টোপনিৰ অভাৱৰ বাবে দেহত হ’ব পাৰে এনে ক্ষতি

2 August 2025

TV9 ASSAM

এক সুস্থ দেহ আৰু মনৰ বাবে টোপনি অত্যন্ত গুৰুত্বপূৰ্ণ।  বিশেষজ্ঞসকলে কয় যে সুস্থ হৈ থাকিবলৈ দিনটোত কমেও ৭-৮ ঘণ্টা শুব লাগে।

টোপনি

টোপনিয়ে শৰীৰ আৰু মনক প্ৰয়োজনীয় বিশ্ৰাম আৰু শক্তিৰে ভৰাই তোলে। পিছে নিশা ভালদৰে নুশুলে বা টোপনি ভাল নহ’লে স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰে জানেনে?

টোপনিৰ অভাৱ

টোপনিৰ অভাৱে ঘ্ৰেলিন আৰু লেপ্টিন হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰে। ফলত আপোনাৰ উচ্চ কেলৰি আৰু মিঠা খাদ্য খোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। এনে পৰিস্থিতিত ওজন বৃদ্ধি পায়।

ওজন বৃদ্ধি

টোপনিৰ অভাৱে শৰীৰৰ ইনচুলিন ব্যৱহাৰৰ ক্ষমতাও হ্ৰাস কৰে। ফলত তেজত চেনি বা গ্লুক’জৰ মাত্ৰা বৃদ্ধি পাব পাৰে আৰু সময়ত ই টাইপ-২ ডায়েবেটিছলৈ পৰিণত হ’ব পাৰে।

টাইপ-২ ডায়েবেটিছ

অনিয়মিত টোপনিয়ে হৃদযন্ত্ৰৰ শ্বাস-প্ৰশ্বাসতন্ত্ৰ দুৰ্বল কৰি তুলিব পাৰে। ফলত উচ্চ ৰক্তচাপ, কৰ্টিছল হৰম’নৰ মাত্ৰা আৰু প্ৰদাহ বৃদ্ধি পায়। এইদৰে নানা হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

হৃদৰোগৰ আশংকা

টোপনিৰ সময়ত শৰীৰে সংক্ৰমণ আৰু প্ৰদাহৰ বিৰুদ্ধে যুঁজ দিয়া চাইট’কাইন নিৰ্গত কৰে। টোপনিৰ অভাৱত চাইট’কাইনৰ উৎপাদন হ্ৰাস পায়। ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয়।

ৰোগ প্ৰতিৰোধ ক্ষমতা

কম টোপনিয়ে শৰীৰৰ ডি এন এ মেৰামতি আৰু কোষ বিভাজনত ব্যাঘাত জন্মায়। ইয়াৰ লগতে মেলাটনিন হৰম’নৰ অভাৱো দেখা দিয়ে, ফলত কিছুমান বিশেষ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

কৰ্কট ৰোগৰ আশংকা

পঢ়িবলৈ ক্লিক কৰক 

দাঁতত ৰং ধৰাৰ কাৰণ হ'ব পাৰে এইসমূহ সামগ্রী