শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইজৰাইলে বৃদ্ধি কৰিছে গাজাত আক্ৰমণ, ভোকত মৃত্যু বহুজনৰ

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে হামাছক সতৰ্কবাণী দিছে যে যদিহে তেওঁলোকে অস্ত্ৰ ত্যাগ নকৰে, পণবন্দীসকলক মুকলি কৰি নিদিয়ে আৰু তেল আভিভৰ চৰ্তত যুদ্ধৰ অন্ত পেলাবলৈ সন্মত নহয় তেন্তে গাজা চহৰ ধ্বংস হ’ব। তেওঁ কয় যে হামাছৰ ৰাজধানী গাজা ৰাফা আৰু বেট হানুন হ’ব।

ইজৰাইলে বৃদ্ধি কৰিছে গাজাত আক্ৰমণ, ভোকত মৃত্যু বহুজনৰ
গাজাত আনুষ্ঠানিকভাৱে দুৰ্ভিক্ষ ঘোষণা কৰিলে ৰাষ্ট্ৰসংঘইImage Credit source: PTI
barasha-misra
Barasha Misra | Updated On: 24 Aug 2025 08:16 AM

গাজাত আনুষ্ঠানিকভাৱে দুৰ্ভিক্ষ ঘোষণা কৰিলে ৰাষ্ট্ৰসংঘই। কিছুদিন পূৰ্বে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কৈছিল যে গাজাত হামাছৰ হত্যাকাৰী আৰু ধৰ্ষণকাৰীৰ অতি সোনকালে নৰকৰ দুৱাৰ খোল খাব – যদিহে তেওঁলোকে যুদ্ধৰ অন্ত পেলাবলৈ ইজৰাইলৰ চৰ্তত সন্মতি নিদিয়ে, মূলতঃ সকলো পণবন্দীক মুকলি কৰি দিয়া আৰু তেওঁলোকৰ অস্ত্ৰত্যাগ।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন ন্যেতানিয়াহুৱে গাজা চহৰ দখল কৰাৰ কৰ্তৃত্ব সেনাক দিব বুলি কোৱাৰ এদিন পিছতে তেওঁৰ এই মন্তব্য কৰে। গাজাত বাকী থকা সকলো পণবন্দীক মুকলি কৰি দিবলৈ তাৎক্ষণিক আলোচনাৰ নিৰ্দেশ দিয়ে ন্যেতানিয়াহুৱে। চলিত সপ্তাহৰ আৰম্ভণিতে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে গাজা চহৰ দখল কৰাত সহায় কৰিবলৈ প্ৰায় ৬০ হাজাৰ সংৰক্ষিত সৈন্য আহ্বান কৰাৰ অনুমতি দিছিল। এক ভিডিঅ’ বিবৃতিত তেওঁ কয় যে এই দুটা বিষয় – হামাছক পৰাস্ত কৰা আৰু আমাৰ সকলো পণবন্দীক মুকলি কৰি দিয়া – একেলগে চলি আছে। চৰকাৰী তথ্য অনুসৰি ২০২৩ চনৰ অক্টোবৰ মাহত ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণত ১২১৯ জন লোকৰ মৃত্যু হৈছিল, য’ত বেছিভাগেই সাধাৰণ নাগৰিক।

বিশেষজ্ঞসকলৰ মতে, এতিয়া গাজাত প্ৰায় ৫ লাখতকৈ অধিক লোকে ক্ষুধাৰ সন্মুখীন হৈছে। এমুঠি খাদ্য,এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ জনতাই অনাহাৰে কটাইছে নিশা।

২০২৩ চনত ইজৰাইল-হামাছ যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৰাষ্ট্ৰসংঘৰ প্ৰথমবাৰৰ বাবে দুৰ্ভিক্ষ কৰিছে গাজাত। ফলত যুদ্ধ বন্ধ আৰু সাহায্য ত্বৰান্বিত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় আহ্বান তীব্ৰতৰ হৈ পৰে।

ৰাষ্ট্ৰসংঘ আৰু অন্যান্য সাহায্য সংস্থাৰ সমৰ্থনত বিশ্বব্যাপী ক্ষুধা নিৰীক্ষণ কৰা ইন্টিগ্ৰেটেড ফুড ছিকিউৰিটি ফেজ ক্লাছিফিকেশনে শুকুৰবাৰে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি ছেপ্টেম্বৰৰ শেষৰ ফালে পেলেষ্টাইন ভূখণ্ডৰ ৬ লাখ ৪০ হাজাৰতকৈ অধিক লোকে “খাদ্য অসুৰক্ষিততাৰ বিপৰ্যয়জনক মাত্ৰা”ৰ সন্মুখীন হ’ব।

ALJAZEERA ৰ তথ্যনুসৰি, ইজৰাইলৰ সেনাই গাজাত পেলেষ্টাইনীক হত্যা কৰে। যত শিশুকে ধৰি সাহায্য বিচৰা লোকসকলো আছিল। গাজা চহৰ দখল কৰি চিকিৎসা কৰ্মীসকলক বহিষ্কাৰ কৰাৰ পৰিকল্পনাৰে আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰিছিল। ইফালে কালি ভোকত ৮ জনৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।