গুৱাহাটীত মৃতদেহ উদ্ধাৰৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণলৈ…চাওক দিনটোৰ খবৰ…
আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বলৈ বিভিন্ন ঘটনা সংঘটিত হয়। গুৱাহাটীত মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ বিপৰীতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণ কৰিব পাৰে।

মোদী-জেলেনস্কিImage Credit source: tv9 hindi
আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-
- জমিয়ত উলেমা হিন্দৰ মৌলানা মেহমুদ মাদানীৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। তেওঁ কয় যে, যি জমিয়তে ভাৰত-পাকিস্তান দুখন ৰাষ্ট্ৰ হ’ব নালাগে বুলি আনুষ্ঠানিকভাৱে প্ৰস্তাৱ গ্ৰহণ কৰিছিল, এতিয়া সেই জমিয়তে বিজেপি চৰকাৰে অসমত কেৱল সংখ্যালঘুক অত্যাচাৰ কৰা বুলি কৈছে। অসমত সকলো লোক অত্যাচাৰৰ বলি হৈছে। তেওঁলোকৰ মন্তব্যক ধিক্কাৰ দিছোঁ। উল্লেখ্য যে, মাদানীয়ে অসমৰ উচ্ছেদৰ বিৰোধিতা কৰাৰ লগতে মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী জনাইছিল।
- মহানগৰীৰ লংকেশ্বৰৰ কৈলাশ পুৰত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ। বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হোৱা মৃতদেহটো মিনু বেজবৰুৱাৰ বুলি জানিব পৰা গৈছে। সেই একেটা ঘৰতে বাস কৰি আছিল মহিলাগৰাকীৰ স্বামী। কিন্তু পত্নীৰ মৃত্যু সন্দৰ্ভত কাকো খবৰ দিয়া নাছিল। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।
- গোলকগঞ্জ আৰক্ষীৰ জালত কুখ্যাত জেহাদী আলী হুছেইন বেপাৰী। বাংলাদেশৰ কুখ্যাত জামাত ই ইচলামীৰ অতি ঘনিষ্ঠ আলী। অভিযোগ অনুসৰি ভাৰত বাংলাদেশ সীমান্তৰ বিভিন্ন জনলৈ জামাত ই ইচলামীৰ ভাবুকি ভৰা মেছেজৰ আঁৰৰ ব্যক্তি জনেই এইজন দুৰ্ধৰ্ষ আলী হুছেইন বেপাৰী।
- মানকাচৰ জিলাৰ কোক্ৰাডাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ। এই সময়চোৱাত তেওঁ কাইলৈৰ পৰা জিঅ’ মেগা টিউবেৰে স্থায়ী প্ৰতিৰোধী কাম কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে। লগতে কয় যে,অসমত এতিয়া নতুন মথাউৰি নিৰ্মাণ কৰোতে জিঅ’ মেগা টিউব বাধ্যতামূলক কৰা হৈছে যাতে মথাউৰিবোৰ শক্তিশালী হয়।
- পত্নী হত্যাৰ অভিযুক্ত বিপিনক আৰক্ষীৰ এনকাউন্টাৰ। উল্লেখ্য যে, ২১ আগষ্টত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। অভিযোগ অনুসৰি, স্বামী আৰু পৰিয়ালৰ লোকে মিলি নিক্ক নামৰ এগৰাকী মহিলাক জীৱন্ত জ্বলাই দিছিল। যৌতুকৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত এনকাউন্টাৰ হোৱা অভিযুক্ত হাস্পাতালত ভৰ্তি হোৱাৰ বিপৰীতে শাহুৱেক আৰু দেওৰেক পলাতক অৱস্থাত আছে।
- শেহতীয়াকৈ এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰতৰ ৩১গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আটাইতকৈ দৰিদ্ৰ। তৃণমূল কংগ্ৰেছৰ মুৰব্বীগৰাকীৰ সম্পত্তি সৰ্বনিম্ন, মাত্ৰ ১৫ লাখ ৪০ হাজাৰ টকা।‘দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী’ হৈছে অন্ধ্ৰপ্ৰদেশৰ এন চন্দ্ৰবাবু নাইডু। টিডিপি চুপ্ৰেমোৰ মুঠ সম্পত্তি ৯৩১ কোটিতকৈও অধিক।
- BSF ৰ বৃহৎ সফলতা। বি এছ এফে গুজৰাটৰ কুচত ভাৰত-পাকিস্তান সীমান্তৰ সমীপত ১৫ জন পাকিস্তানী মাছমৰীয়াক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ লগতে ইঞ্জিন লগোৱা এখন দেশীয় নাওও জব্দ কৰা হৈছে। তথ্য দি বি এছ এফে কয় যে শনিবাৰে কোৰি ক্ৰিক অঞ্চলত অৱস্থিত সীমান্ত চকীত তেওঁলোক গ্ৰেপ্তাৰ হয়।
- শীঘ্ৰে ভাৰত ভ্ৰমণ কৰিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি। ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত অলেকজেণ্ডাৰ পলিচচুকে এই কথা নিশ্চিত কৰিছে। তেওঁ কয় যে, তাৰিখ নিৰ্ধাৰণৰ বাবে আলোচনা চলি আছে। উল্লেখ্য যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰৰ আগষ্ট মাহত ইউক্ৰেইন ভ্ৰমণ কৰিছিল। সেই সময়ত জেলেনস্কিক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনোৱা হৈছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ এয়া হ’ব প্ৰথম ভাৰত ভ্ৰমণ।
- চৰকাৰৰ নিৰ্দেশৰ পাছতে গাজাৰ দিশে পুনৰ আগবাঢ়িছে ইজৰাইলী সেনা। খবৰ অনুসৰি, গাজাত ইজৰাইলৰ আক্ৰমণত কমেও ৬৩ জন পেলেষ্টাইনী নিহত হৈছে। ইজৰাইলৰ সেনাই গাজা চহৰ দখল কৰি প্ৰায় দহ লাখ লোকক বলপূৰ্বকভাৱে স্থানচ্যুত কৰিছে। লগতে গাজাৰ আৰু অধিক ভিতৰলৈ সোমাই গৈছে।
অন্য খবৰ পঢ়কঃ বিয়াত দিছিল ৩৫ লাখ টকা, পুনৰ কৰিছিল দাবী! পত্নীক জীৱন্তে জ্বলোৱা স্বামীক আৰক্ষীৰ এনকাউন্টাৰ…