শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

India-Pakistan News LIVE: এটা নিশাতে ত্ৰিভুৱন দেখিলে পাকিস্তানে! প্ৰতিৰক্ষা মন্ত্ৰালয়ত ডাঙৰ বৈঠক

India Pakistan War News LIVE Updates in Assamese: ভাৰতৰ প্ৰতিশোধমূলক কাৰ্যক লৈ পাকিস্তানে কঁপি উঠিছে। বহু চহৰত বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে। ইফালে পাকিস্তানৰ ৬খন চহৰৰ ওপৰত ভাৰতে প্রতিশোধ লৈছে। লাহোৰ, ইছলামবাগ, কৰাচী, চিয়ালকোট, বাহাৱালপুৰ আৰু পেছাৱৰত ভয়ংকৰ আক্ৰমণ।

barasha-misra
Barasha Misra | Updated On: 09 May 2025 16:16 PM
India-Pakistan News LIVE: এটা নিশাতে ত্ৰিভুৱন দেখিলে পাকিস্তানে! প্ৰতিৰক্ষা মন্ত্ৰালয়ত ডাঙৰ বৈঠক
পাকিস্তানে নিশা ভাৰতত আক্ৰমণ কৰাৰ ফলত দুয়োখন দেশৰ মাজত উত্তেজনা

LIVE NEWS & UPDATES

  • 09 May 2025 04:14 PM (IST)

    নিশা ভাগ্য নিৰ্ণয় হ’ব পাকিস্তানৰ!

    নিশা পাকিস্তানৰ ভাগ্য নিৰ্ণয় হ’ব, আই এম এফৰ পুঁজিৰ সন্দৰ্ভত লোৱা হ’ব সিদ্ধান্ত। পাকিস্তানে IMF ৰ পৰা ১১ হাজাৰ কোটি টকাৰ ঋণ বিচাৰিছে। IMFত পাকিস্তানক ঋণ দিয়াৰ বিৰোধিতা কৰিব ভাৰতে।

  • 09 May 2025 03:37 PM (IST)

    পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ অৰ্থহীন বক্তব্য

    পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে এটা অৰ্থহীন বক্তব্য কৰি কয় যে, কালি যি ড্ৰোন আক্ৰমণ সংঘটিত হৈছিল সেয়া আমাৰ স্থান ধৰা পেলাবলৈ কৰা হৈছিল। এইটো এটা কাৰিকৰী কথা, মই বুজাব নোৱাৰো। আমাৰ স্থান যাতে লিক নহয় তাৰ বাবে ইয়াক বাধা দিয়া হোৱা নাছিল।

  • 09 May 2025 03:06 PM (IST)

    পাকিস্তানে নিজৰ বন্দুক বন্ধ কৰিব লাগে, ইয়াৰ কোনো লাভ নহ’ব: ওমৰ আব্দুল্লা

    ওমৰ আব্দুল্লাই কয়, আটাইতকৈ ডাঙৰ কথাটো হ’ল পাকিস্তানে সাধাৰণ নাগৰিকক লক্ষ্য কৰি ল’বলৈ চেষ্টা কৰিছিল। তেওঁলোকে জম্মুত ড্ৰোন ব্যৱহাৰ কৰিছিল। কিন্তু শ্ৰেয় আমাৰ প্ৰতিৰক্ষা বাহিনীলৈ যায়, তেওঁলোকে সকলো ড্ৰোন ধ্বংস কৰি পেলায়।

  • 09 May 2025 02:51 PM (IST)

    পুঞ্চৰ পৰিস্থিতি গুৰুতৰ, জম্মুত আহত আটাইকেইজন পুঞ্চৰঃ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা

    জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয় যে, পুঞ্চত যথেষ্ট ক্ষতি হৈছে। পুঞ্চত সৰ্বাধিক হতাহতি আৰু সৰ্বাধিক আহত লোক সংঘটিত হৈছে।

  • 09 May 2025 02:30 PM (IST)

    অসমৰ মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত

    কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সম্পূৰ্ণ কৰিব ৪ বছৰ। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ কোনো উদযাপন নকৰে চৰকাৰে। সামাজিক মাধ্যত X ত জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • 09 May 2025 02:07 PM (IST)

    পাঠানকোটত উদ্ধাৰ ড্ৰ’ন

    পাঠানকোটৰ কৰোলি গাঁৱৰ সমীপত উদ্ধাৰ হৈছে এখন ড্ৰোন। সেই ড্ৰোনখন সেনাই জিম্মাত লৈছে। সমগ্ৰ অঞ্চলটোত অভিযান চলি আছে।

  • 09 May 2025 01:49 PM (IST)

    স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই স্বাস্থ্য সুবিধাসমূহৰ বিষয়ে পৰ্যালোচনা কৰে

    বৈঠকত সমগ্ৰ দেশৰ সকলো চিকিৎসালয় আৰু স্বাস্থ্য সুবিধাৰ পৰ্যালোচনা কৰা হয়।

  • 09 May 2025 01:35 PM (IST)

    সকলো স্বাস্থ্যসেৱা কৰ্মচাৰীৰ ছুটী বাতিল কৰক… স্বাস্থ্যমন্ত্ৰী নাড্ডাৰ নিৰ্দেশ

    কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই বৈঠকত কয় যে, সকলো স্বাস্থ্যসেৱা কৰ্মচাৰীয়ে ছুটী বাতিল কৰি কামলৈ ঘূৰি আহিব লাগে। ভাৰত-পাকিস্তান সীমান্তৰ সমীপৰ সকলো ব্যক্তিগত আৰু চৰকাৰী চিকিৎসালয়ক সষ্টম কৰি দিয়া হৈছে। এই বৈঠকত সকলো ফাৰ্মা কোম্পানীৰ চিইঅ’ আৰু চিএমডি উপস্থিত আছিল।

  • 09 May 2025 01:07 PM (IST)

    দিল্লীত ৩ বজাত চাইৰেনৰ পৰীক্ষামূলক অনুশীলন

    দিল্লীত ৩ বজাত চাইৰেনৰ পৰীক্ষামূলক অনুশীলন। অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয়ৰ তৰফৰ পৰা সংস্থাপন কৰা হ’ব চাইৰেন।

  • 09 May 2025 12:42 PM (IST)

    আজি দিল্লীত ইখনৰ পিছত সিখন বৈঠক

    কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত আজি সন্ধিয়া বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ চাইবাৰ নিৰাপত্তাৰ প্ৰস্তুতিৰ ওপৰত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ’ব। একে সময়তে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই সমগ্ৰ দেশৰ সকলো চিকিৎসালয় আৰু স্বাস্থ্য সুবিধাৰ পৰ্যালোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰিব।

  • 09 May 2025 12:33 PM (IST)

    BSF আৰু CISF ৰ DG এ সাক্ষাৎ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহক

    গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব বিএছএফৰ ডিজি দলজিৎ চৌধুৰীয়ে। একে সময়তে ডিজি চিআইএছএফেও গৃহমন্ত্ৰীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিব।

  • 09 May 2025 12:19 PM (IST)

    পিছুৱাব পাৰে IPL 2025

    ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে পিছুৱাব পাৰে আই পি এল ২০২৫। সূত্ৰ অনুসৰি বিচিচিআইয়ে শীঘ্ৰে বিতং তথ্য প্ৰকাশ কৰিব।

  • 09 May 2025 12:05 PM (IST)

    বিশ্ব ক্ৰিকেটত পৰিব পাৰে বিৰূপ প্ৰভাৱ

    ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাই এতিয়া ক্ৰিকেটতো প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। ক্ৰিকেট প্ৰেমীসকলে হয়তো আৰু ভাৰত আৰু পাকিস্তানৰ মাজত খেল চাব নোৱাৰিব। যদি এনেকুৱা হয় তেন্তে ইয়াৰ প্ৰভাৱ বিশ্ব ক্ৰিকেটত অতি বেয়া হ’ব।

  • 09 May 2025 11:37 AM (IST)

    জম্মুত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা, BSF -এ ৭ জনৰ কাঢ়িলে প্ৰাণ

    ৮ আৰু ৯ মে’ৰ নিশা জম্মুৰ চাম্বা ছেক্টৰত সন্ত্ৰাসবাদীৰ এটা বৃহৎ দলে অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল, যিটো ধৰা পৰিছে। এই অনুপ্ৰৱেশৰ প্ৰচেষ্টাক পাক ৰেঞ্জাৰৰ গুলীচালনাৰ দ্বাৰা সমৰ্থন পাইছিল।

  • 09 May 2025 11:21 AM (IST)

    ভাৰতৰ আকাশত পাকিস্তানৰ আক্ৰমণ বিফল

    ভাৰতৰ আকাশত প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰই বিফল কৰিলে পাকিস্তানৰ আক্ৰমণ। ভাৰতীয় সেনা আৰু বায়ুসেনা দুয়োটাৰে পাকিস্তান সীমান্তত ক্ষেপণাস্ত্ৰ ব্যৱস্থা আছে।

  • 09 May 2025 11:11 AM (IST)

    ১৪৯ খন বিমান বাতিল

    পাকিস্তানৰ বিমানবন্দৰত বিশৃংখল পৰিস্থিতি। সমগ্ৰ দেশৰ কৰাচী, লাহোৰ, ইছলামবাগকে ধৰি সকলো বিমানবন্দৰতে সমস্যাৰ সৃষ্টি। আজি বিভিন্ন বিমানবন্দৰৰ পৰা মুঠ ১৪৯খন বিমান বাতিল কৰা হৈছে।

     

  • 09 May 2025 10:38 AM (IST)

    প্ৰতিৰক্ষা মন্ত্ৰালয়ত ডাঙৰ বৈঠক

    প্ৰতিৰক্ষা মন্ত্ৰালয়ত অনুষ্ঠিত হৈছে বৈঠক। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এই বৈঠকত চিডিএছ আৰু তিনিওটা সেনাৰ মুৰব্বী উপস্থিত থাকে।

  • 09 May 2025 10:14 AM (IST)

    ভাৰতীয় বায়ুসেনাই দিলে জোখ-মাখ আৰু উত্তম উত্তৰ

    পাকিস্তানৰ আক্ৰমণ সন্দৰ্ভত ভাৰতীয় বায়ুসেনাই এক বিবৃতি প্ৰকাশ কৰিছে। বায়ু প্ৰতিৰক্ষা আৱৰণৰ জৰিয়তে ৰাইজৰ সুৰক্ষা সুনিশ্চিত হৈছে। যোৱা নিশা CUAS, Pechora, SAMAR আৰু AD বন্দুক ব্যৱহাৰ কৰা হয়। আমি (ভাৰতীয় বায়ুসেনা) জোখ-মাখ আৰু সঠিক উত্তৰক সঁহাৰি জনাইছোঁ।

  • 09 May 2025 09:59 AM (IST)

    ভাৰতৰ প্ৰতিশোধমূলক কাৰ্যৰ বাবেই পাকিস্তানত আতংক বিয়পি পৰে

    পাকিস্তানৰ বিমান অনুপ্ৰৱেশ বিফল কৰাৰ পিছত ভাৰতে গ্ৰহণ কৰা প্ৰতিশোধমূলক ব্যৱস্থাই পাকিস্তানৰ সিন্ধু আৰু পঞ্জাৱত অৱস্থিত সকলো চাউনীতে আতংক বিয়পাই দিয়ে। বৰ্তমান সময়ত পাকিস্তানৰ সামৰিক শিবিৰত বৃহৎ পৰিসৰৰ লোকক উলিওৱাৰ কাম চলি আছে।

  • 09 May 2025 09:39 AM (IST)

    চণ্ডীগড়ত বিমান আক্ৰমণৰ সতৰ্কবাণী, বাজি উঠিল চাইইৰেন

    চণ্ডীগড়ত জাৰি কৰিছে এলাৰ্ট। বাজি উঠিছে চাইৰেন, প্ৰশাসনে ঘৰতে থাকিবলৈ কয় ৰাইজক।

  • 09 May 2025 09:01 AM (IST)

    অসমত সকলো বিহু অনুষ্ঠান বাতিল

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অসমত ১০ মে’ৰ পিছৰ পৰা সকলো বিহু অনুষ্ঠান বাতিল। যুদ্ধকালীন পৰিস্থিতিৰ বাবে এই ঘোষণা মুখ্যমন্ত্ৰীৰ।

  • 09 May 2025 08:52 AM (IST)

    পাকিস্তানৰ গুলীচালনাৰ ফলত জম্মু-কাশ্মীৰৰ যথেষ্ঠ ক্ষতি

    যোৱা নিশা জম্মু-কাশ্মীৰৰ এখন সীমান্তৱৰ্তী গাঁৱত পাকিস্তানে প্ৰচণ্ড গোলাবৰ্ষণত ঘৰ-দুৱাৰৰ লগতে দোকান-পোহাৰৰ যথেষ্ঠ ক্ষতিসাধন হৈছে।

  • 09 May 2025 08:34 AM (IST)

    আজি পুৱা ৪ বজাতো পাকিস্তানে পঠিয়াইছিল ড্ৰোন , সকলোবোৰ ধ্বংস কৰে

    প্ৰতিৰক্ষা সূত্ৰই প্ৰকাশ কৰা মতে, আজি পুৱা ৪ বজাৰ পিছত পাকিস্তানে পুনৰ ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছিল যদিও এইবাৰো ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সকলোবোৰ নিষ্ক্ৰিয় কৰি পেলায়। ইয়াৰ পূৰ্বে নিশা পাকিস্তানৰ পৰা ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা কৰা হৈছিল।

  • 09 May 2025 08:15 AM (IST)

    পশ্চিম সীমান্তত পাকিস্তানৰ আক্ৰমণ, ভাৰতে দিলে উপযুক্ত উত্তৰ : ভাৰতীয় সেনা

    ভাৰতীয় সেনাই পাকিস্তানৰ আক্ৰমণ সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি কয় যে, ৮ আৰু ৯ মে’ৰ নিশা সমগ্ৰ পশ্চিম সীমান্তত পাকিস্তানী সশস্ত্ৰ বাহিনীয়ে ড্ৰ’ন আৰু অন্যান্য অস্ত্ৰ ব্যৱহাৰ কৰি কেইবাটাও আক্ৰমণ চলাইছিল। ইয়াৰ সমান্তৰালকৈ জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সৈন্যই কেইবাবাৰো উলংঘা কৰিছিল। ড্ৰ’ন আক্ৰমণ বিফল কৰা হৈছিল আৰু উপযুক্ত উত্তৰ দিয়া হৈছে।

  • 09 May 2025 08:01 AM (IST)

    ভাৰতে মুকলি কৰিলে ছালাল বান্ধৰ বহু গেট

    জম্মু-কাশ্মীৰৰ ৰিয়াছিত চেনাব নদীত নিৰ্মিত ছালাল বান্ধৰ কেইবাখনো দুৱাৰ মুকলি কৰিছে ভাৰতে।

  • 09 May 2025 07:40 AM (IST)

    কৰাচী পালে তুৰস্কৰ কাৰ্গো বিমান

    ভাৰতৰ প্ৰতিশোধমূলক আক্ৰমণৰ মাজতে তুৰস্কৰ কাৰ্গো বিমানখনে কৰাচীত উপস্থিত। এই বিমানখনে ভিয়েটনামৰ পৰা উৰা মাৰিছিল। পাকিস্তান আৰু তুৰস্ক দুয়োখন দেশে এই বিমান সন্দৰ্ভত তথ্য গোপনীয় কৰি ৰাখিছে।

  • 09 May 2025 07:33 AM (IST)

    ঘৰতে থাকক… অমৃতসৰত পুনৰ বাজি উঠিল এয়াৰ এটেক এলাৰ্ট চাইৰেন

    কিছু সময়ৰ আগতে অমৃতসৰত পুনৰ শুনা গ’ল এয়াৰ এটেক এলাৰ্ট চাইৰেন। একে সময়তে মানুহক ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছে।

  • 09 May 2025 07:25 AM (IST)

    ভাৰতে ৫০ খনতকৈও অধিক পাকিস্তানী ড্ৰোন ধ্বংস কৰে

    যোৱা নিশা পাকিস্তানে LoC আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ একাধিক স্থানলৈ একেলগে বহু ড্ৰ’ন প্ৰেৰণ কৰে। যিবোৰ ড্ৰ’ন বিফল কৰে ভাৰতীয় সেনাই। উধামপুৰ, চাম্বা, জম্মু, আখনূৰ, নগ্ৰোটা আৰু পাঠানকোটত থকা ভাৰতীয় সেনাৰ এয়াৰ ডিফেন্স ইউনিটে যথেষ্ঠ কাউণ্টাৰ ড্ৰ’ন অভিযান চলাই ৫০খনতকৈও অধিক ড্ৰ’ন ধ্বংস কৰে। এই সংঘৰ্ষত এল-৭০ বন্দুক, জু-২৩ মিমি, শিল্কা ব্যৱস্থা আৰু অন্যান্য উন্নত কাউণ্টাৰ ইউএএছ সঁজুলিৰ ব্যৱহাৰ কৰা হৈছিল। য’ত সেনাৰ শক্তিশালী ক্ষমতা প্ৰদৰ্শন কৰা হৈছিল।

  • 09 May 2025 07:18 AM (IST)

    আমেৰিকাই নকৰে হস্তক্ষেপ

    ভাৰত-পাকিস্তান বিষয়ত আমেৰিকাই হস্তক্ষেপ নকৰে বুলি মন্তব্য কৰিছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে। তেওঁ কয় যে আমি দুয়োখন দেশকে অস্ত্ৰ-শস্ত্ৰ ৰাখিবলৈ ক’ব নোৱাৰো, ইয়াৰ লগত আমেৰিকাৰ কোনো সম্পৰ্ক নাই। আশাকৰোঁ কোনো পাৰমাণৱিক যুদ্ধ নহওক।

অব্যাহত আছে ভাৰত-পাকিস্তানৰ মাজত সংঘাত। বৃহস্পতিবাৰে পাকিস্তানে ভাৰতৰ কেইবাখনো ঠাইত ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ চেষ্টা চলাই, যি ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ধ্বংস কৰি পেলায়। ইয়াৰ পাছতে ভাৰতে প্ৰতিশোধমূলক প্ৰত্যাক্ৰমণ চলাই পাকিস্তানৰ কেইবাখনো চহৰত মিছাইল নিক্ষেপ কৰে। ইফালে ভাৰতীয় নৌ সেনাইও কৰে আক্ৰমণ।

Published On - May 09,2025 7:17 AM