শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইফালে অপাৰেশ্যন সেন্দূৰ, আনফালে মহাকাশত ভাৰতৰ দুই উপগ্ৰহৰ মাজত যুঁজ! ইছৰ’ৱে দিলে ডাঙৰ সংকেত

মহাকাশত ইছৰোৰ উপগ্ৰহৰ মাজত যুঁজ। স্তম্ভিত হৈ পৰিল চীন আৰু আমেৰিকা মহাকাশৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ দেখুৱালে ইছৰ'ৱে । এই পদ্ধতিটো অত্যন্ত জটিল, আৰু পৃথিৱীৰ মাত্ৰ মুষ্টিমেয় দেশৰহে পৃথিৱীৰ পৰা শ শ কিলোমিটাৰ দূৰত্বত ইমান নিখুঁতভাৱে উপগ্ৰহ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে। 

ইফালে অপাৰেশ্যন সেন্দূৰ, আনফালে মহাকাশত ভাৰতৰ দুই উপগ্ৰহৰ মাজত যুঁজ! ইছৰ’ৱে দিলে ডাঙৰ সংকেত
মহাকাশত ভাৰতৰ দুই উপগ্ৰহৰ মাজত যুঁজ!
trishna-kalita
Trishna Kalita | Updated On: 09 May 2025 13:36 PM

এফালে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে PoK আৰু পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত ‘অপাৰেশ্যন সেন্দূৰ’ চলাই থকাৰ সময়তে ইছৰোৱেও দিলে ডাঙৰ খবৰ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই কয়, ইছৰোৰ উপগ্ৰহসমূহ দেখা দিছে আকাশত ।  অৱশ্যে সেয়া খেল নহয়, ‘চেটেলাইট ডগফাইট’হে। অৰ্থাৎ চন্দ্ৰযান ৩ৰ পৰা আদিত্য এল-১লৈকে মহাকাশত ভাৰতৰ আধিপত্য অব্যাহত আছে ভাৰত।

আচলতে বিশ্বৰ প্ৰধান দেশসমূহে এতিয়া মহাকাশলৈ উপগ্ৰহ প্ৰেৰণৰ বাবে ইছৰ’ৰ কাষ চাপিছে। কাৰণ এতিয়া চিনেমা নিৰ্মাণতকৈ বহু কম খৰচত মহাকাশলৈ উপগ্ৰহ প্ৰেৰণ কৰিবলৈ সাজু হৈছে ইছৰো। ইছৰোৱে মহাকাশত এনে এক কৃতিত্ব অৰ্জন কৰিছে যাৰ বাবে ধোকে ধোকে পানী খাইছে পাকিস্তানেও। পৃথিৱীৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ দূৰত্বত মহাকাশত  নিজৰ এই কৃতিত্ব প্ৰদৰ্শন কৰিলে ভাৰতৰ ইছৰোৰ উপগ্ৰহই। ইছৰোৰ দুটা উপগ্ৰহ লিপ্ত হয় ‘চেটেলাইট ডগফাইট’ত। যাৰ গতিবেগ আছিল ঘণ্টাত ২৯ হাজাৰ কিলোমিটাৰ। ইয়াৰ পূৰ্বে মাৰ্চ মাহত চীনৰ এযোৰ উপগ্ৰহে এই কৃতিত্ব অৰ্জন কৰিছিল। সেই সময়ত আমেৰিকাই ইয়াক মহাকাশত “যুদ্ধ অনুশীলন” বুলি অভিহিত কৰিছিল।

এই চেটেলাইট ডগফাইট কি?

যদিও শুনিবলৈ সহজ, আচলতে ই এক অতি জটিল বিষয়। মহাকাশৰ ভাষাত ডগফাইট হ’ল দুটা উপগ্ৰহৰ মাজত তীব্ৰবেগী কৌশল বা খেল। মহাকাশত “যুদ্ধ অনুশীলন”ৰ পৰা এই শব্দটো আহিছে। কেতিয়াবা দুখন যুঁজাৰু বিমানে আকাশত বিভিন্ন খেন দেখায়। উদাহৰণস্বৰূপে, আমাৰ গণৰাজ্য দিৱসত বায়ুসেনাৰ যুঁজাৰু বিমানবোৰে আকাশত ৰঙৰে ত্ৰিৰংগ পতাকা অংকণ কৰে -এয়াও ঠিক তেনেকুৱাই। মহাকাশত দুটা উপগ্ৰহে নিয়ন্ত্ৰিতভাৱে ইটোৱে সিটোৰ লগত বিভিন্ন ‘খেল’ খেলে। কেতিয়াবা তীব্ৰ বেগত ওপৰলৈ যায়, আৰু কেতিয়াবা অতি ওচৰলৈ আহি আনটোত খুন্দা নোখোৱাকৈ উভতি আহে। আচলতে ইয়াৰ দ্বাৰা দেখিবলৈ পাওঁ যে নিজ নিজ দেশৰ মহাকাশ কেন্দ্ৰই সেই উপগ্ৰহ দুটা কিমান ভালদৰে নিয়ন্ত্ৰণ কৰিব পাৰে। সেই নিয়ন্ত্ৰণৰ ওপৰত ভাৰতে নিজৰ সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদৰ্শন কৰিছিল। ঘণ্টাত ২৯ হাজাৰ কিলোমিটাৰ বেগত মহাকাশত ইছৰোৰ দুটা ‘চেটেলাইট ডগফাইট’ত লিপ্ত হয়।

SPEDX অভিযানত ব্যৱহৃত ISROৰ দুটা উপগ্ৰহ SDX-01 আৰু SDX-02 য়ে এই কৃতিত্ব প্ৰদৰ্শন কৰিছিল। যদিও এই ‘চেটেলাইট ডগফাইট’ মূল মিছনৰ লক্ষ্য নাছিল। কিন্তু এই ডগফাইট, মিছনৰ পৰা বাকী থকা ইন্ধন ব্যৱহাৰ কৰি, ভৱিষ্যতে ডকিং, ইন্ধন ভৰোৱা, আনকি আত্মৰক্ষাৰ ক্ষেত্ৰতো উপগ্ৰহসমূহ কিমান কাৰ্যক্ষম হ’ব সেয়া চাবলৈ কৰা হৈছিল। এই পদ্ধতিটো অত্যন্ত জটিল, আৰু পৃথিৱীৰ মাত্ৰ মুষ্টিমেয় দেশৰহে পৃথিৱীৰ পৰা শ শ কিলোমিটাৰ দূৰত্বত ইমান নিখুঁতভাৱে উপগ্ৰহ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে। এইবাৰ ইছৰোৱেও সেই অভিজাত তালিকাত নিজৰ নাম সংযোজন কৰিছে। আৰু সেয়া সেই সময়ত যেতিয়া ভাৰতীয় সেনাই পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটি উভালি পেলাবলৈ অপাৰেশ্যন সেন্দূৰ চলাই আছে। ইয়াৰ পাছত Sindoor 2.0 ৰ বাবেও প্ৰস্তুতিও অব্যাহত আছে।