Morning News: গৰিমা শইকীয়া গাৰ্গৰ আহ্বানৰ পৰা দিল্লী টেষ্টলৈ, চাওক পুৱাৰ কেইটামান চৰ্চিত খবৰ…
যোৱানিশা গৰিমা শইকীয়া গাৰ্গ সোণাপুৰৰ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীত উপস্থিত হয়। মাজনিশালৈ অন্ত্যেষ্টিক্ৰিয়াস্থলীত অনুৰাগীৰ সোঁত দেখি আবেগিক হৈ পৰে গৰিমা শইকীয়া গাৰ্গ। অন্ত্যেষ্টিক্ৰিয়াস্থলীৰ পৰাই তেওঁ জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তোলে।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- ৰাজ্যৰ চৌদিশে উঠিছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী। তাৰ মাজতে যোৱানিশা গৰিমা শইকীয়া গাৰ্গ সোণাপুৰৰ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীত উপস্থিত হয়। মাজনিশালৈ অন্ত্যেষ্টিক্ৰিয়াস্থলীত অনুৰাগীৰ সোঁত দেখি আবেগিক হৈ পৰে গৰিমা শইকীয়া গাৰ্গ। অন্ত্যেষ্টিক্ৰিয়াস্থলীৰ পৰাই তেওঁ জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তোলে।
- মাজনিশা জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গে ৰাজ্যবাসীলৈ এক বিশেষ আহ্বান জনায়। সকলোকে সামাজিক মাধ্যমত #JusticeForZubeenGarg লিখিবলৈ আহ্বান জনাই গৰিমা শইকীয়া গাৰ্গে প্ৰাৰ্থনাৰ সমান্তৰালকৈ সদায় জুবিনৰ বাবে ন্যায় বিচাৰিব লাগিব বুলি মন্তব্য কৰে।
- কালি ঘোষণা কৰা হয় ADRE আৰু অসম আৰক্ষীৰ উপ–পৰিদৰ্শকসহ বহু নিযুক্তি পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফলাফল ঘোষণাৰ পিছতে ৰাজ্য চৰকাৰে স্বচ্ছ, নিকা আৰু মেধাক গুৰুত্ব প্ৰদানেৰে যুৱপ্ৰজন্মৰ নিযুক্তিৰ প্ৰতিশ্ৰুতি পুনৰ এবাৰ পূৰণ কৰা বুলি উল্লেখ কৰে।
- শুকুৰবাৰে ৰয়েল ছুইডিছ একাডেমী অফ চায়েঞ্চে ২০২৫ বৰ্ষৰ শান্তিৰ নোবেল বঁটা বিজয়ীৰ নাম ঘোষণা কৰে। ভেনিজুৱেলাৰ মাৰিয়া কৰিণা মাচাদৌলৈ এই বৰ্ষৰ শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। দেশখনত গণতন্ত্ৰ ৰক্ষা তথা মানৱ অধিকাৰ হকে কৰা শান্তিপূৰ্ণ সংগ্ৰামৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হৈছে।
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ মিঞা মুছলমানৰ প্ৰসঙ্গ। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক লোকপিয়লত অসমত মিঞা মুছলমানৰ জনসংখ্যা ৩৮ শতাংশলৈ বৃদ্ধিৰ সম্ভাৱনা আছে বুলি আশংকা প্ৰকাশ কৰে। লগতে মিঞা মুছলমান আগন্তুক দিনত ৰাজ্যৰ সৰ্ববৃহৎ সম্প্ৰদায় হিচাপে পৰিগণিত হ’ব বুলিও তেওঁ শংকা প্ৰকাশ কৰে।
- এইবাৰ চীনৰ বিৰুদ্ধে শুল্ক যুদ্ধ ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অহা ১ নৱেম্বৰৰ পৰা আমেৰিকাই চীনৰ পৰা আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰত ১০০% শুল্ক আৰোপ কৰিব বুলি ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।
- দিল্লীত কালিৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ। কালি মেচৰ প্ৰথম দিনাৰ খেলৰ সামৰণিলৈ ভাৰতে ২ উইকেটত ৩১৮ ৰান সংগ্ৰহ কৰিছে। জয়ছোৱালে ১৭৩ ৰান সংগ্ৰহ কৰি অপৰাজিত থকাৰ বিপৰীতে ছাই সুদৰ্শনে ৮৭ ৰান সংগ্ৰহ কৰে।