ভাৰত-পাকিস্তানৰ যুদ্ধ হ’লে কি হ’ব বাংলাদেশৰ ভূমিকা! হ’ব নেকি ভাৰতৰ সমস্যা?
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ মাজত- দুয়োখন দেশৰ জনসাধাৰণৰ মনত হয়তো এতিয়া এই প্ৰশ্নই দোলা দি আছে। ইয়াৰ মাজতে ভাৰতীয় নাগৰিকৰ মনত আন এক প্ৰশ্নও উত্থাপন হৈছে, ভাৰত-পাকিস্তানৰ যুদ্ধ হ’লে কি হ’ব বাংলাদেশৰ ভূমিকা! এই প্ৰশ্নক স্বাভাৱিকতেই এতিয়া উলাই কৰিব নোৱাৰি।

ভাৰত-পাকিস্তানৰ যুদ্ধ হ’লে কি হ’ব বাংলাদেশৰ ভূমিকা!
পহলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ নৃশংস দৃশ্য এতিয়াও পাহৰিব পৰা নাই ভাৰতে। এই ৰক্তপাতে ভাৰত-পাকিস্তানৰ সংঘাত অধিক বৃদ্ধি কৰি তুলিছে। ইয়াৰ পৰিণতিত এতিয়া দুই দেশৰ মাজত যুদ্ধময় পৰিস্থিতিৰো সৃষ্টি কৰিছে। যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ মাজত- দুয়োখন দেশৰ জনসাধাৰণৰ মনত হয়তো এতিয়া এই প্ৰশ্নই দোলা দি আছে। ইয়াৰ মাজতে ভাৰতীয় নাগৰিকৰ মনত আন এক প্ৰশ্নও উত্থাপন হৈছে, ভাৰত-পাকিস্তানৰ যুদ্ধ হ’লে কি হ’ব বাংলাদেশৰ ভূমিকা! এই প্ৰশ্নক স্বাভাৱিকতেই এতিয়া উলাই কৰিব নোৱাৰি। কিয়নো ১৯৭১ চনত জন্ম হোৱা বাংলাদেশৰ চৰিত্ৰ এতিয়া আগৰ দৰে নহয়।
শেহতীয়াকৈ এক বৈঠকৰ সময়ত পাকিস্তানে বাংলাদেশৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ কথা কৈছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা মহম্মদ আছিফে শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংলাদেশৰ সৈতে অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক ক্ষেত্ৰত কাম কৰাৰ কথা উল্লেখ কৰিছে। পাকিস্তানৰ এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থনৰ আশ্বাস দিছে বাংলাদেশেও। সমান্তৰালকৈ বাংলাদেশে গ্ৰহণ কৰিছে আন এক কূটনৈতিক স্থিতিও।
বাংলাদেশে দাবী কৰিছে যে ভাৰত আৰু পাকিস্তানৰ মাজত যিয়েই নহওক কিয়, তেওঁলোকে দক্ষিণ এছিয়াত শান্তি বিচাৰে। “ভাৰত আৰু পাকিস্তানে দীৰ্ঘদিন ধৰি বিভিন্ন বিষয়ক লৈ সংঘাতত লিপ্ত হৈ আহিছে। আমি ইয়াত কোনো ডাঙৰ সংঘাতৰ সৃষ্টি হোৱাটো নিবিচাৰো। দুয়োখন দেশে আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰাটো আমি বিচাৰো।”- বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা তৌহিদ হোছেইনে এই মন্তব্য কৰিছে।
বি এছ এফৰ প্ৰাক্তন ডি আই জি সমীৰ মিত্ৰই অৱশ্যে তৌহিদৰ এনে মন্তব্যক কেৱল প্ৰট’কল আখ্যা দিছে। তৌহিদৰ পৰিৱৰ্তে বাংলাদেশৰ বৰ্তমানৰ শাসকসকলৰ মন্তব্যহে গুৰুত্বপূৰ্ণ বুলি তেওঁ উল্লেখ কৰে। সমীৰ মিত্ৰৰ এই ধাৰণাৰ আঁৰৰ প্ৰকৃতি ইতিমধ্যেই দেখিবলৈ পোৱা গৈছে। বাংলাদেশৰ অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ফজলুৰ ৰহমানে ইতিমধ্যেই ভাৰতে পাকিস্তানক আক্ৰমণ কৰিব বিচাৰিলে বাংলাদেশে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ দখল কৰা উচিত বুলি মন্তব্য কৰিছে।
আনকি সেই উদ্দেশ্যে চীনৰ লগত কথা পাতিবলৈও পৰামৰ্শ দিয়ে ৰহমানে। উল্লেখ্য যে এই ফজলুৰ ৰহমান দেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ অতি ঘনিষ্ঠ বুলি চৰ্চা চলিছে। ৰহমানৰ এনে মন্তব্যৰ পিছতো অৱশ্যে দেশৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিশেষজ্ঞ তথা অধ্যাপক ইমন কল্যাণ লাহিৰীয়ে ভাৰত-পাকিস্তানৰ যুদ্ধ হ’লেও বাংলাদেশৰ কোনো ভূমিকা নাথাকিব বুলি ক’ব খোজে। বাংলাদেশৰ কোনো সামৰিক শক্তি নাই বুলিও তেওঁ উল্লেখ কৰে।
বিগত বৰ্ষৰ আগষ্ট মাহত শ্বেখ হাছিনাই বাংলাদেশৰ ক্ষমতা এৰি দেশ ত্যাগ কৰাৰ পিছৰে পৰা পৰিস্থিতিৰ বহু পৰিৱৰ্তন হৈছে। ইয়াৰ পিছতে ঢাকা আৰু ইছলামাবাদৰ মাজৰ সম্পৰ্ক যথেষ্ট কাষ চপা বুলি আলোচনা চলিছে। কিছু মাহ পূৰ্বে চট্টগ্ৰামত পাকিস্তানী এজেন্সি আই এছ আইৰ এজন প্ৰতিনিধি হাজিৰ হোৱা বুলি বাতৰি প্ৰচাৰ হৈছিল। আলফা (স্বাধীন)ৰ একাংশ নেতাৰ সৈতেও তেওঁ সাক্ষাৎ কৰা বুলি খবৰ ওলাইছে।
উল্লেখ্য যে পৰেশ বৰুৱাই এসময়ত চট্টগ্ৰামৰ দুৰ্গম অঞ্চলত সাংগঠনিক প্ৰশিক্ষণ চলাইছিল বুলি প্ৰতিবেদনত প্ৰকাশ। পিছত শ্বেখ হাছিনাই ক্ষমতালৈ আহি আলফাৰ এই ভেটি ছিন্ন কৰিছিল। শেহতীয়া ঘটনাৰ পৰা অনুমান কৰিব পাৰি যে বাংলাদেশ আৰু পাকিস্তান দুয়োখন দেশে হাছিনাৰ কাৰ্যকালত হোৱা সম্পৰ্কৰ অৱনতি দূৰ কৰিব বিচাৰে। শেহতীয়াকৈ দুয়োখন দেশৰ বৈদেশিক সচিবসকলৰ মাজত বৈঠক অনুষ্ঠিত হৈছিল। যোৱা ১৫ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে দেখা গৈছে এনে দৃশ্য।
পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছক দাৰে নিজেই বাংলাদেশ ভ্ৰমণ কৰি দুয়ো দেশৰ সম্পৰ্ক উন্নত কৰাৰ ইংগিত বহন কৰাৰ পৰিকল্পনা কৰিছিল। অৱশ্যে পহলগাম আক্ৰমণৰ পাছত তেওঁ এই ঢাকা ভ্ৰমণ স্থগিত ৰাখিছে। বি এছ এফৰ প্ৰাক্তন ডি আই জি সমীৰ মিত্ৰই স্পষ্টকৈ উল্লেখ কৰিছে যে শ্বেখ হাছিনাৰ বিদায়ৰ পিছত যি পৰিস্থিতি গঢ় লৈ উঠিছে সেয়া ভাৰতৰ বাবে বৰ সুখকৰ নহয়।
তেওঁ লগতে উল্লেখ কৰে যে এই বিগত কেইমাহমানৰ পৰা বাংলাদেশ পাকিস্তানৰ সৈতে অতি ঘনিষ্ঠ হৈ পৰিছে। সেয়ে ইষ্টাৰ্ণ কমাণ্ডো সমানে সজাগ হ’ব লাগিব বুলিও তেওঁ দোহাৰে। কাৰ্গিল যুদ্ধৰ প্ৰসঙ্গ উল্লেখ কৰি তেওঁ কয় যে সেই সময়ত বাংলাদেশে কোনো ধৰণে হস্তক্ষেপ কৰা নাছিল। কিন্তু এতিয়া সেই পৰিস্থিতি নাই। এতিয়া বাংলাদেশ সম্পূৰ্ণৰূপে ইছলামিক হৈ পৰিছে আৰু এনে পৰিস্থিতিত বাংলাদেশ এক গুৰুত্বপূৰ্ণ কাৰক হৈ পৰা বুলি তেওঁ দোহাৰে।