TV9 ASSAM
মৃত্যু জীৱনৰ এক পৰম সত্য। গৰুড় পুৰণৰ মতে, যদি কোনো লোকৰ মৃত্যু ভোক, পানীত ডুবা, দুৰ্ঘটনা বা কোনো ডাঙৰ বেমাৰৰ ফলত হয়, তাক অকাল মৃত্যু বুলি কোৱা হয়।
অকাল মৃত্যুৰ ওপৰতে এজন ভক্তই প্ৰেমানন্দ মহাৰাজক সুধিছিল যে- মহাৰাজ, অকাল মৃত্যুৰ পৰা হাত সৰাৰ উপায় কি? তেতিয়া মহাৰাজে কয় যে, যেতিয়া কোনো ব্যক্তিৰ পাপ বাঢ়ি যায় তেতিয়া সেয়া মহান পাপ হয়।
এনে অৱস্থাত তেওঁলোকৰ আয়ুস কমি যায় আৰু অকাল মৃত্যু আহে। অকাল মৃত্যু ৰোধ কৰাৰ আটাইতকৈ সহজ উপায় হ'ল- ভগৱানৰ চৰণামৃত সেৱন কৰক। এনে কৰিলে মানুহৰ সংকট কম হয়।
তেওঁ কয় যে, যি ব্যক্তিয়ে ভক্তিভাৱেৰে প্ৰতিদিনে চৰণামৃত সেৱন কৰে তেওঁলোকৰ অকাল মৃত্যু নহয়। লগতে সকলো ৰোগ,শংকাৰ পৰা মুক্তি পায়। গতিকে ব্যক্তিয়ে সদায় চৰণামৃত পান কৰিব লাগে।
হিন্দু ধৰ্মত চৰণামৃতৰ গুৰুত্ব অধিক। ভগৱানক অৰ্পন কৰা পানীক চৰণামৃত বুলি কয়। এই পানী ইমানেই শক্তিশালী যে ই ব্যক্তিৰ নকৰাত্মকতা, ৰোগ, মৃত্যু ভয় শেষ কৰে। মহাৰাজৰ মতে, ইয়াক সাধাৰণ পানীৰ লগত মিহলাই খাব পাৰে।
মহাৰাজে ইয়াৰ ওপৰত এটা শ্লোক কয় যে- অকাল মৃত্যু হৰণাম, সৰ্বব্যাধি বিনাসনম। শ্ৰীকৃষ্ণ পদোদকম পিতোৱা,পুণাৰ্জনম ন বিদ্যাতে।
ইয়াৰ অৰ্থ যি ব্যক্তিয়ে প্ৰতিদিনে শ্ৰীকৃষ্ণ বা শালীগ্ৰামৰ চৰণামৃত শ্ৰদ্ধা সহকাৰে সেৱন কৰে তেন্তে তেনে লোক অকাল মৃত্যুৰ পৰা ৰক্ষা লাভ কৰে। মহাৰাজৰ মতে, ই আত্মিক শান্তি, শক্তি আৰু মুক্তি লাভৰ বাবে গুৰুত্বপূৰ্ণ।
পঢ়িবলৈ ক্লিক কৰক