শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
সম্পত্তি সন্দৰ্ভত অপকট স্বীকাৰোক্তি মুখ্যমন্ত্রীৰ, ক’লে এইদৰে

সম্পত্তি সন্দৰ্ভত অপকট স্বীকাৰোক্তি মুখ্যমন্ত্রীৰ, ক’লে এইদৰে

Monjit Dutta
Monjit Dutta | Published: 10 Oct 2025 19:00 PM

মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ পত্নীৰ সম্পত্তি সন্দৰ্ভতো কিছু বিশেষ মন্তব্য কৰে। পত্নীয়ে কোনো চুৰিকাৰ্য বা বেআইনীভাৱে উপাৰ্জন কৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে সৎভাৱে কৰা উপাৰ্জনৰ ক্ষেত্ৰত কি কথা ক’বলৈ আছে বুলি প্ৰশ্ন কৰে।

সম্পত্তিৰ বিষয়ত বিৰোধীয়ে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত বিশেষ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে তেওঁ কেৱল চৰকাৰী দৰমহাহে লয়, চৰকাৰী দৰমহাৰ বাদে তেওঁ কোনো সম্পত্তিৰ মালিক নহয়। চৰকাৰী দৰমহাৰ বাহিৰে তেওঁৰ এক টকাও সম্পত্তি নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে দাবী কৰে। ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ পত্নীৰ সম্পত্তি সন্দৰ্ভতো কিছু বিশেষ মন্তব্য কৰে।

পত্নীয়ে কোনো চুৰিকাৰ্য বা বেআইনীভাৱে উপাৰ্জন কৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে সৎভাৱে কৰা উপাৰ্জনৰ ক্ষেত্ৰত কি কথা ক’বলৈ আছে বুলি প্ৰশ্ন কৰে।