TV9 ASSAM
গ্ৰীষ্মকালত উপলব্ধ ফল কঁঠাল কেৱল সোৱাদেৰেই নহয়, বহু গুণেৰেও সমৃদ্ধ। সেয়েহে কঁঠাল স্বাস্থ্যৰ বাবেও অতি উপকাৰী।
কঁঠাল ফল হিচাপে খোৱাৰ লগতে কঁঠালৰ মুচি পাচলি হিচাপেও খোৱা হয়। কঁঠালৰ মুচিত কোনবোৰ ভিটামিন তথা আন উপাদান থাকে জানো আহক।
হেল্থ লাইনৰ মতে প্ৰায় এক কাপ কঁঠালত দৈনিক প্ৰয়োজনীয় ভিটামিন চিৰ ১৮% থাকে।ইয়াৰ উপৰিও ইয়াত ১০ শতাংশ ভিটামিন এ আৰু ১১% ভিটামিন বি ২ থাকে।
ইয়াত যথেষ্ট পৰিমাণৰ ফাইবাৰ থাকে। তদুপৰি মেগনেছিয়াম, কপাৰ, পটাছিয়াম, মেংগানিজ, প্ৰটিন, কাৰ্বছ আদিও যথেষ্ট পৰিমাণে পোৱা যায়।
ইয়াত কেৰটিনয়ডৰ দৰে বহুতো এণ্টিঅক্সিডেণ্ট থাকে, যি প্ৰদাহ কমায় আৰু টাইপ ২ ডায়েবেটিছ, হৃদযন্ত্ৰৰ সমস্যাও প্ৰতিৰোধ কৰাত সহায় কৰে।
কঁঠাল খোৱাৰ ফলত স্বাস্থ্যৰ বহু উপকাৰ, যেনে- ব্লাড চুগাৰ নিয়ন্ত্ৰণ, হৃদৰোগৰ স্বাস্থ্য, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, ছালৰ স্বাস্থ্য, ভাল টোপনি ইত্যাদি পোৱা যায়।
অৱশ্যে কঁঠাল সীমিত পৰিমাণতহে খাব লাগে আৰু বিশেষকৈ তেজত শৰ্কৰা কম থকা লোক, এলাৰ্জি থকাসকলে খাব নালাগে। কোনো ঔষধ খাই থকাসকলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
পঢ়িবলৈ ক্লিক কৰক
পানীত নিম পাত দি গা ধুলে লাভ কৰিব এইসমূহ উপকাৰিতা