শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হঠাৎ ৰাডাৰৰ পৰা নিৰুদ্দেশ যাত্ৰীবাহী বিমান, ৫০ জন লোক আছিল

ৰাডাৰৰ পৰা নিৰুদ্দেশ হৈছে ৰাছিয়াৰ এখন যাত্ৰীবাহী বিমান। ৫০ জন যাত্ৰী থকা এই বিমানখন অংগৰা এয়াৰলাইন্সে পৰিচালনা কৰে। ৰয়টাৰৰ তথ্য অনুসৰি আমুৰ অঞ্চলৰ সমীপত বিমানখনৰ যোগাযোগ বিচ্ছিন্ন হয়। বিমান পৰিবহণ পৰিচালনা নিয়ন্ত্ৰকে জনোৱা মতে, বিমানখন টিণ্ডাত গন্তব্য স্থানত অৱতৰণ কৰাৰ পূৰ্বেই নিৰুদ্দেশ হৈছিল।

হঠাৎ ৰাডাৰৰ পৰা নিৰুদ্দেশ যাত্ৰীবাহী বিমান, ৫০ জন লোক আছিল
যাত্ৰীবাহী বিমান
trishna-kalita
Trishna Kalita | Published: 24 Jul 2025 12:37 PM

হঠাৎ ৰাডাৰৰ পৰা নিৰুদ্দেশ হৈছে ৰাছিয়াৰ এখন যাত্ৰীবাহী বিমান। ৫০ জন যাত্ৰী থকা এই বিমানখন অংগৰা এয়াৰলাইন্সৰ দ্বাৰা পৰিচালিত হয়। ৰয়টাৰৰ তথ্য অনুসৰি আমুৰ অঞ্চলৰ সমীপত বিমানখনৰ যোগাযোগ বিচ্ছিন্ন হয়। বিমান পৰিবহণ পৰিচালনা নিয়ন্ত্ৰকে জনোৱা মতে, বিমানখন টিণ্ডাত গন্তব্য স্থানত অৱতৰণ কৰাৰ পূৰ্বেই নিৰুদ্দেশ হৈছিল।

সংবাদ সংস্থা TASS ৰ মতে, N-24 ক’ডেৰে পৰিচালিত এই বিমানখনত ২টি শিশুও উপস্থিত আছে। এই বিমানখনক পুনৰ ৰাডাৰলৈ অনাৰ বাবে ৰাছিয়াৰ বিষয়াসকলে চেষ্টা অব্যাহত ৰাখিছে । বিমানখনত যাত্ৰীসকলৰ উপৰিও ৬ জন ক্ৰু মেম্বাৰো আছে।

দুমাহ পূৰ্বে ৰাণৱেত অগ্নিকাণ্ড সংঘটিত হৈছিল

দুমাহ পূৰ্বে ৰাণৱেত অগ্নিকাণ্ড সংঘটিত হৈছিল অংগৰা এয়াৰলাইন্সৰ এএন-২৪ বিমানখন। কিৰেনস্কত বিমানখন অৱতৰণ কৰাৰ লগে লগে সন্মুখৰ ভাগ ভাঙি যায়, যাৰ ফলত বিমানখনত জুই লাগে। অৱশ্যে সেই সময়ত কোনো লোকৰ মৃত্যু হোৱা নাছিল। ২০২৩ চনৰ জুলাই মাহত এএন-২৪ ছিৰিজৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। সেই সময়ত বিমানখনত আছিল ৩৭ জন যাত্ৰী।

উল্লেখ্য যে ইষ্টলেণ্ড গ্ৰুপৰ সহযোগী প্ৰতিষ্ঠান আংগাৰা এয়াৰলাইন্স। ২০০০ চনত প্ৰতিষ্ঠা হোৱা এই বিমান সংস্থাটো ৰাছিয়া আৰু চাইবেৰিয়াৰ ঘৰুৱা বিমান সেৱাৰ বাবে আগশাৰীৰ বিমান সংস্থা। আংগাৰাই ঘৰুৱা বিমান সেৱাৰ লগতে চাৰ্টাৰ বিমান সেৱাও চলায়। ইৰকুটস্ক বিমানবন্দৰত (হেংগাৰ কমপ্লেক্স, পাৰ্কিং, গ্ৰাউণ্ড ষ্টাফ আদি) বিমানৰ ৰক্ষণাবেক্ষণ আৰু গ্ৰাউণ্ড হেণ্ডলিঙৰ বাবে আংগাৰা এয়াৰলাইন্সৰ আটাইতকৈ ডাঙৰ ঘাটি আছে।

কোম্পানীটোৰ তথ্য অনুসৰি ইয়াৰ বহৰত ৩২খন বিমান আছে, য’ত আছে পাঁচখন এএন-১৪৮, সাতখন এএন-২৪, তিনিখন এএন-২৬-১০০, দুখন এএন-২ আৰু এঘাৰখন মি-৮ হেলিকপ্টাৰ বিভিন্ন পৰিৱৰ্তনত।