খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক ফাইবাৰসমৃদ্ধ এইকেইবিধ খাদ্যবস্তু

24 Aug 2025

TV9 ASSAM

অ’টছত পৰ্যাপ্ত পৰিমাণে ফাইবাৰ থাকে। ব্ৰেকফাষ্টত এবাটি অ’টছ সেয়ে দিনটোৰ আৰম্ভণিৰ উত্তম বিকল্প হ’ব পাৰে।

অ’টছ

বীনতো প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। ইয়াৰ দ্বাৰা পাচনতন্ত্ৰৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। কোষ্ঠকাঠিন্যৰ পৰা ৰেহাই পাব।

বীন

চিয়া চিডছ্ আকাৰত সৰু হ’লেও স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। চিয়া চিডছতো যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায়।

চিয়া চিডছ্

ফাইবাৰ উপলব্ধ আন এবিধ খাদ্য বস্তু হৈছে ব্ৰকলি। এই পাচলিবিধ বিভিন্ন ধৰণে ৰান্ধি খাব পাৰি।

ব্ৰকলি

বুটতো যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায়। দৈনিক এক বাটি বুট খালে দেহৰ বাবে যথেষ্ট উপকাৰিতা লাভ কৰা যায়।

বুট

নাচপতিতো ফাইবাৰৰ পৰিমাণ যথেষ্ট বেছি। ই হজম শক্তি উন্নত কৰাৰ লগতে শৌচ কোমল কৰাত সহায় কৰে।

নাচপতি

ফাইবাৰৰ অন্যতম এক উত্তম উৎস হৈছে এভোকেডো। ই হজম শক্তি উন্নত কৰাৰ লগতে তেজৰ চেনি নিয়ন্ত্ৰণত সহায় কৰে।

এভোকেডো

পঢ়িবলৈ ক্লিক কৰক 

বেছিকৈ নহৰু-পিঁয়াজ খালে কি সমস্যা হয়