শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰতিদিনে আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে ৮ জনকৈ ভাৰতীয়ক, বাইডেনৰ সময়ত আছিল ইমান…

ড’নাল্ড ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালত ১৭০০ৰো অধিক ভাৰতীয় নাগৰিকক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে, যিটো বাইডেন প্ৰশাসনৰ তুলনাত তিনিগুণতকৈও অধিক। এই বিতাড়ন প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে, প্ৰতিদিনে প্ৰায় আঠজন ভাৰতীয়ক দেশৰ বাহিৰলৈ পঠিওৱা হৈছে।

প্ৰতিদিনে আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে ৮ জনকৈ ভাৰতীয়ক, বাইডেনৰ সময়ত আছিল ইমান…
প্ৰতিদিনে আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে ৮ জনকৈ ভাৰতীয়ক
trishna-kalita
Trishna Kalita | Updated On: 02 Aug 2025 21:55 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প দ্বিতীয় কাৰ্যকালত বহু কথা আৰু সিদ্ধান্তৰ বাবে শিৰোনাম দখল কৰি আছে। সেয়া অবৈধ অনুপ্ৰৱেশকাৰীৰ কথাই হওক বা আন দেশৰ ওপৰত শুল্ক আৰোপ কৰাৰ কথাই হওক। প্ৰতিদিনেই বিভিন্ন কথা লৈ শিৰোনামত থাকে। তেওঁৰ দ্বিতীয় কাৰ্যকালত ট্ৰাম্প প্ৰশাসনে ১৭০০ৰো অধিক ভাৰতীয় নাগৰিকক বিতাড়ন কৰিছে। এই সংখ্যা বাইডেন চৰকাৰৰ তুলনাত তিনিগুণতকৈও অধিক।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালত আমেৰিকাৰ পৰা ভাৰতীয়ক বিতাড়নৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। বৰ্তমানৰ চৰকাৰ আৰু পুৰণি চৰকাৰৰ তুলনা কৰিলে এই সংখ্যা তিনিগুণতকৈও বেছি। ছমাহৰ ভিতৰতে ১৭০৩ জন লোকক আমেৰিকাৰ পৰা ভাৰতলৈ ঘূৰাই পঠিওৱা হৈছে।

প্ৰতিদিনে ৮ জন ভাৰতীয়ক বিতাড়িত কৰা হৈছে

২০২৫ চনৰ জানুৱাৰী মাহত ড’নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছত আমেৰিকাৰ পৰা ভাৰতীয় নাগৰিকক বিতাড়নৰ ঘটনা বৃদ্ধি পাইছে। যিটো বাইডেন প্ৰশাসনৰ দিনত দেখা পোৱা দৈনিক গড়ৰ প্ৰায় তিনিগুণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি চলিত বৰ্ষত মাত্ৰ চাৰে ছমাহৰ ভিতৰতে ১৭০৩ জন ভাৰতীয়ক বিতাড়িত কৰা হৈছে। যিটো গড় হিচাপত প্ৰতিদিনে প্ৰায় আঠটা, আনহাতে ২০২০ চনৰ জানুৱাৰীৰ পৰা ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত গড়ে প্ৰতিদিনে তিনিজন। এই উত্থান যোৱা চাৰে পাঁচ বছৰত ভাৰতীয় বিতাড়নৰ প্ৰায় এক চতুৰ্থাংশ, যিটো মুঠ ৭,২৪৪ জন।

অনিয়মৰ ক্ষেত্ৰত আমেৰিকা কঠোৰ

ইফালে ভিছাধাৰীক সতৰ্কবাণী জাৰি কৰিছিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে। তাত কোৱা হৈছে, “আমি ভিছাধাৰীসকলক অহৰহ পৰীক্ষা কৰি চাওঁ যে তেওঁলোকে আমেৰিকাৰ সকলো আইন আৰু অনুপ্ৰৱেশৰ নিয়ম মানি চলিছে নেকি।”

ভাৰতীয়ক কেতিয়া বিতাড়িত কৰা হৈছিল?

চলিত বৰ্ষত এতিয়ালৈকে ১৭০৩টা বিতাড়নৰ ভিতৰত ৮৬৪ জন ব্যক্তিক আমেৰিকাৰ বিভিন্ন সংস্থাই আয়োজন কৰা চাৰ্টাৰ আৰু সামৰিক বিমানেৰে ঘূৰাই পঠিওৱা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৫, ১৫ আৰু ১৬ ফেব্ৰুৱাৰীত সামৰিক বিমানযোগে ৩৩৩ জন ভাৰতীয়ক উভতাই পঠিয়াইছিল।১৯ মাৰ্চ, ৮ জুন আৰু ২৫ জুনত ২৩১ জন ভাৰতীয়ক আইচিই চাৰ্টাৰ বিমানেৰে বিতাড়িত কৰা হৈছিল। ৫ আৰু ১৮ জুলাইত আৰু ৩০০ ভাৰতীয়ক বিতাড়িত কৰিছে গৃহ নিৰাপত্তা বিভাগে।

আমেৰিকাই অবৈধ অনুপ্ৰৱেশকাৰীক যিদৰে লক্ষ্য কৰি লৈছে, তাৰ ওপৰত বহু দেশে আপত্তি কৰিছে। ইয়াৰ পিছত ট্ৰাম্পৰ স্থিতি স্পষ্ট যে তেওঁ কোনো অবৈধ অনুপ্ৰৱেশকাৰীক আমেৰিকাত থাকিবলৈ নিদিয়ে।