শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Online Gaming: আইনত পৰিণত হ’ল অনলাইন গেমিং প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক, ২০২৫

Online Gaming: আইনত পৰিণত হ’ল অনলাইন গেমিং প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক, ২০২৫

manas-borah
Manas Borah | Published: 23 Aug 2025 23:18 PM

বিধেয়কখনে বুধবাৰে লোকসভাত অনুমোদন লাভ কৰাৰ পাছতে বৃহস্পতিবাৰে ৰাজ্যসভাত অনুমোদন লাভ কৰে। ইয়াৰ পাছতে বিধেয়কখনক অৱশেষত শুকুৰবাৰে দেশৰ ৰাষ্ট্ৰপতিয়ে অনুমোদন জনায়।

আইনত পৰিণত হ’ল অনলাইন গেমিং প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক, ২০২৫। বিধেয়কখনে বুধবাৰে লোকসভাত অনুমোদন লাভ কৰাৰ পাছতে বৃহস্পতিবাৰে ৰাজ্যসভাত অনুমোদন লাভ কৰে। ইয়াৰ পাছতে বিধেয়কখনক অৱশেষত শুকুৰবাৰে দেশৰ ৰাষ্ট্ৰপতিয়ে অনুমোদন জনায়।

মাত্ৰ ৭২ ঘণ্টাৰ ভিতৰতে অনলাইন গেমিং প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক, ২০২৫ আইনত পৰিণত হ’ল। অৱশ্যে এনে নহয় যে বিৰোধীৰ কোনো অভিযোগ নাছিল। বিৰোধীয়ে দাবী কৰে যে, তেওঁলোকৰ সৈতে এই বিধেয়ক সন্দৰ্ভত কোনো আলোচনা কৰা নাছিল শাসকীয় শিবিৰে।

কিন্তু সেই সকলোবোৰ অভিযোগ অতিক্ৰম কৰি শেহতীয়াকৈ লোকসভাত উত্থাপন হোৱা এই বিধেয়কখন আইনত পৰিণত হ’ল। অনলাইন মানি গেমিঙক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘সামাজিক ব্যাধি’ বুলি অভিহিত কৰিছে। একেদৰে কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰীয়েও এই এপসমূহক ‘সামাজৰ বাবে ক্ষতিকাৰক’ বুলি অভিহিত কৰিছে।