শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
সীমান্তত অনুপ্ৰৱেশৰ চেষ্টা কৰি ধৰা পৰিল বাংলাদেশৰ প্ৰাক্তন সেনা বিষয়া

সীমান্তত অনুপ্ৰৱেশৰ চেষ্টা কৰি ধৰা পৰিল বাংলাদেশৰ প্ৰাক্তন সেনা বিষয়া

monjit-dutta
Monjit Dutta | Published: 24 Aug 2025 22:06 PM

পশ্চিম বংগৰ  ভাৰত-বাংলাদেশ সীমান্তৰ হাকিমপুৰ চেক প’ষ্টেৰে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল বাংলাদেশৰ পূৰ্বৰ হাছিনা চৰকাৰৰ সেনা সচিব আফ্ৰুজ্জামানে। সেই সময়তে সীমান্তত নিয়োজিত বি এছ এফে আফ্ৰুজ্জামানক গ্ৰেপ্তাৰ কৰে।

শেহতীয়া কিছুদিনৰ পৰা ৰাজ্যৰ ৰাজনীতিত আটাইতকৈ চৰ্চিত বিষয় হৈ পৰিছে বাংলাদেশী অনুপ্ৰৱেশকাৰী। এই বিষয়ত ধাৰাবাহিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে কেৱল অসমৰ ৰাজনীতিতে নহয়, দেশৰ ৰাজনীতিতো বাংলাদেশৰ পৰা অবৈধ প্ৰব্ৰজনৰ প্ৰসঙ্গক কেন্দ্ৰ কৰি বিগত কিছুদিনৰ পৰা ব্যাপক চৰ্চা পৰিলক্ষিত হৈছে। তাৰ মাজতে পোহৰলৈ আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাই গ্ৰেপ্তাৰ হৈছে বাংলাদেশৰ এগৰাকী প্ৰাক্তন সেনা বিষয়া।

তথ্য অনুসৰি, পশ্চিম বংগৰ  ভাৰত-বাংলাদেশ সীমান্তৰ হাকিমপুৰ চেক প’ষ্টেৰে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল বাংলাদেশৰ পূৰ্বৰ হাছিনা চৰকাৰৰ সেনা সচিব আফ্ৰুজ্জামানে। সেই সময়তে সীমান্তত নিয়োজিত বি এছ এফে আফ্ৰুজ্জামানক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে তেওঁক স্বৰূপনগৰ থানাৰ আৰক্ষীৰ হাতত গতাই দিয়া হয়।