শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

EMIত মোবাইল ক্ৰয়ৰ পৰিকল্পনা কৰিছে নেকি? সাৱধান নহ’লেই পৰিব বিপদত

যদি EMIত মোবাইল ক্ৰয়ৰ পৰিকল্পনা কৰিছে, তেতিয়াহ’লে সাৱধান হওক। কিয়নো দেশৰ ঋণৰ বজাৰত এক সংকট কেন্দ্ৰীভূত হৈ পৰিছে। এই সংকটৰ সৈতে মোকাবিলা কৰিবলৈ ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে বাছি লৈছে এক বিশেষ পথ।

EMIত মোবাইল ক্ৰয়ৰ পৰিকল্পনা কৰিছে নেকি? সাৱধান নহ’লেই পৰিব বিপদত
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 11 Oct 2025 12:43 PM

অত্যাধুনিক প্ৰযুক্তি তথা সুবিধাৰ এটা মোবাইল ক্ৰয়ৰ আশা বহুলোকৰ থাকে পিছে বাজেটৰ অসুবিধাৰ বাবে এই আশা বাস্তৱায়িত কৰিবলৈ EMI আশ্ৰয় বলগা হয় পিছে আপুনিও যদি EMI মোবাইল ক্ৰয়ৰ পৰিকল্পনা কৰিছে, তেতিয়াহলে সাৱধান হওক। কিয়নো দেশৰ ঋণৰ বজাৰত এক সংকট কেন্দ্ৰীভূত হৈ পৰিছে। এই সংকটৰ সৈতে মোকাবিলা কৰিবলৈ ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে বাছি লৈছে এক বিশেষ পথ এইদৰে এতিয়া সহজ ঋণ লাভৰ পথ ৰুদ্ধ হৈ পৰিব।

সাধাৰণতে এনে ঋণ পৰিশোধ নকৰাৰ প্ৰত্যাশিত হাৰ ২ শতাংশ। বৰ্তমান এই হাৰ ২.৭ শতাংশৰ পৰা ২.৯ শতাংশলৈ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহ সতৰ্ক হৈ পৰিছে। আৰু একে সময়তে সহজ ঋণ লাভৰ পথো বন্ধ হৈ পৰিছে।

কিয় বাঢ়িছে এই বিপদ

দেশৰ যুৱক-যুৱতীসকল এতিয়া সাধাৰণ স্মাৰ্টফোনৰ পৰিৱৰ্তে প্ৰিমিয়াম ফোনৰ দিশে আগবাঢ়িছে। কিন্তু আৰ্থিক বাধাৰ বাবে পছন্দৰ মোবাইলটো ঋণৰ জৰিয়তে ক্ৰয় কৰিব লগা হয় তথ্য অনুসৰি ভাৰতৰ প্ৰতি তিনিটা স্মাৰ্টফোনৰ ভিতৰত প্ৰায় এটা স্মাৰ্টফোন EMIৰ জৰিয়তে ক্ৰয় কৰা হয়।

বহুলোকে আকৌ এটা ঋণৰ পৰা হাত সাৰিবলৈ আন এটা ঋণৰ আশ্ৰয় লৈছে। কিন্তু সেই অনুসাৰে তেওঁলোকৰ পৰিশোধ কৰাৰ ক্ষমতা নাই। ফলত গ্ৰাহকসকল অতিৰিক্ত ঋণৰ জালত পৰিছে। ইতিপূৰ্বে ফিনটেক কোম্পানী আৰু নন-বেংকিং বিত্তীয় কোম্পানীসমূহে ঋণ লোৱাৰ বাবে প্ৰয়োজনীয় ক্ৰেডিট স্ক’ৰ শিথিল কৰা দেখা গৈছিল।

এইদৰে বহুলোকে আনকি ৫৫০ পৰ্যন্ত ক্ৰেডিট স্ক’ৰতো ঋণ লাভ কৰিছিল। কিন্তু বৰ্তমানৰ পৰিস্থিতিত ঋণ অনুমোদন প্ৰক্ৰিয়া যথেষ্ট কঠিন কৰি তোলা হৈছে। ইতিমধ্যে ফিনটেক কোম্পানী আৰু NBFCৰ ওপৰত ভৱিষ্যতৰ পৰিস্থিতিৰ বাবে হেঁচা পৰিছে। এনে পৰিস্থিতি ৰোধ কৰিবলৈ সেয়ে ৰিজাৰ্ভ বেংকে এক বিশেষ প্লেটফৰ্মৰ কথা চিন্তা কৰিছে।

এনে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিলে সৰু আৰু অসুৰক্ষিত ঋণৰ আশংকা হ্ৰাস পাব বুলি ৰিজাৰ্ভ বেংকে উল্লেখ কৰিছে। অৱশ্যে গ্ৰাহক সুৰক্ষাৰ প্ৰতিও ৰিজাৰ্ভ বেংকে সমানেই গুৰুত্ব আৰোপ কৰিছে