শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মোদীলৈ ফোন ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ! ক’লে, ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ বিষয়ে…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ। ফোনযোগে হোৱা বাৰ্তালাপত পুটিনে কিছুদিন পূৰ্বে ট্ৰাম্পৰ সৈতে হোৱা বৈঠক সন্দৰ্ভত মোদীক অৱগত কৰে।

মোদীলৈ ফোন ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ! ক’লে, ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ বিষয়ে…
মোদী-পুটিনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 18 Aug 2025 19:07 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ। সোমবাৰে ফোনযোগে মোদীৰ সৈতে বাৰ্তালাপ কৰি পুটিনে শুকুৰবাৰে আলাস্কাত হোৱা বৈঠক সন্দৰ্ভত অৱগত কৰে। সেই বৈঠকত ট্ৰাম্পৰ সৈতে তেওঁৰ কি কি আলোচনা হয় এই বিষয়ে তেওঁ মোদীক জনায়। সামাজিক মাধ্যমযোগে এই তথ্য প্ৰদান কৰিছে নৰেন্দ্ৰ মোদীয়ে। পুটিনৰ এই ফোন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে, কিয়নো আজি নিশা ইউৰোপীয় নেতাসকলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে ৱাশ্বিংটনত ট্ৰাম্পক সাক্ষাৎ কৰিব।

পুটিনে ফোন কৰাৰ তথ্য প্ৰদান কৰি মোদীয়ে সামাজিক মাধ্যমত লিখে যে, “মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিন, তেওঁ ফোন কৰি আলাস্কাত শেহতীয়াকৈ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ বিষয়ে অৱগত কৰাৰ বাবে ধন্যবাদ। ভাৰতে ইউক্ৰেইন সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ বাবে সদায় আহ্বান জনাই আহিছে আৰু এই ক্ষেত্ৰত সকলো প্ৰচেষ্টাক সমৰ্থন জনাইছে। অনাগত দিনতো আমাৰ অবিৰত আদান-প্ৰদান আশা কৰো”।

প্ৰতিবাৰৰ দৰে মোদীয়ে সংঘাত শান্তিপূৰ্ণভাৱে সমাধানৰ ওপৰত দৃঢ় স্থিতিৰ কথা সোঁৱৰে। উল্লেখ কৰা প্ৰয়োজন যে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ আৰম্ভণিৰ পৰাই ভাৰতে নিৰপেক্ষস্থিতি গ্ৰহণ কৰি আহিছে। ভাৰতে কৈছে যে, ভাৰতে সদায় আলোচনাৰ জৰিয়তে সমাধান হোৱা বিচাৰে।

মন কৰিবলগীয়া যে, আজি নিশা প্ৰায় ৯.৩০ বজাত হোৱাইট হাউচত উপস্থিত হ’ব ইউৰোপীয় দেশৰ নেতসকলে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতিক সাক্ষাত কৰিব আটাইয়ে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি, ১০:৩০ বজাত ট্ৰাম্প আৰু জেলেনস্কিৰ সাক্ষা হ’ব, পাছত নিশা ১০:৪৫ বজাত ট্ৰাম্প আৰু জেলেনস্কিৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব। ইয়াৰ পিছত নিশা ১১:৪৫ বজাত ইউৰোপৰ নেতাসকলক সাক্ষাৎ কৰিব ট্ৰাম্পে। এই বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। কিয়নো বিশ্বৰ ইমানবোৰ নেতাই প্ৰায় ৫০ বছৰ পাছত বৈঠকত মিলিত হ’বলৈ গৈ আছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে পুটিনৰ সৈতে বৈঠকত মিলিত হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প। এই বৈঠকত ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ সমাধান ওলাব বুলি আশা কৰা হৈছিল যদিও এই বৈঠক ব্যৰ্থতাৰ দৰে হয়। তাৰ পাছতে আজি ইউৰোপীয় নেতা আৰু জেলেনস্কীৰ সৈতে বৈঠকত মিলিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী। গতিকে এই বৈঠকত কিবা সমাধান ওলাই নে নাই সেয়া সময়ত হ’ব লক্ষণীয়।

 

 

অন্য খবৰ পঢ়কঃ পাকিস্তানক সহায় কৰিছিল! চীনৰ বৈদেশিক মন্ত্ৰীৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কংগ্ৰেছৰ…