শীঘ্ৰেই ওলাব ইউক্ৰেইন যুদ্ধৰ সমাধান সূত্ৰ! বৈঠকত বহিব ট্ৰাম্প-জেলেনস্কি, ত্ৰিপাক্ষিক বৈঠকৰ কৰ্ণধাৰ হ’ব ট্ৰাম্প
ট্ৰাম্পে লগতে ৰুছ ৰাষ্ট্ৰপতি পুটিনেও এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বুলি জানিবলৈ দিয়ে। ত্ৰিপাক্ষিক বৈঠকৰ পিছত বিশ্বই কিছু ইতিবাচক পদক্ষেপ দেখিবলৈ পাব বুলি আশা প্ৰকাশ কৰিছে ট্ৰাম্পে।

ৰুছ-ইউক্ৰেইন যুদ্ধৰ অৱসান ঘটাবলৈ তৎপৰ হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। যোৱা ৫ আগষ্টত ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত যোৱা নিশা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতেও বৈঠক সম্পন্ন হয় ট্ৰাম্পৰ। এই বৈঠকত ইউৰোপীয়ান ইউনিয়নৰ অধ্যক্ষ, নাটোৰ মহাসচিবৰ লগতে ইউৰোপৰ কেইবাখনো দিশৰ নেতৃত্বয়ো অংশ লয়। বৈঠকৰ পিছতে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
এই উচ্চ পৰ্যায়ৰ বৈঠকৰ পিছত ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ফোন যোগে বাৰ্তালাপ কৰে। প্ৰকাশিত খবৰ অনুসৰি এই সময়ত ট্ৰাম্পে পুটিনৰ সৈতে প্ৰায় ৪০ মিনিট সময় কথা পাতে। এই তথ্য প্ৰকাশ কৰিছে ক্ৰেমলিনে। পুটিনৰ সৈতে এই বাৰ্তালাপৰ সময়তে ট্ৰাম্পে পৰৱৰ্তী বৈঠকৰ ৰূপৰেখা প্ৰস্তুত কৰি ত্ৰিপাক্ষিক বৈঠকৰ পৰিকল্পনা কৰিছে বুলি প্ৰকাশ পাইছে।
ট্ৰাম্পৰ এই পৰিকল্পনা অনুসৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আৰু ৰুছ ৰাষ্ট্ৰপতি পুটিনে প্ৰথমে মুখামুখিকৈ সাক্ষাৎ কৰিব, তাৰ পিছতে ট্ৰাম্পৰ উপস্থিতিত এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব। আগষ্টৰ শেষৰ ফালে পুটিন আৰু জেলেনস্কিৰ সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে।
জেলেনস্কি আৰু ইউৰোপীয় নেতাসকলৰ সৈতে হোৱা বৈঠকৰ পিছতে ট্ৰাম্পে এই বিষয়ে উল্লেখ কৰে। “মই ৰাষ্ট্ৰপতি পুটিনলৈ ফোন কৰিছো। অতি সোনকালে ৰাষ্ট্ৰপতি পুটিন আৰু ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত বৈঠক হ’ব। ইয়াৰ পিছত ত্ৰিপাক্ষিক বৈঠক হ’ব।”- এইদৰে কয় ট্ৰাম্পে। এই বৈঠকত দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ সৈতে ট্ৰাম্পো অংশীদাৰ হ’ব।
ট্ৰাম্পে লগতে ৰুছ ৰাষ্ট্ৰপতি পুটিনেও এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বুলি জানিবলৈ দিয়ে। ত্ৰিপাক্ষিক বৈঠকৰ পিছত বিশ্বই কিছু ইতিবাচক পদক্ষেপ দেখিবলৈ পাব বুলি আশা প্ৰকাশ কৰি ট্ৰাম্পে লগতে জেলেনস্কি আৰু ইউৰোপীয় নেতাসকলৰ সৈতে হোৱা বৈঠকৰ পিছত আগন্তুক বৈঠকৰ ৰূপৰেখা প্ৰস্তুত কৰা হ’ব বুলি উল্লেখ কৰে।
ইতিমধ্যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়েও ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা আলোচনা ফলপ্ৰসূ বুলি উল্লেখ কৰিছে। অৱশ্যে শ্ৰেষ্ঠ ফলাফল এতিয়াও আহিবলগীয়া আছে বুলি জেলেনস্কিয়ে লগতে কয়। ত্ৰিপাক্ষিক বৈঠকত সকলো স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব বুলি উল্লেখ কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ট্ৰাম্পে এই বৈঠকৰ আয়োজন কৰিবলৈ চেষ্টা কৰিব বুলিও কয়।