এইবাৰ চীনৰ বিৰুদ্ধে শুল্ক যুদ্ধ ঘোষণা ট্ৰাম্পৰ! জিনপিঙৰ সৈতে বৈঠকৰ পূৰ্বে এৰিলে এই অস্ত্ৰ…
লক্ষণীয়ভাৱে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে ট্ৰাম্পে কিছুদিনৰ ভিতৰতে এক বৈঠকত মিলিত হোৱাৰ কথা। তাৰ পূৰ্বে এতিয়া চীনৰ বিৰুদ্ধে ট্ৰাম্পে গ্ৰহণ কৰিছে এনে স্থিতি। পিছে ট্ৰাম্পৰ এই সিদ্ধান্তৰ কাৰণ কি?

বিশ্বৰ দুই অৰ্থনৈতিক শক্তি আমেৰিকা আৰু চীনৰ মাজত গা কৰি উঠিছে প্ৰত্যক্ষ সংঘাত। জিনপিং প্ৰশাসনৰ কঠোৰ ব্যৱসায়িক স্থিতিৰ পিছত এতিয়া ট্ৰাম্প প্ৰশাসনেও দেখুৱাইছে নিজৰ স্থিতি। আমেৰিকাৰ উদ্যোগসমূহৰ বাবে অপৰিহাৰ্য ৰেয়াৰ আৰ্থ এলিমেণ্টছৰ ৰপ্তানিত চীনে নিয়ন্ত্ৰণৰ নীতি আৰোপ কৰাৰ পিছতে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। এনে পদক্ষেপক চীনৰ আগ্ৰাসী স্থিতি বুলি উল্লেখ কৰি ট্ৰাম্পে এতিয়া চীনৰ সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।
মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে এতিয়া চীনৰ ওপৰত ১০০% শুল্ক আৰোপ কৰা হ’ব বুলি ঘোষণা কৰিছে। অহা ১ নৱেম্বৰৰ পৰা আমেৰিকাই চীনৰ পৰা আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰত ১০০% শুল্ক আৰোপ কৰিব বুলি ট্ৰাম্পে উল্লেখ কৰিছে। তদুপৰি এই দিনটোৰ পৰাই আমেৰিকাইও সকলো চফ্টৱেৰত ৰপ্তানি নিয়ন্ত্ৰণ আৰোপ কৰিব বুলি ঘোষণা কৰিছে ট্ৰাম্পে।
লক্ষণীয়ভাৱে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে ট্ৰাম্পে কিছুদিনৰ ভিতৰতে এক বৈঠকত মিলিত হোৱাৰ কথা। তাৰ পূৰ্বে এতিয়া চীনৰ বিৰুদ্ধে ট্ৰাম্পে গ্ৰহণ কৰিছে এনে স্থিতি। এনে পৰিস্থিতিত দুই ৰাষ্ট্ৰপ্ৰধানৰ মাজৰ বৈঠক বাতিল হ’ব নেকি বুলি ট্ৰাম্পক প্ৰশ্ন কৰা হয়। এই প্ৰশ্নৰ উত্তৰ ট্ৰাম্পে তেওঁৰ ফালৰ পৰা এইপৰ্যন্ত বৈঠক বাতিল কৰা নাই বুলি উল্লেখ কৰে।
ইফালে চীনে ৰপ্তানি নিয়ন্ত্ৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিলে আমেৰিকাই অতিৰিক্ত শুল্ক আৰোপৰ সিদ্ধান্ত উঠাই ল’ব নেকি বুলিও ট্ৰাম্পক প্ৰশ্ন কৰা হৈছিল। এনে প্ৰশ্নৰ উত্তৰত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে সেয়া আগন্তুক সময়ত লক্ষ্য কৰা হ’ব আৰু সেইবাবেই শুল্ক নীতি কাৰ্যকৰীকৰণৰ সময় ১ নৱেম্বৰ নিৰ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰে।
স্মাৰ্টফোনৰ পৰা আৰম্ভ কৰি যুঁজাৰু বিমানলৈকে সকলোতে ব্যৱহৃত আপুৰুগীয়া ৰেয়াৰ আৰ্থ এলিমেণ্টছৰ ভাণ্ডাৰ চীনে বিশ্বৰ বজাৰত আধিপত্য বিস্তাৰ কৰি আহিছে। এতিয়া এই সামগ্ৰীসমূহৰ ৰপ্তানিত নিয়ন্ত্ৰণৰ জৰিয়তে চীনে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে সামৰিক তথা অন্যান্য স্পৰ্শকাতৰ খণ্ডত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সামগ্ৰীৰ ব্যৱহাৰ ৰোধ কৰাৰ লক্ষ্য লোৱা বুলি উল্লেখ কৰিছে।
ইয়াৰ পিছতে ট্ৰাম্পে চীনৰ এনে পদক্ষেপক সমালোচনা কৰি দেশখনে বাণিজ্যৰ ক্ষেত্ৰত অতি আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে বুলি অভিযোগ কৰে। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত এনে কাৰ্য অকল্পনীয় বুলি উল্লেখ কৰি ট্ৰাম্পে লগতে চীনে এনে পদক্ষেপৰ দ্বাৰা অতি শত্ৰুতাপূৰ্ণ স্থিতি গ্ৰহণ কৰাৰ পিছত জিনপিঙৰ সৈতে সাক্ষাৎ কৰাৰ কোনো কাৰণ নাই বুলি ক্ষোভ প্ৰকাশ কৰিছিল।
উল্লেখ্য যে চলিত মাহৰ শেষৰ ফালে দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’বলগীয়া এপেক শীৰ্ষ সন্মিলনত ৰাষ্ট্ৰপতি ছি জিনপিং আৰু ড’নাল্ড ট্ৰাম্পৰ মাজত বৈঠক অনুষ্ঠিত হ’ব বুলি আশা কৰা হৈছিল। এই বৈঠকৰ পূৰ্বে এতিয়া দুয়ো দেশৰ মাজত এই অৰ্থনৈতিক যুদ্ধই গা কৰি উঠিছে।