দ্বিতীয় ইনিংছত ১৮০ ৰাণৰ অগ্ৰগতিৰ সৈতে বেটিং আৰম্ভ কৰি খেলি আছে ভাৰতে ।

লগতে পঢ়ক: সপ্তাহজোৰা কাৰ্যসূচীৰে কম্বোডিয়া, মালয়েছিয়ালৈ যাব পবিত্ৰ মাৰ্ঘেৰিটা, বিদেশ মন্ত্ৰীৰে মিলিত হ’ব বৈঠকত