Morning Headline: ৰাজ্যৰ লগতে চাওক দেশ আৰু বিশ্বৰ প্ৰতিটো পুৱাৰ খবৰ
আজি ২৫ জানুৱাৰী, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...
আজি ২৫ জানুৱাৰী, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দেওবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- ফেব্ৰুৱাৰীত বিনিয়োগকাৰীসকলৰ সৈতে হ’ব MoU, ফেব্ৰুৱাৰীত অসমলৈ আহিব বহু বিনিয়োগকাৰী। এই কথা জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- চুক্তি নোহোৱালৈকে গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান আলফাই জনায়েই থাকিব। তেওঁলোকৰ এই আহ্বানত কোনো নতুনত্ব নাই। আলফাৰ গণৰাজ্য দিৱস বৰ্জন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য।
- গেৰুৱা বসন পৰিধান কৰিলে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। বশিষ্ঠৰ বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিলে শংকৰজ্যোতি বৰুৱাই। বহু সতীৰ্থক লগত লৈ আনুষ্ঠানিকভাৱে শাসকীয় দলটোত যোগদান প্ৰাক্তন ছাত্ৰ নেতাজনৰ।
- টি-২০ বিশ্বকাপত পাকিস্তান দলটোৱে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব নে নকৰে সেই সন্দৰ্ভত সিদ্ধান্ত পাকিস্তান চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব। বাংলাদেশক প্ৰতিযোগিতাখনৰ পৰা বাদ পৰাৰ পিছত বিতৰ্ক গভীৰ হৈ পৰাৰ সময়তে এই মন্তব্য প্ৰকাশ কৰিছে।
- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত চলি থকা নিৰ্বাচনী তালিকাৰ বিশেষ সংশোধন (SR)ক লৈ কোনো বিতৰ্ক হোৱা নাই বুলি উল্লেখ কৰে। লগতে এই প্ৰক্ৰিয়া আধাৰত কোনো হিন্দু বা অসমীয়া মুছলমান জাননী পোৱা নাই বুলি দাবী কৰে।
- ইণ্ডিগ’ৰ খালী স্লটৰ সৰ্বাধিক অংশ দেশৰ প্ৰধান মেট্ৰ’সমূহত কেন্দ্ৰীভূত হৈ আছে। সূত্ৰ অনুসৰি ৭১৭টা স্লটৰ ভিতৰত ৩৬৪টা ছটা ডাঙৰ মেট্ৰ’ বিমানবন্দৰত আছে: দিল্লী, মুম্বাই, চেন্নাই, কলকাতা, বেংগালুৰু, আৰু হায়দৰাবাদ। ইয়াৰে হায়দৰাবাদ আৰু বেংগালুৰুত সৰ্বাধিক স্লট আছে বুলি কোৱা হয়। এই স্লটসমূহ জানুৱাৰীৰ পৰা মাৰ্চলৈকে খালী কৰা হৈছে।
- বিভাজনকামী ৰাজনীতিক প্ৰতিহত কৰি জাতি-জনগোষ্ঠীৰ মিলনেৰে এখন শান্তিৰ বৰ অসম গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। এই সংকল্পৰে আজি ৰঙিয়াত বিশাল জনসভা।
- ভাৰতীয় সেনাই অপাৰেচন সেন্দূৰৰ আধাৰত এখন চুটি ছবি শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত ২০২৫ চনত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ সামৰিক কাৰ্যকলাপৰ দৃশ্য দেখুওৱা হৈছে।
- দিল্লী আৰক্ষীয়ে ভুৱা কূটনৈতিক নম্বৰ প্লেট ব্যৱহাৰ কৰা এখন বাহনৰ সৈতে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা মহিলাগৰাকী অসমৰ বুলি জানিব পৰা গৈছে।