ভাৰতৰ সৈতে ‘শান্তি আলোচনা’ৰ বাবে আমি সাজুঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী

শান্তি আলোচনাৰ বাবে সাজু পাকিস্তান। অৱশ্যে এই ক্ষেত্ৰত এক বিশেষ চৰ্ত বান্ধি দিছে চুবুৰীয়া ৰাষ্ট্ৰখনে। দুই দেশৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।

ভাৰতৰ সৈতে শান্তি আলোচনাৰ বাবে আমি সাজুঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী

মোদী-শ্বাহবাজ

Published: 

16 May 2025 08:51 AM

ভাৰতৰ সৈতে শান্তি আলোচনা কৰিবলৈ আগ্ৰহী পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনা তীব্ৰগতিত বৃদ্ধি পাইছে। অপাৰেশ্যন সেন্দূৰৰ পাছত পাকিস্তানে ভাৰতক কৰা আক্ৰমণ, ভাৰতে পাকিস্তানৰ বিৰুদ্ধে চলোৱা প্ৰতিশোধমূলক কাৰ্যত এই উত্তেজনাত সাৰ-পানী যোগোৱাৰ কাম কৰিছিল। উত্তেজনা চৰম পৰ্যায়লৈ যোৱাৰ পাছতে ১০ মে’ত দুই দেশৰ মাজত হৈছিল যুদ্ধ বিৰতি। কিন্তু এতিয়া হঠাতে পাকিস্তানে কথা পাতিব বিচাৰিছে ভাৰতৰ সৈতে। বৃহস্পতিবাৰ (১৫ মে’)য়ে শ্বেহবাজ শ্বৰীফে কয় যে, ভাৰতৰ সৈতে শান্তি আলোচনাৰ বাবে পাকিস্তান প্ৰস্তুত।

বৃহস্পতিবাৰে ভাৰতক শান্তি আলোচনাৰ প্ৰস্তাৱ দি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয় যে পাকিস্তান শান্তিৰ বাবে আলোচনা কৰিবলৈ প্ৰস্তুত। আমি শান্তি প্ৰতিষ্ঠানৰ বাবে তেওঁলোকৰ (ভাৰত)সৈতে আলোচনা কৰিবলৈ সাজু। শান্তি আলোচনাৰ চৰ্ত এয়াই যে কাশ্মীৰ বিষয়টোৰ ওপৰতো আলোচনা হ’ব লাগিব।

পাকিস্তানৰ পঞ্জাৱ প্ৰান্তৰ এক এয়াৰবেছত উপস্থিত হৈ শ্বাহবাজ শ্বৰীফে এই মন্তব্য কৰে। এয়াৰবেছটোত উপস্থিত হৈ শ্বাহবাজ শ্বৰীফে পাকিস্তানী সেনা জোৱানসকলক সাক্ষাৎ কৰি আলোচনাত মিলিত হয়। এই সময়চোৱাত প্ৰধানমন্ত্ৰী সৈতে উপস্থিত থাকে উপ-প্ৰধানমন্ত্ৰী ইছহাক দাৰ, প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফ, সেনা প্ৰধান জেনেৰেল আছিম মুনিৰ, বায়ুসেনাৰ মুখ্য বায়ু প্ৰধান মাৰ্শ্বাল জহীৰ আহমেদ বাবৰ সিদ্ধু।

ইয়াৰ বিপৰীতে ভাৰতে সদায় কৈ আহিছে যে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ অবিচ্ছেদ্য অংগ আছিল আৰু সদায় হৈ থাকিব।

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণে জোকাৰি গৈছিল সমগ্ৰ দেশ। য’ত মৃত্যু হৈছিল ২৬ জনকৈ পৰ্যটকৰ। এই ঘটনাৰ প্ৰতিশোধ স্বৰূপে ভাৰতে পাকিস্তান আৰু পি অ’ কেত চলাইছিল অপাৰেশ্যন সেন্দূৰ। এই অভিযানৰ সময়ত ভাৰতে ৯ টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰাৰ লগতে ১০০ জনতকৈ অধিক সন্ত্ৰাসবাদীৰ মৃত্যু মুখত পেলাইছিল।

ইয়াৰ পাছতে পাকিস্তানে ভাৰতত মিছাইল আৰু ড্ৰ’নেৰে আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল যদি ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ইয়াক ধ্বংস কৰিছিল। ইয়াৰ বিপৰীতে ভাৰতে পাকিস্তানৰ ওপৰত প্ৰতিশোধমূলক কাৰ্য হিচাপে প্ৰত্যাক্ৰমণ চলাইছিল। এই সময়চোৱাত ভাৰতে লাহোৰ, কৰাচী আদিকে ধৰি বিভিন্ন স্থানত আক্ৰমণ কৰিছিল।

মাত্ৰ কেইটামান দিনৰ ভিতৰতে দুই দেশৰ মাজত উত্তেজনাৰ চৰম সীমা পাইছিল। এই সকলোবোৰৰ মাজত যোৱা ১০ মে’ত দুই দেশে যুদ্ধ বিৰতি কৰিবলৈ সক্ষম হয়। এই সময়চোৱাত ভাৰতে স্পষ্ট কৰি দিছে যে যুদ্ধ বিৰতি হ’লেও সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব। ইয়াৰোপৰি পাকিস্তানৰ লগত আলোচনা হ’লে কেৱল পি অ’ কে আৰু সন্ত্ৰাসবাদৰ মাজতহে হ’ব।

 

অন্য খবৰ পঢ়কঃ ১৮ মে’লৈ থাকিব ভাৰতৰ সৈতে যুদ্ধ বিৰতি…পাকিস্তানৰ মন্ত্ৰীৰ ডাঙৰ মন্তব্য

 

টেষ্টৰ পৰা অৱসৰৰ পিছতো ৰোহিত-কোহলীলৈ ধনৰ উজান, লাভ কৰিব বৃহৎ ধনৰাশিৰ পুৰস্কাৰ…
নতুন খেলুৱৈৰ সৈতে IPL ২০২৫ৰ দ্বিতীয়াংশৰ বাবে সাজু কেইবাটাও দল, সুযোগ পালে এইকেইজন খেলুৱৈয়ে….
গৰমৰ দিনত সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ চকুৰ যত্ন কেনেকৈ ল'ব ? জানক
কণ বিলাহীত আছে আচৰিত স্বাস্থ্য উপকাৰী গুণ, সবিশেষ জানক