শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব ভাৰতে: প্ৰধানমন্ত্ৰী মোদীয়ে আশ্বাস দিয়াৰ দাবী ট্ৰাম্পৰ

হোৱাইট হাউছত এক অনুষ্ঠানৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰে যে, প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰাৰ আশ্বাস দিছে। তেওঁ কয় যে, প্ৰধানমন্ত্ৰী মোদী মোৰ বহুত ভাল বন্ধু আৰু তেওঁ মোক ভাল পায়। ট্ৰাম্পে আৰু কয় যে, ৰাষ্ট্ৰপতি পুটিনৰ পৰা তেওঁ মাথোঁ বিচাৰে ইউক্ৰেইন আৰু ৰাছিয়ানক হত্যা কৰা বন্ধ কৰাটো।

ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব ভাৰতে: প্ৰধানমন্ত্ৰী মোদীয়ে আশ্বাস দিয়াৰ দাবী ট্ৰাম্পৰ
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, প্ৰধানমন্ত্ৰী মোদী
trishna-kalita
Trishna Kalita | Updated On: 16 Oct 2025 07:59 AM

বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰে যে, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক আশ্বাস দিছে । তেওঁ কয় যে, ভাৰতে হয়তো তৎক্ষণাত তেনে নকৰে, কিন্তু অতি সোনকালে কৰিব। তেওঁ আৰু কয় যে তেওঁ এতিয়া চীনকো একে কাম কৰিবলৈ দিব। ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিবলৈ আমেৰিকাই ভাৰতক অহৰহ হেঁচা প্ৰয়োগ কৰি থকা সময়তে ট্ৰাম্পে এই বক্তব্য প্ৰকাশ কৰিছে।

হোৱাইট হাউছত এক অনুষ্ঠানত ভাষণ দি ট্ৰাম্পে কয় , “মোদী এজন ভাল মানুহ আৰু তেওঁ মোক ভাল পায়। তেওঁ কয় যে পূৰ্বে ভাৰতত কেইমাহমানৰ মূৰে মূৰে নতুন নেতা আহিছিল। কিন্তু মোৰ বন্ধু মোদী দীৰ্ঘদিন ধৰি ক্ষমতাত আছে আৰু তেওঁ মোক আশ্বাস দিছে যে তেওঁ ভাৰতৰ পৰা তেল ক্ৰয় কৰাটো অতি কম সময়ৰ ভিতৰতে বন্ধ কৰিব।”

ট্ৰাম্পে কয় যে, তেওঁৰ বন্ধু প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক আশ্বাস দিছে যে তেওঁ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব। তেওঁ লগতে কয়, ‘এই কাম তৎক্ষণাত কৰিব নোৱাৰি। ই এটা প্ৰক্ৰিয়া যিটো অতি সোনকালে সম্পূৰ্ণ কৰাৰ পিছত ভাৰতে তেল ক্ৰয় বন্ধ কৰিব। ট্ৰাম্পে আৰু কয় যে, ৰাষ্ট্ৰপতি পুটিনৰ পৰা তেওঁ মাত্ৰ বিচাৰে যে যুদ্ধ বন্ধ কৰক আৰু ইউক্ৰেইন আৰু ৰাছিয়ানক হত্যা কৰা বন্ধ কৰক।’

কাৰণ তেওঁলোকে বহু ৰাছিয়ানক হত্যা কৰিছে। জেলেনস্কি আৰু ভ্লাদিমিৰ পুটিনৰ মাজত ইজনে সিজনৰ প্ৰতি বহুত ঘৃণা আছে, যিটো এটা ডাঙৰ বাধা। ট্ৰাম্পে কয়, ‘তেওঁ ভাবে যে আমি সেইবোৰ সমাধান কৰিব পাৰিম।’ তেওঁ কয় যে, ‘যদি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰে তেন্তে সেয়া সহজ হ’ব, আৰু যুদ্ধ শেষ হ’লেই বাণিজ্য পুনৰ আৰম্ভ হ’ব।’

ট্ৰাম্পৰ এই বক্তব্য এনে সময়তে আমেৰিকাই ভাৰতক ৰাছিয়াৰ সৈতে শক্তিৰ বাণিজ্য বন্ধ কৰিবলৈ বাধ্য কৰিবলৈ অহৰহ চেষ্টা চলাই আছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ট্ৰাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰে। অৱশ্যে ট্ৰাম্পৰ বাণিজ্য প্ৰতিনিধি জেমিছন গ্ৰেইছে ভাৰত এখন সাৰ্বভৌম দেশ আৰু নিজাকৈ সিদ্ধান্ত ল’ব পাৰে বুলি উল্লেখ কৰে।

তেওঁ লগতে কয় যে, আমেৰিকাই ভাৰতক কোনো দেশৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলৈ বা বিচ্ছিন্ন কৰিবলৈ বাধ্য কৰা নাই। ইয়াৰ পূৰ্বে পুটিনে আমেৰিকাক সকীয়াই দিছিল যে যদি আমেৰিকাই ভাৰত আৰু চীনক ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক শেষ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে তেন্তে আমেৰিকায়ো অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হ’ব।