শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সামৰিক ঘাটিক লক্ষ্য কৰি ভেনিজুৱেলাৰ ৰাজধানীত বৃহৎ আক্ৰমণ আমেৰিকাৰ

শনিবাৰে পুৱা প্ৰায় ২ বজাত ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত কমেও সাতটা বিস্ফোৰণৰ শব্দ শুনা যায়। Sky News Arabia ই দাবী কৰিছে যে, ভেনিজুৱেলাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ ঘৰ আৰু এটা সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা হৈছিল।

সামৰিক ঘাটিক লক্ষ্য কৰি ভেনিজুৱেলাৰ ৰাজধানীত বৃহৎ আক্ৰমণ আমেৰিকাৰ
manas-borah
Manas Borah | Published: 03 Jan 2026 14:32 PM

ভেনিজুৱেলাত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ। ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছৰ এটা বৃহৎ সামৰিক ঘাটিত আক্ৰমণ কৰিছে আমেৰিকাই। কাৰাকাছৰ নৌসেনাৰ ঘাটিত আক্ৰমণ আমেৰিকাৰ। পেন্টাগনে নৌসেনাৰ ঘাটিটোক লক্ষ্য কৰি লৈছিল। শনিবাৰে পুৱা প্ৰায় ২ বজাত ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত কমেও সাতটা বিস্ফোৰণৰ শব্দ শুনা যায়। Sky News Arabia ই দাবী কৰিছে যে, ভেনিজুৱেলাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ ঘৰ আৰু এটা সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা হৈছিল।

ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত শনিবাৰে নিশা চিএনএনৰ এটা দল কেইবাটাও বিস্ফোৰণৰ সাক্ষী হয়। প্ৰথমটো বিস্ফোৰণ স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১:৫০ বজাত সংঘটিত হয়। চিএনএনৰ সংবাদদাতা ওছমাৰী হাৰ্নাণ্ডেজে কয় যে, “এটা বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে, মোৰ খিৰিকীখন জোকাৰি গ’ল। বিস্ফোৰণৰ পিছত কাৰাকাছৰ কেইবাটাও অঞ্চলত বিদ্যুৎ সংযোগ বন্ধ কৰি দিয়া। কেইবাখনো বিমান আকাশত দেখা গৈছিল।”

এই সন্দৰ্ভত ভেনিজুৱেলা চৰকাৰে কোনো বিবৃতি প্ৰকাশ কৰা নাই। বিস্ফোৰণৰ কথা শুনি চহৰৰ বহু অঞ্চলৰ লোক ৰাজপথলৈ ওলাই আহিছিল। বৰ্তমান আমেৰিকা আৰু ভেনিজুৱেলাৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ভেনিজুৱেলাৰ বিৰুদ্ধে স্থল আক্ৰমণো সম্ভৱ হ’ব পাৰে বুলি ইতিমধ্যে ট্ৰাম্পে সকীয়াই দিছিল। তদুপৰি ড্ৰাগছ সৰবৰাহৰ অভিযোগত কেৰিবিয়ান সাগৰ আৰু পূব প্ৰশান্ত মহাসাগৰত কেইবাখনো নাৱৰ ওপৰত আমেৰিকাৰ সেনাই আক্ৰমণ কৰে। আমেৰিকাৰ সামৰিক প্ৰতিবেদন অনুসৰি, এই নৌসেনাৰ অভিযানত এতিয়ালৈকে কমেও ৩০টা আক্ৰমণত ১০৭ জন লোক নিহত হৈছে।

এই আক্ৰমণৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভেনিজুৱেলাক বাৰে বাৰে সকীয়াই দিছিল যে, ভেনিজুৱেলাত ড্ৰাগছ সৰবৰাহৰ কথিত নেটৱৰ্কৰ বিৰুদ্ধে আমেৰিকাই নতুন ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে। অক্টোবৰ মাহত ট্ৰাম্পে কৈছিল যে, তেওঁ চিআইএক ভেনিজুৱেলাৰ ভিতৰত অবৈধ ড্ৰাগছ সৰবৰাহ আৰু তাৰ পৰা প্ৰব্ৰজনকাৰীৰ চলাচল বন্ধ কৰিবলৈ দায়িত্ব প্ৰদান কৰিছে।

ট্ৰাম্প প্ৰশাসনৰ অভিযোগ যে মাদুৰোৱে ড্ৰাগছ ব্যৱসায় চলাই আছে। ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমেৰিকাই। এই অভিযোগসমূহ তীব্ৰভাৱে অস্বীকাৰ কৰিছে মাদুৰোৱে। তেওঁ কয় যে, তেওঁ ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত নহয় আৰু আচলতে আমেৰিকাই তেওঁৰ চৰকাৰক উফৰাই পেলাব বিচাৰে কাৰণ ভেনিজুৱেলাত বিশ্বৰ সৰ্বাধিক তেলৰ মজুত আছে। কেইবা সপ্তাহ ধৰি ট্ৰাম্পে অঞ্চলটোৰ ড্ৰাগছ কাৰ্টেলৰ বিৰুদ্ধে স্থল আক্ৰমণৰ ভাবুকি দি আহিছে আৰু অতি সোনকালে আৰম্ভ হ’ব বুলিও কয়।