বিবাহিত পুৰুষৰ সৈতে যুৱতীয়ে স্থাপন কৰিব পাৰিব সম্পৰ্ক, উচ্চ ন্যায়ালৰ ৰায়
গোচৰটোৰ মতে, এগৰাকী যুৱতী এজন বিবাহিত পুৰুষৰ সৈতে পলাই যায়। ইয়াৰ পিছতে যুৱতীগৰাকীক জিম্মাত লোৱাৰ দাবীত আদালতত গোচৰ ৰুজু কৰে তেওঁৰ পৰিয়ালে।
যদি এগৰাকী প্ৰাপ্তবয়স্ক মহিলা বিবাহিত পুৰুষৰ লগত থাকে তেন্তে কোনো আইনে তেওঁক বাধা দিব নোৱাৰে। মহিলাগৰাকীৰ নিজৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে। এটা গোচৰত এই ৰায় প্ৰদান কৰিছে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে । গোচৰটোৰ মতে, এগৰাকী যুৱতী এজন বিবাহিত পুৰুষৰ সৈতে পলাই যায়। ইয়াৰ পিছতে যুৱতীগৰাকীক জিম্মাত লোৱাৰ দাবীত আদালতত গোচৰ ৰুজু কৰে তেওঁৰ পৰিয়ালে। অৱশ্যে যুৱতীগৰাকীয়ে আদালতৰ আগত কয় যে তেওঁ এগৰাকী প্ৰাপ্তবয়স্ক আৰু কাৰ লগত থাকিব সেই সন্দৰ্ভত নিজে সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে।
এই গোচৰৰ শুনানি গ্ৰহণ কৰে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ অতুল শ্ৰীধৰণ আৰু ন্যায়াধীশ প্ৰদীপ মিত্তলৰ সংমণ্ডল বিচাৰপীঠে। ৰাজ্য পৰিষদে জনোৱা মতে, যুৱতীগৰাকীৰ সৈতে পলায়ন কৰা বিবাহিত ব্যক্তিজনে প্ৰথম পত্নীক এৰি বিবাহ বিচ্ছেদৰ বাবে সাজু হৈছে।