শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কাইলৈ চাৰি বছৰ সম্পূৰ্ণ কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, কোনো ধৰণৰ অনুষ্ঠান আয়োজন নকৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম এক্স হেণ্ডেলত কয় যে, ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানৰ ৰাজ্য চৰকাৰখনে চাৰি বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে কোনো ধৰণৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা নহয় । আনুষ্ঠানিক কাৰ্যসূচী হিচাপে এখন মাত্র সংবাদ মেল অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ ।

কাইলৈ চাৰি বছৰ সম্পূৰ্ণ কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, কোনো ধৰণৰ অনুষ্ঠান আয়োজন নকৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ
হিমন্ত বিশ্ব শৰ্মাImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 09 May 2025 16:14 PM

কাইলৈ তথা ১০ মে’ত ৪ বছৰ সম্পূৰ্ণ কৰিব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে । কিন্তু এই উপলক্ষে কোনো ধৰণৰ অনুষ্ঠানৰ আয়োজন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে । অব্যাহত থকা ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে যে, ১০ মে’ত বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালৰ চাৰি বছৰ সম্পূৰ্ণ হ’ব। এই উপলক্ষে উদযাপনৰ কোনো বিশেষ অনুষ্ঠান নাথাকিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম এক্স হেণ্ডেলত কয় যে, ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানৰ ৰাজ্য চৰকাৰখনে চাৰি বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে কোনো ধৰণৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা নহয় । তেওঁ কয়, “বৰ্তমানৰ ৰাজ্য চৰকাৰখনে কাইলৈ চাৰিটা বৰ্ষ সম্পূৰ্ণ কৰিব। আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে, কাইলৈ এই দিনটোক কোনোধৰণৰ বিশেষ অনুষ্ঠানৰ আয়োজনেৰে উদযাপন কৰা নহয়। আনুষ্ঠানিক কাৰ্যসূচী হিচাপে এখন মাত্র সংবাদ মেল অনুষ্ঠিত কৰা হ’ব।”


যিহেতু একমাত্ৰ চৰকাৰী অনুষ্ঠান হিচাপে সংবাদমেল অনুষ্ঠিত কৰা হ’ব, সেই সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ কাৰ্যকালত গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰাৰ সম্ভাৱনা আছে ।

ইফালে, ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে ভুৱা বাতৰি প্ৰত্যাখ্যান কৰি চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয়, “যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত একত্ৰিত হৈ আছে, গতিকে দায়িত্বশীল নাগৰিক হিচাপে ভুৱা বাতৰি প্ৰত্যাখ্যান কৰক আৰু সশস্ত্ৰ বাহিনীক উপলুঙা কৰিবলৈ চেষ্টা কৰাসকলক REPORT কৰক ।” ইয়াৰ লগতে চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।