পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? 

9 May 2025

TV9 ASSAM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত ভাৰতে আমেৰিকা, ইজৰাইল, ৰাছিয়াৰ দৰে দেশৰ পৰা সমৰ্থন লাভ কৰিছে।

ভাৰতে কাৰ সমৰ্থন পালে?

একে সময়তে পাকিস্তানৰ সমৰ্থনত তিনিখন দেশ আছে য’ত ভাৰতীয়সকলে ভ্ৰমণ কৰি ভাল পায়।

ভাৰতীয়ৰ ভ্ৰমণ 

পাকিস্তানৰ সমৰ্থনত আগবাঢ়ি অহা এই দেশসমূহ হ’ল তুৰস্ক, আজাৰবাইজান আৰু মালয়েছিয়া।

পাকিস্তানৰ সমৰ্থনকাৰী দেশ

আজাৰবাইজান পৰ্যটন ব’ৰ্ডৰ তথ্য অনুসৰি ২০২৪ চনত তালৈ যোৱা ভাৰতীয় পৰ্যটকৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে।

ভাৰতীয় পৰ্যটকৰ সংখ্যা

২০২৪ চনত আজাৰবাইজানত ভাৰতীয় পৰ্যটকৰ সংখ্যা ২৪৩,৫৮৯ জন, যিটো ২০২৩ চনৰ তুলনাত ১০৮ শতাংশ বৃদ্ধি পাইছে।

সংখ্যা কিমান?

২০২৪ চনত তুৰস্কৰ পৰ্যটন ৰাজহ ৬১.১ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। যিটো পূৰ্বৰ বছৰৰ তুলনাত ৮.৩ শতাংশ বৃদ্ধি। তালৈ যোৱা ভাৰতীয় পৰ্যটকৰ সংখ্যা ২০.৭ শতাংশ বৃদ্ধি পাইছে।

তুৰস্কত পৰ্যটন

মালয়েছিয়া চৰকাৰে ভাৰতীয় নাগৰিকৰ বাবে ভিছা ৰেহাইৰ ম্যাদ ২০২৬ চনৰ ৩১ ডিচেম্বৰলৈকে বৃদ্ধি কৰিছে ।২০২৩ চনত মালয়েছিয়া ভ্ৰমণ কৰা ভাৰতীয়ৰ সংখ্যা ৭১.৭ শতাংশ বৃদ্ধি পাই ১,০০৯,১১৪ জন হৈছে।

মালয়েছিয়াত ভাৰতীয় পৰ্যটক

চাবলৈ ক্লিক কৰক 

এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়?