শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বৈজ্ঞানিকৰ মৃত্যুৰ প্ৰতিশোধ ল’লে ইৰাণে! ইজৰাইলৰ গৱেষণাৰ লগত জড়িত স্থানত আক্ৰমণ…

অব্যাহত আছে ইৰাণ আৰু ইজৰাইলৰ মাজত উত্তেজনা। বিগত সময়চোৱাত ইজৰাইলে ইৰাণৰ কেইবাজনো বৈজ্ঞানিকক ধ্বংস কৰিছে। কিন্তু ইয়াৰ প্ৰতিশোধ লৈছে ইৰাণে।

বৈজ্ঞানিকৰ মৃত্যুৰ প্ৰতিশোধ ল’লে ইৰাণে! ইজৰাইলৰ গৱেষণাৰ লগত জড়িত স্থানত আক্ৰমণ…
ইৰাণ-ইজৰাইলImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 20 Jun 2025 09:05 AM

১৩ জুনৰ পুৱা ইজৰাইলে ইৰাণক আক্ৰমণ কৰিছিল। এই আক্ৰমণত ইজৰাইলে কেৱল পাৰমাণৱিক ঘাটিকে নহয়, বহু বিশিষ্ট লোককো লক্ষ্য কৰি লৈছিল। ইয়াৰ ভিতৰত আছিল দেশখনৰ শীৰ্ষ পাৰমাণৱিক বিজ্ঞানীসকল। যাৰ মৃত্যু ইৰাণৰ বাবে এক ডাঙৰ আঘাত বুলি গণ্য কৰা হৈছিল। কিন্তু শেহতীয়াকৈ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ইৰাণেও ইয়াৰ প্ৰতিশোধ লৈছে। কিন্তু বিশ্বই ইয়াৰ বিষয়ে গম নাপালে।

জানিব পৰা মতে, দেওবাৰে পুৱা ইৰাণৰ ক্ষেপণাস্ত্ৰই ইজৰাইলৰ বহু গুৰুত্বপূৰ্ণ স্থানত আক্ৰমণ কৰে। সেই ঠাইতে ইজৰাইলে দেশখনৰ বৈজ্ঞানিক শক্তিৰ ভেটি স্থাপন কৰিছিল। এই আক্ৰমণ লক্ষ্য আছিল ইজৰাইলৰ বৈজ্ঞানিক খ্যাতি আৰু প্ৰযুক্তিগত পৰিচয়ৰ প্ৰতীক হিচাপে গণ্য কৰা ৱেইজমেন ইনষ্টিটিউট অৱ চাইন্স (Weizmann Institute of Science)।

ৱেইজমেন ইনষ্টিটিউট সেইখিনি ঠাই য’ত ইজৰাইলৰ প্ৰথম কম্পিউটাৰ নিৰ্মাণ আৰু আধুনিক গৱেষণা আৰম্ভ হোৱা বুলি ধৰা হয়। এই কাৰণেই ইৰাণৰ এই আক্ৰমণ কেৱল সামৰিক আক্ৰমণ নাছিল, বৰঞ্চ গভীৰ প্ৰতীকী আক্ৰমণ আছিল। এক প্ৰকাৰ এয়া এক বাৰ্তা আছিল যে ইৰাণৰ বিজ্ঞানীসকলক হত্যা কৰাৰ প্ৰতিশোধত ইজৰাইলৰ জ্ঞানৰ দুৰ্গবোৰ ধ্বংস কৰা হৈছিল।

এই মিছাইল আক্ৰমণত ইজৰাইলৰ দুটাকৈ অট্টালিকা সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। ইয়াৰে এটা জৈৱ বিজ্ঞানৰ লেব, আনহাতে আনটো নিৰ্মীয়মাণ অৱস্থাত আছিল। ইয়াৰোপৰি ইয়াৰ আশে-পাশে থকা প্ৰায় ১০টা অট্টালিকাৰ ক্ষতিগ্ৰস্ত হয়। ওচৰৰ খিৰিকীবোৰ ছিন্নভিন্ন হৈ পৰাৰ লগতে দেৱালবোৰ জ্বলি যায় আৰু উচ্চ প্ৰযুক্তিৰ গৱেষণা সঁজুলিবোৰ ছাইলৈ পৰিণত হয়। অৱশ্যে এই আক্ৰমণত কোনো লোকৰ হতাহতি হোৱা নাছিল।

কিন্তু বিজ্ঞানীসকলে কয় যে,তেওঁলোকৰ বছৰ বছৰ ধৰি কৰা গৱেষণা ধ্বংসাৱশেষৰ তলত পোঁত যায়।বহু লেব পুনৰ নিৰ্মাণ কৰিবলৈ বছৰ বছৰ লাগিব পাৰে। ইজৰাইলৰ প্ৰতিৰক্ষা উদ্যোগৰ সৈতে ইয়াৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। ইয়াত কৰা গৱেষণা প্ৰতিৰক্ষা কোম্পানীসমূহৰ সৈতে ভাগ কৰা হয়, বিশেষকৈ এলবিট চিষ্টেমছৰ দৰে কোম্পানীসমূহৰ সৈতে। গতিকে এই নিৰাপত্তাৰ দিশতো এক আক্ৰমণ বুলি ক’ব পাৰি।

উল্লেখ কৰা প্ৰয়োজন যে, ইৰাণৰ বৈজ্ঞানিকক টাৰ্গেট কৰা এয়া প্ৰথম নহয়। বিগত বহু বছৰ ধৰি এই দেশৰ বৈজ্ঞানিকসকল টাৰ্গেট হৈ আহিছে। বিগত কেইটামান বছৰত ইৰাণৰ বহু পাৰমাণৱিক বিজ্ঞানী নিহত হৈছে আৰু ইয়াৰ আঁৰত ইজৰাইলৰ বুলি ধাৰণা কৰা হৈছে। ইজৰাইল-ইৰাণৰ যুদ্ধত আমেৰিকাইও ইৰাণক সতৰ্কবাণী দি আহিছে। গতিকে এই যুদ্ধ কি পৰ্যায় পাই সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।

 

 

অন্য খবৰ পঢ়কঃ কেতিয়া ইৰাণৰ ওপৰত আক্ৰমণ কৰিব আমেৰিকাই? ট্ৰাম্পে দিলে মঞ্জুৰী…