১০ লাখ ঘৰত বিদ্যুৎ বিচ্ছিন্ন, ১০ হাজাৰ বিমান বাতিল… শীতৰ প্ৰকোপত বিধ্বস্ত আমেৰিকাৰ জনজীৱন

ধুমুহাক ঐতিহাসিক বুলি অভিহিত কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ফেডাৰেল জৰুৰীকালীন দুৰ্যোগ ঘোষণাত অনুমোদন জনায়। কিয়নো প্ৰায় ২০খন ৰাজ্য আৰু ডিষ্ট্ৰিক্ট অৱ কলম্বিয়াই বতৰ জৰুৰীকালীন ঘোষণা কৰিছে।

১০ লাখ ঘৰত বিদ্যুৎ বিচ্ছিন্ন, ১০ হাজাৰ বিমান বাতিল... শীতৰ প্ৰকোপত বিধ্বস্ত আমেৰিকাৰ জনজীৱন

আমেৰিকাত তুষাৰপাত

Published: 

26 Jan 2026 | 09:47 AM

তুষাৰপাত, পথৰ ওপৰত বৰফৰ ডাঠ তৰপ, শীতল বতাহৰ বাবে সমগ্ৰ আমেৰিকাত আতংক বিয়পি পৰিছে। ঠাণ্ডাৰ বাবে বাতিল কৰা হৈছে ১০ হাজাৰৰো অধিক বিমানৰ উৰণ। তদুপৰি বৰফৰ ধুমুহাই ১০ লাখ লোকক আন্ধাৰত থাকিবলৈ বাধ্য কৰাইছে। ধুমুহাৰ প্ৰভাৱ ইমানেই ভয়াৱহ যে ইয়াৰ ফলত লাখ লাখ আমেৰিকান লোকৰ জীৱনও নিথৰ হৈ পৰিছে। এক প্ৰতিবেদন অনুসৰি সমগ্ৰ আমেৰিকাত প্ৰায় ১০ লাখ লোক বিদ্যুৎ বিহীন হৈ আছে আৰু শীতকালীন ভয়াৱহ ধুমুহাই সমগ্ৰ দেশৰ পূব দুই তৃতীয়াংশ অঞ্চলত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত ১০ হাজাৰতকৈ অধিক বিমান সেৱা বাতিল কৰা হৈছে।

দেওবাৰে ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই সকীয়াই দিছিল যে শূন্যৰ তলৰ উষ্ণতা আৰু বিপজ্জনক পৰিস্থিতি কেইবাদিনো ধৰি থাকিব পাৰে, যাৰ ফলত ভ্ৰমণ আৰু আন্তঃগাঁথনিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে।

আক্ৰান্ত ৰাজ্যসমূহ

আক্ৰান্ত ৰাজ্যসমূহৰ ভিতৰত আছে মিচিচিপি, টেক্সাছ, লুইজিয়ানা, কেন্টাকি, জৰ্জিয়া, ভাৰ্জিনিয়া, আলাবামা। ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই উত্তৰ-পূব দিশৰ অহাইঅ’ উপত্যকাৰ পৰা প্ৰচণ্ড বৰফ পৰাৰ সতৰ্কবাণী দিয়াৰ বিপৰীতে দক্ষিণ-পূব দিশৰ নিম্ন মিচিচিপি উপত্যকাৰ অঞ্চলত তীব্ৰ বৰফ জমা হোৱাৰ সম্ভাৱনা আছে।

ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানী এলিছন চেণ্টোৰেলিয়ে এই ধুমুহাক অনন্য বুলি অভিহিত কৰিছে। কাৰণ ই ইমানেই ব্যাপক আছিল আৰু নিউ মেক্সিকোৰ পৰা টেক্সাছ আৰু নিউ ইংলেণ্ডলৈকে ২০০০ মাইল দৈৰ্ঘ্যৰ প্ৰায় ২১.৩ কোটি লোকক প্ৰভাৱিত কৰিছিল। আল জাজিৰাই ৰিপ’ৰ্ট কৰিছে যে ই টেক্সাছৰ নিউ মেক্সিকোৰ পৰা নিউ ইংলেণ্ডলৈকে অঞ্চলত প্ৰভাৱ পেলাইছে।

ধুমুহাক ঐতিহাসিক বুলি অভিহিত কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ফেডাৰেল জৰুৰীকালীন দুৰ্যোগ ঘোষণাত অনুমোদন জনায়। কিয়নো প্ৰায় ২০খন ৰাজ্য আৰু ডিষ্ট্ৰিক্ট অৱ কলম্বিয়াই বতৰ জৰুৰীকালীন ঘোষণা কৰিছে। শনিবাৰে ট্ৰুথাউট ছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে লিখিছে, “আমি এই ধুমুহাৰ পথত থকা সকলো ৰাজ্যৰ সৈতে নিৰীক্ষণ আৰু যোগাযোগত থাকিম। নিৰাপদে থাকক আৰু ঠাণ্ডাৰ পৰা আঁতৰি থাকক।”

১০ হাজাৰৰো অধিক বিমান বাতিল

আল জাজিৰাৰ বাতৰি অনুসৰি দেওবাৰে ১০ হাজাৰৰো অধিক বিমান বাতিল হোৱাৰ লগতে আৰু হাজাৰ হাজাৰ বিমান পলম হোৱাৰ ফলত প্ৰধান বিমান সংস্থাসমূহে যাত্ৰীসকলক হঠাতে সূচী সলনিৰ বাবে সাজু হ’বলৈ সকীয়াই দিছে। ফেডাৰেল ইমাৰ্জেন্সি মেনেজমেণ্ট এজেন্সীয়ে কেইবাখনো ৰাজ্যলৈ যোগান আৰু অনুসন্ধান আৰু উদ্ধাৰকাৰী দল নিয়োগ কৰিছে।

এই সন্দৰ্ভত গৃহ নিৰাপত্তা বিভাগৰ সচিব ক্ৰীষ্টি ন’মে বাসিন্দাসকলক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দি কয় যে, ” অতি ঠাণ্ডা পৰিব। গতিকে আমি সকলোকে ইন্ধন আৰু খাদ্যৰ মজুত কৰিবলৈ আহ্বান জনাইছো, আৰু আমি একেলগে এই পৰিস্থিতিৰ মাজেৰে পাৰ হ’ম।” ৰাষ্ট্ৰীয় শীতকালীন সেৱাই সকীয়াই দিছে যে, প্ৰচণ্ড বৰফ পৰিলে দীৰ্ঘদিনীয়া বিদ্যুৎ বিচ্ছিন্নতা, গছ-গছনিৰ ব্যাপক ক্ষতি, আৰু অত্যন্ত বিপজ্জনক বা দুৰ্গম ভ্ৰমণৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

কোনে খাব নালাগে কেঁচা জলকীয়া? জানক...
হৰম'নৰ পৰিবৰ্তন হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইবোৰ খাদ্যই বৃদ্ধি কৰে কলেষ্টেৰলৰ মাত্ৰা! চিকিৎসকৰ পৰা জানক...
ৰুষ্ট হ'ব মহাদেৱ, সোমবাৰে শিৱলিংগত পানী ঢালোতে নকৰিব এই ভুল!
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...