শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Top9 News: পদ্ম বঁটা ঘোষণাৰ পৰা মুখ্যমন্ত্ৰীৰ আঁচনিলৈ, দিনটোৰ খবৰ…

Top9 News: গণৰাজ্য দিৱস সমাগত। ইতিমধ্যে ইয়াকে লৈ প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ৰাজধানী দিল্লীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱস পালন কৰা হ'ব। ইয়াৰ পূৰ্বে আজি ঘোষণা হয় পদ্ম বঁটা।

Top9 News: পদ্ম বঁটা ঘোষণাৰ পৰা মুখ্যমন্ত্ৰীৰ আঁচনিলৈ, দিনটোৰ খবৰ…
টপ৯Image Credit source: GettyImages
Barasha Sarma
Barasha Sarma | Published: 25 Jan 2026 17:41 PM

আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

১) গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা হ’ল দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা। তিনিটা ভাগত বিভক্ত এই বঁটা। পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী। বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা কেইবাগৰাকী লোকক এই সন্মান প্ৰদান কৰা হয়। ইয়াৰোপৰি অসমৰ ২গৰাকীকৈ বিশিষ্ট ব্যক্তিয়ে লাভ কৰিছে পদ্মশ্ৰী সন্মান।

২) কাইলৈ সমগ্ৰ দেশে পালন কৰিব গণৰাজ্য দিৱস। এইবাৰ ২০২৬ চনৰ গণৰাজ্য দিৱসৰ পেৰেডত ৰাষ্ট্ৰ গীত বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰা হ’ব। গ্ৰেণ্ড পেৰেডৰ বিষয়বস্তু – স্বাধীনতাৰ মন্ত্ৰ-বন্দে মাতৰম, সমৃদ্ধিৰ মন্ত্ৰ-আত্মনিৰ্ভৰ ভাৰত। উল্লেখ্য যে, ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েনে ৰিপাব্লিক ডে পেৰেড (আৰডিপি) ২০২৬ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

৩)শক্তিপীঠ কামাখ্যাত টীম ইণ্ডিয়াৰ তাৰকা ক্ৰিকেটাৰ।পৰিয়ালসহ উপস্থিত সূৰ্যকুমাৰ যাদৱ।লগতে উপস্থিত ৰিংকু সিং, ৰবি বিষ্ণই আৰু কুলদীপ যাদৱ। আৰক্ষীৰ বিশেষ নিৰাপত্তা বেষ্টনীৰ মাজেৰে মন্দিৰ দৰ্শন খেলুৱৈসকলৰ। বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা ভাৰত-নিউজিলেণ্ডৰ টী-20 মেচৰ পূৰ্বে খেলুৱৈসকলে মন্দিৰ দৰ্শন কৰি মাৰ আশীৰ্বাদ লয়।

৪)শনিবাৰে নিশা চিৰাঙৰ আমটেকা অন্ঠাইবাৰী(খাটাং বজাৰ) ত অঘটন।  বিদ্যুৎস্পৃষ্ঠ হৈ তিনি জনৰ মৃত্যু। মৃত তিনিজন ক্ৰমে-দৈমালু নাৰ্জাৰী,বিজয় মুছাহাৰী আৰু মাইকেল বসুমতাৰী। ইয়াৰে মাইকেল বসুমতাৰীৰ কালি দিনৰ ভাগত বিয়া হৈছিল। জানিব পৰা মতে হাই ভল্টেজ এচ টি তাঁৰ চিঙি এল ডি তাঁৰত পৰে তাৰ পিছতেই এই অঘটন সংঘটিত হয়। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

৫) বিধানসভা নিৰ্বাচনৰ সমসাময়িকভাৱে ৰাজ্যত অনুষ্ঠিত হ’ব মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা। এইবাৰ ব্যক্তিগত শিক্ষানুষ্ঠানত অনুষ্ঠিত নহয় মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা। কেৱল চৰকাৰী শিক্ষানুষ্ঠানত চৰকাৰী শিক্ষকৰ নিৰীক্ষণত পৰীক্ষা অনুষ্ঠিত হ’ব। তাৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰা হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই কথা।

৬)’মুখ্যমন্ত্ৰীৰ এটি কলি, দুটি পাত আঁচনি’ৰ শুভাৰম্ভ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডুমডুমাত এই আঁচনিৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ অধীনত তিনিশ কোটিৰো অধিক টকা ব্যয়েৰে ৰাজ্যৰ চাহ বাগিচাসমূহৰ ৬ লাখৰো অধিক শ্রমিক আৰু কৰ্মচাৰীলৈ ৫,০০০ টকাকৈ এককালীন বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব।

৭)প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাত অনুষ্ঠানত বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে। এয়া আছিল মোদীৰ ১৩০ সংখ্যক খণ্ড। এই সময়চোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে গণৰাজ্য দিৱস, ভোটাৰ দিৱস, ষ্টাৰ্টআপ ইণ্ডিয়া, পৰিবেশ, আৰু শ্ৰী আন্নাকে ধৰি বিভিন্ন বিষয়ত মত প্ৰকাশ কৰে।

৮) আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। সকলোকে ভোটাৰ দিৱসৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, আজি ২৫ জানুৱাৰীতো অতি গুৰুত্বপূৰ্ণ দিন। আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। ভোটাৰ হৈছে গণতন্ত্ৰৰ আত্মা। যেতিয়াই কোনো যুৱক প্ৰথমবাৰৰ বাবে ভোটাৰ হয় তেতিয়াই গোটেই চুবুৰী, গাঁও, চহৰখনে একত্ৰিত হৈ তেওঁলোকক অভিনন্দন জনাব লাগে আৰু মিঠাই বিতৰণ কৰিব লাগে। এনে কৰিলে সজাগতা বৃদ্ধি পাব। ইয়াৰোপৰি ১৮ বছৰৰ পাছত নিজকে ভোটাৰ হিচাপে পঞ্জীয়ন কৰা নিশ্চিত কৰিব লাগে বুলি কয় মোদীয়ে।

৯)কানাডাৰ বাৰ্নাবিত ভাৰতীয় মূলৰ এজন যুৱকৰ হত্যা। এয়া কোনো গেঙৰ কাম বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। মৃত যুৱকজন দিলৰাজ সিং গিল বুলি চিনাক্ত হৈছে। আৰক্ষীৰ মতে, ২২ জানুৱাৰীত আৰক্ষীয়ে যুৱকজন গুৰুতৰভাৱে আহত হোৱা বুলি খবৰ লাভ কৰিছিল। তাৰ পাছতে তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও পাছলৈ মৃত্যুক সাৱতি লয়। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।