শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

যুদ্ধ চলিব নে শান্তি আহিব, দুই-এক সপ্তাহত পোৱা যাব উমানঃ জেলেনস্কিৰে বৈঠকৰ পিছতে ক’লে ট্ৰাম্পে

ট্ৰাম্পে লগতে দীৰ্ঘম্যাদী শান্তি চুক্তিৰ কথাও দোহাৰে। ইউৰোপৰ জনসাধাৰণে শান্তি বিচাৰে বুলি উল্লেখ কৰি ট্ৰাম্পে লগতে বৈঠক সফল নহ’লেও ইউক্ৰেইনৰ প্ৰতি সমৰ্থন অব্যাহত থাকিব বুলিও কয়।

যুদ্ধ চলিব নে শান্তি আহিব, দুই-এক সপ্তাহত পোৱা যাব উমানঃ জেলেনস্কিৰে বৈঠকৰ পিছতে ক’লে ট্ৰাম্পে
বৈঠকত ট্ৰাম্প-জেলেনস্কিImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 19 Aug 2025 07:07 AM

যোৱা প্ৰায় তিনি বছৰ ধৰি চলি থকা ৰুছইউক্ৰেইন যুদ্ধ সন্দৰ্ভত আগন্তুক দুইএক সপ্তাহৰ ভিতৰত লোৱা পাৰে সঠিক সিদ্ধান্ত এই যুদ্ধ চলি থাকিব নে শান্তি ঘূৰি আহিব, সেয়া এই সময়খিনিৰ ভিতৰতে জানিব পৰা এই মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি নাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ডিমিৰ জেলেনস্কিৰ সৈতে যোৱা নিশা বৈঠকত মিলিত হোৱাৰ পিছতে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰিছে ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত শীঘ্ৰেই আন এক গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন বুলিও ট্ৰাম্পে লগতে কয়

জেলেনস্কিৰ সৈতে বৈঠকৰ পিছতে ট্ৰাম্পে কয় মানুহৰ ৰক্ষা তেওঁৰ প্ৰধান অগ্ৰাধিকাৰ আৰু সেয়ে আগন্তুক বৈঠকৰ পৰা কোনো সমাধান সূত্ৰ ওলাব বুলি তেওঁ আশা প্ৰকাশ কৰে ট্ৰাম্পে লগতে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে জেলেনস্কিৰ সৈতে এই বৈঠকৰ পিছত ফোনযোগে বাৰ্তালাপ কৰা বুলিও উল্লেখ কৰে

আমি এখন ত্ৰিপাক্ষিক বৈঠকৰ আয়োজন কৰিবলৈ চেষ্টা কৰিম। এই ত্ৰিপাক্ষিক আলোচনা হ’ব পাৰে বা নহ’বও পাৰে। যদি ত্ৰিপাক্ষিক আলোচনা নহয় তেন্তে যুদ্ধ চলি থাকিব পাৰে আৰু যদি হয় তেতিয়া যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা অধিক। মই এই যুদ্ধ বন্ধ কৰিব বিচাৰো।”- এইদৰে কয় মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে

ট্ৰাম্পে লগতে দীৰ্ঘম্যাদী শান্তি চুক্তিৰ কথাও দোহাৰে। ইউৰোপৰ জনসাধাৰণে শান্তি বিচাৰে বুলি উল্লেখ কৰি ট্ৰাম্পে লগতে বৈঠক সফল নহ’লেও ইউক্ৰেইনৰ প্ৰতি সমৰ্থন অব্যাহত থাকিব বুলিও কয়। তেওঁৰ মতে, যুদ্ধৰ অন্ত পেলাবলৈ যুদ্ধবিৰতিৰ প্ৰয়োজন নাই, যুদ্ধবিৰতিতকৈ শান্তি চুক্তি অধিক গুৰুত্বপূৰ্ণ।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যুদ্ধবিৰতি সাময়িক সমাধানহে। যুদ্ধবিৰতি হ’ব বুলি মই নাভাবো।ইফালে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে  তেওঁ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনক দোষাৰোপ কৰে। এই যুদ্ধৰ বাবে বাইডেন দায়ী বুলি স্পষ্টকৈ উল্লেখ কৰে ট্ৰাম্পে। সেই সময়ত তেওঁ নিজে ৰাষ্ট্ৰপতি হৈ থকা লে যুদ্ধ আৰম্ভ নহ’লহেঁতেন বুলিও ট্ৰাম্পে মন্তব্য কৰে।

ইফালে এই বৈঠকৰ পিছতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে যথেষ্ট ভালদৰে আলোচনা হোৱা বুলি উল্লেখ কৰে তেওঁ লগতে ট্ৰাম্পৰ সৈতে ত্ৰিপাক্ষিক বৈঠক হলে ইউক্ৰেইন সুখী হ’ব বুলিও মন্তব্য কৰে। ইউক্ৰেইনৰ নিৰাপত্তাৰ দায়িত্ব আমেৰিকা আৰু ইউৰোপীয় দেশসমূহৰ ওপৰত বুলিও জেলেনস্কিয়ে লগতে কয়।

হোৱাইট হাউছত এই বৈঠকত ইউৰোপীয় দেশৰ বহু নেতা উপস্থিত আছিল। ইউৰোপীয়ান ইউনিয়নৰ অধ্যক্ষ উৰ্চুলা ভন ডাৰ লেয়েন, ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ, ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাব, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি, জাৰ্মান চেঞ্চেলৰ ফ্ৰেড্ৰিখ মেৰ্জ আৰু নাটোৰ মহাসচিব মাৰ্ক ৰুটেও এই বৈঠকত অংশ লয়।